ETV Bharat / bharat

কংগ্ৰেছৰ প্ৰথমখন ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা: ৱায়ানাডত পুনৰ ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:33 PM IST

Lok Sabha election2024: কংগ্ৰেছে শুক্ৰবাৰে সন্ধিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৩৯ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে । ৰাহুল গান্ধীয়ে আকৌ কেৰালাৰ ৱায়ানাডৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

congress candidate list Lok Sabha 2024
কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

নেশ্য়নেল ডেস্ক, ৮ মাৰ্চ : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে শুক্ৰবাৰে প্ৰথমখন ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰাই পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । আজি সন্ধিয়া নতুন দিল্লীত আয়োজিত এক সংবাদমেলত দলৰ নেতা অজয় মাকেন আৰু পৱন খেৰাৰ উপস্থিতিত কংগ্ৰেছ নেতা কে চি বেণুগোপালে প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে । এই তালিকাত ১৫ গৰাকী সাধাৰণ সাধাৰণ আৰু ২৪ গৰাকী অনুসূচীত জাতি/অনুসূচীত জনজাতি/অ'বিচি আৰু সংখ্যালঘুৰ প্ৰাৰ্থীয়ে স্থান লাভ কৰিছে । ইয়াৰে ১২ গৰাকীৰ বয়স ৫০ বছৰৰ তলত বুলি কয় বেণুগোপালে । এই তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ মোঘালয়ৰ দুখন,নাগালেণ্ড আৰু ছিকিমৰ একোটাকৈ সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষনা কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীক ৱায়ানাডৰ পৰা ২০১৯ ৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত কৰা হৈছিল । অৱশ্যে তেওঁ ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেঠি সমষ্টিত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল ।

congress candidate list Lok Sabha 2024
কংগ্ৰেছৰ প্ৰথমখন ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা

মল্লিকাৰ্জুন খাৰ্গে নেতৃত্বাধীন দলটোৱে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দলটোৰ উল্লেখযোগ্য় প্ৰাৰ্থীসকলৰ ভিতৰত আছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল (ৰাজনন্দগাঁও), ডি কে সুৰেশ (বেংগালুৰু গ্ৰাম্য), শশী থাৰুৰ (তিৰুৱন্তপুৰম) আৰু কে চি বেণুগোপাল (আলাপুঝা), ডি কে সুৰেশ জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ভাতৃ।

কংগ্ৰেছে ছত্তীশগড়ত ড০ শিৱকুমাৰ দহাৰিয়া (জাংগীৰ-চম্পা এছচি), জ্যোৎস্না মহন্ত (কোৰবা), ৰাজেন্দ্ৰ চাহু (দূৰ্গ), বিকাশ উপাধ্যায় (ৰায়পুৰ), তাম্ৰধ্বজ চাহু (মহাসমুণ্ড)ৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে । ইপিনে, কৰ্ণাটকত এইচ আৰ আলগুৰে বিজাপুৰ-এছচি, হাভেৰীৰ পৰা আনন্দস্বামী গদ্দাদেভাৰা মঠ, শিমোগাৰ গীতা শিৱৰাজকুমাৰ, হাছানৰ শ্ৰেয়াছ পেটেল, টুমকুৰৰ পৰা এছ পি মুদ্দাহানুমেগৌড়া, মাণ্ড্যৰ পৰা ভেংকটাৰামেগৌড়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ।

কেৰালাত, কংগ্ৰেছে কাচাৰাগোডৰ পৰা ৰাজমোহন উন্নিথান, কান্নুৰৰ পৰা কে সুধাকৰণ, ভাদাকাৰাৰ পৰা শফি পাৰাম্বলী, কোজিকোডৰ পৰা এম কে ৰাঘৱনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তদুপৰি পালাক্কাডৰ ভি কে শ্ৰীকন্দন, আলাথুৰ-এছচিৰ পৰা ৰাম্য হৰিদাস, ত্ৰিচুৰৰ কে মুৰলীধৰণ, চলকুডিৰ পৰা বেনি বেহানান, এৰ্নাকুলামৰ পৰা হিবি ইডেন, ইডুক্কিৰ পৰা দেম কুৰিয়াকোচে, মাভেলিক্কাৰা-এছচিৰ কোডিকুনিল সুৰেশ, আটনপাথামৰ পৰা এণ্টো নিটৌয়ে প্ৰতিদন্দিতা কৰিব । দলটোৱে তেলেংগানাৰ ৪ খন আসনৰ বাবে প্ৰাৰ্থী দিছে । সুৰেশ কুমাৰ শেটকাৰে জাহিৰাবাদৰ পৰা , ৰঘুবীৰ কুণ্ডুৰুৱে নলগোণ্ডাত, চাল্লা বমশী চান্দ ৰেড্ডীয়ে মাহবুবনগৰত আৰু বলৰাম নায়েক পোৰিকাই মহাবুবাবাদ-এছটিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

আনহাতে,হামদুল্লা চৈয়দ লাক্ষাদ্বীপৰ কংগ্ৰেছ প্ৰাৰ্থী হ'ব । ভিনচেণ্ট এইচ পালাই শ্বিলং-এছ টিত আৰু ছালেং চাংমাই তুৰা-এছটিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এছ চুপোগমেৰন জামিৰে নাগালেণ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে, ছিকিমৰ পৰা গোপাল চেত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ইপিনে,আশীষ কুমাৰ সাহাই ত্ৰিপুৰাৰ ত্ৰিপুৰা পশ্চিম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

লগতে পঢ়ক:শীঘ্ৰে ঘোষণা হ'ব ৫ খন ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.