বিশেষ প্ৰতিবেদন, ২ ছেপ্টেম্বৰ : দেশ প্ৰগতি আৰু উন্নয়নৰ জখলাত দোপতদোপে বগাই থকা বুলি চৰকাৰীভাৱে যিমানে ঢাক-ঢোল নবজাওক কিয়, তৃণমূলত যে ইয়াৰ ছবিখন সম্পূৰ্ণ ওলোটা সেই কথা বিভিন্ন সময়ত বিভিন্ন দৃশ্যই প্ৰতিপন্ন কৰে । আজিৰ এই ডিজিটেল যুগতো আমাৰ দেশতে এনে ঠাই আছে য'ত খোৱাপানীৰ পৰা আৰম্ভ কৰি যাতায়াত, স্বাস্থ্য সেৱা, শিক্ষা আদি বিভিন্ন ধৰণৰ মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । এই দৃশ্যবোৰে দেশৰ উন্নয়নৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰে ।
আজিৰ প্ৰতিবেদনত এনে এখন গাঁৱৰ বিষয়ে ক'বলৈ ওলোৱা হৈছে, যিখন গাঁও প্ৰায় ছমাহ ধৰি জলবন্দী হৈ থাকে । আনহাতে, বৰষুণৰ বতৰত শিশুসকল বিদ্যালয়লৈ নাযায় । সমগ্ৰ গাঁওখন ৬ মাহ ধৰি পানীৰ মাজত বন্দী হৈ থাকে । এই গাঁওখন আছে বিহাৰত । তাকো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলাত গাঁওখনৰ বাসিন্দাসকলে এই দুৰ্ভোগ ভুগি আহিছে । নালন্দা জিলাৰ গাঁওখনত বৰষুণৰ দিনত এনে পৰিস্থিতিৰ উদ্ভৱ হয় যে গাঁওবাসীয়ে তাছলাৰ জুগাড় নাও (ডাঙৰ হাণ্ডীৰে নিৰ্মাণ কৰা নাও) যাতায়াতৰ বাবে একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে । গাঁওখনত থকা নদীত দলঙৰ অভাৱৰ বাবেই গাঁওবাসীয়ে বৰষুণৰ বতৰত 6 মাহৰ বাবে গাঁওখনতে বন্দী হৈ থাকিবলগা হয় ।
বাৰিষাকালত 6 মাহৰ বাবে বিদ্যালয়লৈ নাযায় শিশুসকল
এই পৰিস্থিতিৰ বাবে গাঁওখনৰ অৰ্ধশতাধিক শিশু 6 মাহৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হয় । কেৱল সেয়াই নহয়, গাঁওবাসীয়ে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ মৰণক শৰণ কৰিব লাগে । তেওঁলোকে অতি বিপদসংকুলভাৱে হাণ্ডীৰ নাৱেৰে পাৰাপাৰ হ'ব লাগে । এই দৃশ্য হৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ সমষ্টি নালন্দাৰ বেন ব্লকৰ আকুনা পঞ্চায়তৰ তোড়ল বিগহা গাঁৱৰ । এইটো হৈছে সাতবাৰৰ বিধায়ক তথা বিহাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰৱণ কুমাৰ সমষ্টি ।
জলবন্দী হৈ পৰে জনসাধাৰণ
গাঁওখনত প্ৰায় 100-150 টা পৰিয়ালে বাস কৰে । আনহাতে, জনসংখ্যা হৈছে প্ৰায় 500 । কিন্তু বৰষুণৰ বতৰত তেওঁলোকে অতি কঠিন সমস্যাৰ সন্মুখীন হয় । আনহাতে, 7 নিশ্চয় আঁচনিৰ অধীনত গাঁওখনৰ সৌন্দৰ্যবৰ্ধন কৰা হৈছে । তাত নলাৰ পৰা আৰম্ভ কৰি কংক্ৰিটৰ পথো নিৰ্মাণ কৰা হৈছে । কিন্তু ইমানৰ পিছতো প্ৰশ্ন উত্থাপিত হয় যে এখন দলঙৰ ক্ষেত্ৰত তাত থকা লোকসকলক কিয় সতীয়া মাতৃসুলভ ব্যৱহাৰ কৰা হৈছে ।
