নিউজ ডেস্ক, ২০ মাৰ্চ: বুধবাৰে ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে তেলেংগানাৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে । তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আলোক আৰাধেই ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত চি পি ৰাধাকৃষ্ণনক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৷ এই শপত গ্ৰহণ অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয়, তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, তেওঁৰ কেবিনেট সতীৰ্থ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
ইফালে অনুষ্ঠানত মুখ্য সচিব শান্তি কুমাৰীয়ে ৰাষ্ট্ৰপতিয়ে জাৰি কৰা নিযুক্তি পৰোৱানা পাঠ কৰে, য’ত ঝাৰখণ্ডৰ ৰাজ্যপালক তেওঁৰ কৰ্তব্যৰ উপৰিও তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ কাম-কাজ পালন কৰিবলৈ নিযুক্তি দিয়া হৈছে । মুখ্য ন্যায়াধীশে নিযুক্তি পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে ।
উল্লেখ্য যে, তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপাল তামিলি ছাই সৌন্দৰ্যৰাজনে তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ পিচতে ৰাধাকৃষ্ণনক তেলেংগানাৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হয় । ৰাষ্ট্ৰপতি ভৱনৰ বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে তেলেংগানাৰ ৰাজ্যপাল তামিলি ছাই সৌন্দৰ্যৰাজনৰ পদত্যাগ গ্ৰহণ কৰে ।
লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাধাকৃষ্ণন তেলেংগানাৰ তৃতীয়গৰাকী ৰাজ্যপাল । ইয়াৰ পূৰ্বে এছ এল নৰসিংহ আৰু তামিলি ছাই সৌন্দৰ্যৰাজন । তাৎপৰ্যজনকভাবে তেলেংগানাৰ তিনিওগৰাকী ৰাজ্যপাল তামিলনাডুৰ আছিল ৷ তেওঁ তামিলনাডুৰ কইম্বাটুৰ লোকসভা আসনৰ পৰা দুবাৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৬ চনৰ পৰা ২০১৯ চনলৈ তেওঁ সৰ্বভাৰতীয় কয়ৰ ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
সৌন্দৰ্যৰাজনে তেলেংগানাৰ লগতে পুডুচেৰীৰ উপ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ পদত্যাগ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে গ্ৰহণ কৰে । সৌন্দৰ্য ৰাজনে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তামিলনাডুৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । তামিলনাডু বিজেপিৰ মুৰব্বী কে আন্নমলাইৰ উপস্থিতিত আজি পুনৰ বিজেপিত যোগদান কৰে সৌন্দৰ্য ৰাজনে ।
লগতে পঢ়ক: মোদী কেবিনেটৰ পৰা পদত্যাগ পশুপতি কুমাৰ পাৰসৰ