ETV Bharat / bharat

বিজেপিৰ দৰে কংগ্ৰেছ দলো কৃষকৰ প্ৰতিবাদৰ বাবে দায়ী: চাৰৱান সিং পান্ধেৰ - Kisan Mazdoor Sangharsh Committee

Farmers protest: কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত ১২ টা দাবী উত্থাপন কৰি 'দিল্লী চলো' আন্দোলন আৰম্ভ কৰিছে । এই আন্দোলনক কংগ্ৰেছে সমৰ্থন কৰাৰ বাতৰি খাৰিজ কৰি কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয় যে এই প্ৰতিবাদৰ বাবে কংগ্ৰেছ দল সমানে দায়ী ।

Farmers protest
বিজেপিৰ দৰে কংগ্ৰেছ দলো কৃষকৰ প্ৰতিবাদৰ বাবে দায়ী
author img

By ANI

Published : Feb 13, 2024, 1:11 PM IST

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : দেশত কৃষকসকলে পুনৰ আন্দোলন আৰম্ভ কৰিছে । ইফালে এই আন্দোলনত কৃষকসকলক কংগ্ৰেছ দলে সমৰ্থন কৰি থকাৰ এক খবৰ ওলাইছে । অৱশ্যে ইয়াক উৰা বাতৰি বুলি উল্লেখ কৰি পাঞ্জাব কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক চাৰৱান সিং পান্ধেৰে মঙলবাৰে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ দৰেই কংগ্ৰেছ দলটোও সমানে দায়ী । পান্ধেৰে কয় যে এই আইনসমূহ কংগ্ৰেছে আনিছিল আৰু কৃষকসকল কাৰো পক্ষত নাই ।

কৃষকসকলৰ 'দিল্লী চলো' প্ৰতিবাদৰ অংশ হিচাপে দিল্লী অভিমুখে যোৱাৰ পূৰ্বে এখন সংবাদমেল সম্বোধন কৰি পান্ধেৰে কয় যে কংগ্ৰেছ দলৰ সমৰ্থনত কৃষকসকলে প্ৰতিবাদ কৰা নাই । কৃষকসকলে কংগ্ৰেছক বিজেপিৰ দৰে সমানে দায়বদ্ধ বুলি বিবেচনা কৰে ।

কৃষকসকল বংগ শাসন কৰা চিপিআই আৰু চিপিএমৰ পক্ষত নাই । প্ৰতিবাদত অংশ লোৱাসকল কেৱল কৃষক আৰু শ্ৰমিক । প্ৰতিবাদত অংশ লোৱা লোকসকল ক্ৰমে পাঞ্জাবৰ গায়ক বা দেশৰ গায়ক বা বুদ্ধিজীৱী, এনআৰআই, আন নাগৰিক সমাজ বা সাংবাদিকসকলক তেওঁ অনুৰোধ জনাই কয় যে এয়া কেৱল তেওঁলোকৰ বিষয় নহয় । কৃষক নেতাগৰাকীৰ মতে এই বৃহৎ আন্দোলনত কেৱল কৃষকসকলৰ নহয় এয়া ১৪০ কোটি দেশবাসীৰ দাবী থাকিব ।

কৃষক নেতাগৰাকীয়ে অভিযোগ কৰিছে যে চৰকাৰে তেওঁলোকৰ প্ৰতিবাদত বাধা দিব চেষ্টা কৰিছিল । কৃষক নেতাগৰাকীৰ মতে কৃষকসকলে আলোচনাৰ বাবে দুৱাৰ মুকলি ৰাখিব বুলি কৈছিল । যদি চৰকাৰে বিচাৰে তেন্তে যিকোনো সময়তে আলোচনা কৰিব পাৰে । কিন্তু চৰকাৰে কেৱল প্ৰতিবাদ বিলম্ব কৰিব বিচাৰে । কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছিল যে তেওঁলোকে এমএচপি আইনৰ বাবে এখন সমিতি গঠন কৰিব । কৃষকসকলে কৈছিল যে এই বিষয়ে আইনী জামানত দিয়া উচিত । পান্ধেৰ মতে চৰকাৰে সমিতি গঠন কৰাৰ পৰিৱৰ্তে কৃষকসকলৰ সৈতে আলোচনা কৰা উচিত ।

পান্ধেৰে লগতে অভিযোগ কৰিছে যে আৰক্ষীয়ে হাৰিয়ানা আৰু পাঞ্জাবৰ গাঁৱৰ লোকসকলক হাৰাশাস্তি কৰি আছে । এনে পৰিস্থিতিৰ ওপৰত তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ মতে প্ৰশাসনে হাৰিয়ানাক কাশ্মীৰৰ উপত্যকালৈ পৰিণত কৰিছে । হাৰিয়ানাৰ প্ৰতিখন গাঁৱলৈ আৰক্ষী প্ৰেৰণ কৰিছে ।

তেওঁৰ মতে পাঞ্জাব আৰু হাৰিয়ানা ভাৰতৰ দুখন ৰাজ্য নহয় যেন লাগিছে । আৰক্ষীয়ে যিধৰণে সীমান্ত ছীল কৰিছে এয়া এখন আন্তঃৰাষ্ট্ৰীয় সীমান্ত যেন লাগিছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :কৃষক সংগঠন-কেন্দ্ৰীয় চৰকাৰৰ আলোচনা ব্য়ৰ্থ: আজি পুনৰ ‘দিল্লী চলো’ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.