ETV Bharat / bharat

বাজেট অধিবেশনৰ পূৰ্বে সোমবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ সংসদীয় দলৰ বৈঠক - Parliament Budget Session 2024 - PARLIAMENT BUDGET SESSION 2024

Parliament Budget Session 2024: বাজেট অধিবেশনৰ পূৰ্বে সোমবাৰে ছোনিয়া গান্ধীৰ বাসগৃহত কংগ্ৰেছ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হ'ব । দেওবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব ।

Parliament Budget Session 2024
বাজেট অধিবেশনৰ পূৰ্বে সোমবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ সংসদীয় দলৰ বৈঠক (ANI)
author img

By ANI

Published : Jul 21, 2024, 10:57 AM IST

নেশ্যনেল ডেস্ক,২১ জুলাই : অহা ২২ জুলাই পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিবেশন । তাৰ পূৰ্বে ৰণনীতি প্ৰস্তুত কৰিবলৈ সোমবাৰে কংগ্ৰেছ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হ'ব । সূত্ৰৰ মতে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । আনহাতে বৈঠকখন ছোনিয়া গান্ধীৰ বাসগৃহতে অনুষ্ঠিত হ'ব । ইফালে দেওবাৰে পুৱা ১১ বজাত নতুন দিল্লীৰ সংসদ ভৱন পৰিশিষ্টৰ মুখ্য সমিতি কক্ষত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব ।

বাজেট অধিবেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ দুয়োখন সদনতে ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব । লোকসভাত কংগ্ৰেছ দলৰ উপ-দলপতি গৌৰৱ গগৈ আৰু ৰাজ্যসভাৰ উপ-দলপতি প্ৰমোদ তিৱাৰীয়েও দেওবাৰে সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰিব ।

কংগ্ৰেছে আন দলৰ সৈতে ইণ্ডিয়া ব্লকৰ অংশ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু লোকসভাত বিজেপিক সংখ্যাগৰিষ্ঠতা লাভ কৰাত বাধা দিবলৈ একপ্ৰকাৰ সক্ষম হৈছিল । বিজেপি নেতৃত্বাধীন এনডিএয়ে নিৰ্বাচনত ২৯৩ খন আসনেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় । শেহতীয়া লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০ খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে ৯৯ খন আসন লাভ কৰি শক্তিশালী উন্নতি পঞ্জীয়ন কৰে ।

ইফালে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সে ২৯৩ খন আসন লাভ কৰিছিল যদিও ইণ্ডিয়া ব্লকে ২৩০ ৰ সীমা অতিক্ৰম কৰি কঠোৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল । এনে পৰিস্থিতিত বাজেট অধিৱেশনত ইণ্ডিয়া ব্লকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব । উল্লেখ্য যে এই বাজেট অধিবেশন ১২ আগষ্টলৈ চলিব ।

লগতে পঢ়ক :কেন্দ্ৰীয় বাজেট ২০২৪-২৫ : ভাৰতৰ ৪৮ লাখ কোটিৰ বাজেটক কেনেকৈ পুঁজি যোগান ধৰা হৈছে ? - Union Budget 2024 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.