ETV Bharat / bharat

অমনোযোগিতা নে অৱহেলা ? পাৰ্চেলত নাহিল আচাৰ, ৰেস্তোৰাঁৰ মালিকে গ্ৰাহকক দিবলগীয়া হ’ল ৩৫,০২৫ টকা - Denign pickle for parcel meal

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 7:47 PM IST

Updated : Jul 25, 2024, 7:58 PM IST

Denign pickle : মাত্ৰ এটা ভুল ! এটা ভুলেই পকেট খালী কৰিলে ৰেস্তোৰাঁৰ মালিকক ৷ ৮০ টকীয়া খাদ্যত কৰা অৱহেলাৰ বাবেই ৰেস্তোৰাঁৰ মালিকে গ্ৰাহকক দিবলগীয়া হ’ল ৩৫,০২৫ টকা ৷

Denign pickle
অমনোযোগিতা নে অবহেলা ? (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৫ জুলাই : ৰকম ৰকমৰ জুতিলগা খাদ্য ৷ তাতে যদি ভাললগা ৰেস্তোৰাঁ নাইবা হোটেলখনৰ হয় তেতিয়া আৰু কথাই নাই... মাত্ৰ খোৱাতহে বল ৷ কেতিয়াবা ভাললগা ৰেস্তোৰাঁ নাইবা হোটেলখনত বহি হয়তো আপুনি খাদ্যৰ জুতি লয়, আন কেতিয়াবা আকৌ প্ৰিয় খাদ্যবিধ অৰ্ডাৰ কৰি ঘৰতে আপোন মনেৰে খাই নিশ্চয় আপুনিও ভালপায় ৷

কিন্তু কেতিয়াবা আপুনি বাৰু মন কৰিছে নে যিখিনি খাদ্য অৰ্ডাৰ দিছে, সেই সকলোখিনি আপোনাৰ হাতত পৰিছেনে ? খাদ্যৰ নামত ৰেস্তোৰাঁ বা হোটেলখনে ধাৰ্য কৰা ধনৰাশি দিও কেতিয়াবা আপোনালৈ অহা পাৰ্চেলটোত খাদ্যৰ পৰিমাণ কম বা কোনো এবিধ খাদ্য কমকৈ আহে নেকি ? যদি আহে তেন্তে আপুনি কি কৰে ?

নিশ্চয় সেই ৰেস্তোৰাঁ বা হোটেলখনৰ ৱেৱচাইটত এটা টোকা লিখি নাইবা আপোন দুই-তিনিজন বন্ধুক এই সন্দৰ্ভত অৱগত কৰে ৷ কিন্তু আপোনাৰ বা মোৰ দৰে আৰোগ্যস্বামীয়ে আকৌ এই কাম নকৰিলে ৷ বৰঞ্চ তেওঁ জিলা গ্ৰাহক অভিযোগ সমিতিত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ৰেস্তোৰাঁৰ মালিকক জবাবদিহি কৰিলে ৷

অ’ ৰ'ৱ... আপুনি হয়তো ভাবিছে আমি কাৰ কথা কৈছো ? কোন এই আৰোগ্যস্বামী ৷ আৰোগ্যস্বামী হৈছে তামিলনাডুৰ ভিল্লুপুৰম জিলাৰ ভলুথা ৰেড্ডীৰ বাসিন্দা । জানিব পৰা মতে, তেওঁ অল কনজিউমাৰ্ছ পাব্লিক এনভাইৰনমেণ্টেল ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ ৰাজ্যিক সভাপতিও ।

লগতে পঢ়ক : আপুনি খোৱা আম কেমিকেলযুক্ত নেকি? FSSAI ৰ সতৰ্কবাণী - FSSAI Warns Mango Traders

প্ৰকৃত ঘটনা অনুসৰি, ২০২১ চনৰ ২৮ নৱেম্বৰত আৰোগ্যস্বামীৰ খুলশালীয়েক নেছামৰ মৃত্যু হয় ৷ সেয়ে নেছামৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ বাবে ২৫ জন বৃদ্ধ লোকক অন্নদানৰ সিদ্ধান্ত লয় ৷ তেওঁ ২০২২ চনৰ ২৭ নৱেম্বৰত ভিল্লুপুৰম নিউ বাছৰ ওচৰৰ বালামুৰুগান নামৰ এখন ৰেস্তোৰাঁলৈ যায় ৷ তাতে তেওঁ খাদ্যৰ দৰ-দাম কৰে ৷

সেই ৰেস্তোৰাঁখনৰ মালিকে এক প্লেট আহাৰৰ বাবদ ৭০ টকা আৰু সেই খাদ্য পাৰ্চেল দিলে ইয়াৰ দাম ৮০ টকা বুলি উল্লেখ কৰে । সেইমতে আৰোগ্যস্বামীয়ে নেছামৰ মৃত্যুবাৰ্ষিকীৰ খাদ্য যোগাৰ কৰে আৰু ৰেস্তোৰাঁখনৰ পৰা ২৭.১১.২০২২ তাৰিখে ২৫ টা খাদ্যৰ পাৰ্চেল ২৮.১১.২০২২ তাৰিখে লাগিব বুলি ৰেস্তোৰাঁখনৰ মালিকক অৱগত কৰে ৷

