ETV Bharat / bharat

অসমৰ বান পৰিস্থিতিক লৈ প্ৰিয়ংকা গান্ধীৰ শোক প্ৰকাশ: বানাক্ৰান্তৰ কাষত থিয় দিবলৈ দলৰ নেতা-কৰ্মীক আহ্বান - Assam Flood 2024

author img

By ANI

Published : Jul 7, 2024, 9:07 PM IST

Priyanka Gandhi on Assam flood : অসমত বানৰ কৱলত পৰি হোৱা মৃত্যুৰ বাবে শোক প্ৰকাশ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৷ চৰকাৰে সকলোধৰণৰ সহায় আগবঢ়োৱাৰ আহ্বান কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৷ দলৰ নেতা-কৰ্মীকো জনালে আহ্বান ৷

Priyanka Gandhi on Assam flood
অসমৰ বান পৰিস্থিতিক লৈ প্ৰিয়ংকা গান্ধীৰ শোক প্ৰকাশ (Image/ANI)

নিউজ ডেস্ক, ৭ জুলাই : অসমত অব্যাহত থকা প্ৰলয়ংকাৰী বানত বহুলোকে প্ৰাণ হেৰুৱাত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ তদুপৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দলৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি আহ্বান জনাইছে সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ৷

জলপ্লাৱনৰ ফলত অসমৰ জনতাই মৃত্যুত আকোঁৱালি ল’বলগীয়া হোৱাত শোক প্ৰকাশ কৰি প্ৰিয়ংকা গান্ধীয়ে শনিবাৰে এক্সত এক পোষ্ট কৰে ৷ পোষ্টটোত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লিখে, ‘‘ অসমত বানৰ ফলত বৃহৎসংখ্যক লোকৰ মৃত্যু হোৱাৰ খবৰ অতি দুখজনক ৷ পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটাৰ ফলত লাখ লাখ লোকে সাহায্য শিৱিৰত বাস কৰি থাকিবলগীয়া হৈছে ৷ কাজিৰঙাতো বহু জন্তু মৃত্যু হোৱাৰ লগতে বহু জীৱ-জন্তু আহত হৈছে । অসমবাসীৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷’’

তদুপৰি প্ৰিয়ংকা গান্ধীয়ে কয়, ‘‘ মই কংগ্ৰেছ নেতা-কৰ্মীসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ৷ লগতে অনুৰোধ জনাইছো যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াওক ।’’

লগতে পঢ়ক: অসমত যেন বিশেষ একোৱেই হোৱা নাই ! বানৰ সন্দৰ্ভত অমিত শ্বাহৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া

উল্লেখ্য যে বিগত এমাহ ধৰি অসমত অব্যাহত থকা প্ৰলয়ংকাৰী বানৰ ফলত ৫৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে শনিবাৰ পৰ্যন্ত ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰে ছয়জন লোকে বানৰ কৱলত পৰি প্ৰাণ হেৰুৱায় ৷ ফলত ৰাজ্যখনৰ মৃত্যুৰ সংখ্যা ৫২ ৰ পৰা ৫৮ লৈ বৃদ্ধি হয় । ইয়াৰে আটাইতকৈ ধুবুৰী জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ পিচতে আছে কাছাৰ আৰু দৰং জিলা ৷

উল্লেখ্য যে শনিবাৰে এক্সযোগে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৰষুণৰ ফলত অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপত মিলিত হোৱা বুলি জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমবাসীৰ লগত থিয় দিয়া বুলি উল্লেখ কৰি অমিত শ্বাহে কয় যে এই বান পৰিস্থিতিৰ সন্দৰ্ভত সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়োৱা হ’ব ৷

লগতে পঢ়ক: অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰিলে বিদেশী পৰ্যটক নহা হ’ব : মুখ্যমন্ত্ৰীৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.