ETV Bharat / bharat

কেৰালা কংগ্ৰেছত মোক্ষম আঘাত: প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণাকৰণৰ কন্যাৰ বিজেপিত যোগদান

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:57 PM IST

Padmaja Venugopal Joins BJP : কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰয়াত কে কৰুণাকৰণৰ কন্যা পদ্মজা বেণুগোপালে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে । নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানত তেওঁ বিজেপিত যোগদান কৰে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণাকৰণৰ কন্যাৰ বিজেপিত যোগদান

নিউজ ডেস্ক, ৭ মাৰ্চ : কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ শক্তিশালী নেতা প্ৰয়াত কে কৰুণাকৰণৰ কন্যা পদ্মজা বেণুগোপালে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে । পদ্মজাৰ বিজেপিত যোগদানে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেৰালাত দেশৰ সবাতোকৈ পুৰণি দলটোক মোক্ষম আঘাত দিয়ে । বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত পদ্মজাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, পদ্মজাৰ বিজেপিত যোগদানৰ পিছতে গেৰুৱা দলটোৱে কংগ্ৰেছক সমালোচনা কৰি কৈছে যে ইয়াৰ বিশাল পুৰণি দলটোৰ পতন চিহ্নিত কৰিছে । ইফালে কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ (কেপিচিচি) মুৰব্বী কে সুধাকৰণে পদ্মজাৰ এই সিদ্ধান্তক দলটোক 'প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা' আৰু 'আত্মবিশ্বাস ভঙ্গ' বুলি অভিহিত কৰিছে । তেওঁ লগতে কয় যে পদ্মজাই দল এৰি যোৱাৰ কোনো কাৰণ নাছিল । কিন্তু তাৰ বিপৰীতে এইটো এটা 'ভুল আৰু দুৰ্ভাগ্যজনক সিদ্ধান্ত' ।

কেপিচিচিৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ নিজেই তেওঁৰ (পদ্মজা) স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহু সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ সেই সকলোবোৰ অৱজ্ঞা কৰে । "তথাপিও, যিহেতু তেওঁ প্ৰয়াত কে কৰুণাকৰণৰ কন্যা, আমাৰ এতিয়াও তেওঁৰ প্ৰতি মৰম আৰু সন্মান আছে ।" তেওঁ লগতে কয় ।

আনহাতে, এই ঘটনাত আৱেগিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ তথা কৰুণাকৰণৰ পুত্ৰ কে মূৰলীধৰণে তেওঁৰ ভগ্নীৰ তেওঁলোকৰ পিতৃয়ে লালন-পালন কৰা দলটোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তক গৰিহণা দিয়ে । বিশেষকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্তক তেওঁ তীব্ৰ সমালোচনা কৰে । তেওঁৰ এই সিদ্ধান্তক বিশ্বাসঘাতকতা বুলিও অভিহিত কৰে ।

ইফালে কেৰালাৰ শাসনাধিষ্ঠ চিপিআই (এম)-এ এই কাৰ্যৰ দ্বাৰা কংগ্ৰেছৰ ওপৰত জনসাধাৰণৰ বিশ্বাস হ্ৰাস কৰিব পাৰে বুলি মন্তব্য কৰিছে । তেওঁ কয় যে এই ঘটনাই এই কথা প্ৰকট কৰিছে যে কংগ্ৰেছৰ সদস্যসকলে নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপিত যোগদান নকৰাৰ কোনো নিশ্চয়তা নাথাকিব ।

লগতে পঢ়ক :নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশত ব্যৰ্থ, এছবিআইৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ এডিআৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.