তাৰ পাচত সেই খাদ্যৰ পাৰ্চেলৰ বাবদ আৰোগ্যস্বামীয়ে প্ৰতি পাৰ্চেলৰ বাবদ ৮০ টকা দৰত ২ হাজাৰ টকা ৰেস্তোৰাঁখনৰ মালিকক দিয়ে ৷ মালিকক আৰোগ্যস্বামীয়ে খাদ্যৰ ৰচিদ বিচাৰে ৷ কিন্তু ৰেস্তোৰাঁখনৰ মালিকে আৰোগ্যস্বামীক মূল ৰচিদ দিবলৈ অস্বীকাৰ কৰে, তাৰ বিপৰীতে হাতে লিখা সৰু খাদ্যৰ ৰচিদহে দিয়ে ৷

ইয়াৰ পিচত তেওঁলোকে ঘৰলৈ গৈ আমন্ত্ৰিত বৃদ্ধসকলক খাদ্যৰ পেকেট বিতৰণ কৰে । তেতিয়া তেওঁ দেখে যে অৰ্ডাৰ দিয়া খাদ্যত অন্তভুৰ্ক্ত হৈ খকা এবিধ আচাৰ ৰেস্তোৰাঁখনে দিয়া নাই ৷ তেতিয়া লগে লগে আৰোগ্যস্বামীয়ে দোকানৰ মালিকৰ ওচৰলৈ গৈ এই বিষয়ে সুধিলে ।

লগতে পঢ়ক : এয়াই প্ৰকৃত অসমীয়াগিৰি: মাত্ৰ ২০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি আজি লাখপতি প্ৰণৱ গগৈ - Success story of a panwala

মালিকেও তেওঁৰ কৰ্মচাৰীক মাতি সোধাত গম পালে যে খাদ্যৰ পাৰ্চেলটোত দিয়া নাছিল আচাৰ ৷ গতিকে আৰোগ্যস্বামীয়ে ২৫ টা খাদ্যৰ পেকেটত নহা আচাৰৰ বাবদ ২৫ টকাৰ ধন (প্ৰতি আচাৰ পেকেটত ১ টকা) ঘূৰাই দিবলৈ কয় । কিন্তু ৰেস্তোৰাঁখনৰ মালিকে ২৫ টকা ঘূৰাই দিবলৈ অস্বীকাৰ কৰে ।

গ্ৰাহকৰ অভিযোগ অৱমাননা কৰাৰ বাবে আৰোগ্যস্বামীয়ে ভিল্লুপুৰম জিলা গ্ৰাহক অভিযোগ সমিতিত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷ লগতে তেওঁ কয় যে বৃদ্ধসকলে আচাৰ বিচাৰিও দিব নোৱৰাৰ বাবে তেওঁ অতিশয় দুখী অনুভৱ কৰিছে ৷ গতিকে আচাৰৰ বিনিময়ত ২৫ টকা দিব লাগে ।

তাৰ পাচতে অভিযোগ আয়োগৰ অধ্যক্ষ সতীশ কুমাৰ, সদস্য মীৰাময়দীন আৰু অমলাই এই গোচৰটোৰ সন্দৰ্ভত তদন্ত কৰে । পৰৱৰ্তী পৰ্যায়ত দুয়োপক্ষৰ যুক্তি শুনাৰ অন্তত তেওঁলোকে তদন্তৰ ৰায় দিয়ে ।

সেই বিচাৰৰ ৰায়দান অনুসৰি, আৰোগ্যস্বামীয়ে ক্ৰয় কৰা পাৰ্চেলৰ বাবদ আচাৰ নিদিয়াটো সেৱাৰ অভাৱ । সেয়ে ৰেস্তোৰাঁখনৰ মালিকে আৰোগ্যস্বামীৰ এই ক্ষতিৰ বাবদ ৩০ হাজাৰ টকা, মামলাৰ খৰচৰ বাবে ৫ হাজাৰ টকা, আচাৰৰ পেকেটৰ বাবে ২৫ টকা দি ক্ৰয় কৰা খাদ্যৰ পৰিমাণৰ মূল ৰচিদ আৰু ৰায়দানৰ ৪৫ দিনৰ ভিতৰত জৰিমনা ভৰিব লাগিব । এনে নকৰিলে প্ৰতিমাহে ৯ শতাংশ সুতৰ সৈতে জৰিমনা ভৰিব লাগিব ৷

লগতে পঢ়ক : অতিথি আপ্য়ায়নৰ বাবে আৰু চিন্তা নাই: মাত্ৰ ১০ টকা কেজিত কিনক মাছ - fish in Telugu states

Last Updated : Jul 25, 2024, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.