এখন দলঙৰ বাবে ব্যাকুল হৈ আছে গাঁওবাসী
স্বাধীনতাৰ কেইবা দশকৰ পাচতো গাঁওবাসীয়ে এখন দলঙৰ বাবে ব্যাকুল হৈ আছে । তোড়ল বিগহা গাঁওখন পৈমাৰ নদীৰ পাৰত অৱস্থিত । গাঁওবাসীয়ে কয় যে গাঁওখনত অৱস্থিত নদীখনত দলঙৰ অভাৱৰ বাবে বাৰিষাৰ বতৰত সকলোৱে গাঁওখনত 6 মাহ বন্দী হৈ থাকিব লাগে । আনহাতে, গাঁওখনত 35-50 টা শিশু 6 মাহৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে ।
হাণ্ডীৰ নাৱেই হৈছে একমাত্ৰ সম্বল
গাঁওবাসীয়ে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ নিজাকৈ নিৰ্মাণ কৰি উলিওৱা হাণ্ডীৰ নাৱৰ জৰিয়তে যাতায়াত কৰি এক প্ৰকাৰ নিজৰ জীৱন বিপদাপন্ন কৰিব লাগে । এই নাওখনেৰে এবাৰত মাত্ৰ দুইৰ পৰা তিনিজন মানুহেহে যাতায়াত কৰিব পাৰে । সামান্য ভুল হ'লেই বিপদ, নদীৰ গভীৰ পানীত সলিল সমাধি ঘটিব পাৰে ।
কোনো স্বাস্থ্যকেন্দ্ৰও নাই
উল্লেখ্য যে তোড়ল বিগহা গাঁৱত যাদৱ, কৈৱৰ্ত, তেলী আৰু ঠাকুৰ জাতিৰ লোকে বাস কৰে । কিন্তু পৰিতাপৰ কথা যে গাঁওখনত কোনো স্বাস্থ্যকেন্দ্ৰ নাই । যদি এজন গাঁওবাসী নিশা অসুস্থ হৈ পৰে, তেন্তে এই নাৱৰ বাহিৰে গাঁওখনৰ বাহিৰলৈ যোৱাৰ আন কোনো উপায় নাথাকে । ই টিভি ভাৰতৰ সৈতে বাৰ্তালাপত গাঁওবাসীয়ে কয় যে যেতিয়াই নিৰ্বাচন আহে নেতাসকলে ভোট বিচাৰি আহে আৰু আশ্বাস দি গুচি যায় । কিন্তু নিৰ্বাচনো শেষ হয় আৰু তেওঁলোকৰ প্ৰতিশ্ৰুতিও অসাৰ হয় ।
"নিৰ্বাচনত জিকাৰ পিছত কোনো ৰাইজৰ প্ৰতিনিধি ভুমুকি মাৰিবলৈও নাহে । গাঁওখনৰ মানুহে কোনো চৰকাৰী সুবিধা নাপায় । নদীৰ ওপৰত দলঙৰ অভাৱৰ বাবে শিশুসকল বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হয় ।" এগৰাকী গাঁওবাসীয়ে দুখেৰে কয় ।
আনহাতে, আকুনা পঞ্চায়তৰ মুৰব্বী অভয় সিঙে কয়, "দলং নিৰ্মাণৰ বাবে আমাৰ ওচৰত পৰ্যাপ্ত পুঁজি নাই । বাঁহৰ দলং নিৰ্মাণৰ বাবে 30-40 হাজাৰ টকা ব্যয় হয় । ইফালে চৰকাৰৰ পৰা মাত্ৰ 7 হাজাৰ টকাহে লাভ কৰা হয় ।"
"গাঁওখনৰ পৰা বাহিৰলৈ যোৱাৰ একমাত্ৰ পথটোৱে বাৰিষা বৰষুণৰ পানীত প্লাবিত হৈ পৰে । ইয়াৰ বাবে মন্ত্ৰী আৰু সংশ্লিষ্ট বিষয়াক বহুবাৰ অৱগত কৰা হৈছে । তথাপিও কেৱল আশ্বাসতে সীমাবদ্ধ আছে । ইয়াত থকা গাঁওবাসীয়ে আদিম মানুহৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য হৈছে ।" আকুনা পঞ্চায়তৰ প্ৰধান অভয় সিঙে কয় ।
নদীবোৰ ওফন্দি আছে
উল্লেখ্য যে বিগত 3-4 বছৰ ধৰি বৰষুণৰ অভাৱৰ বাবে জিলাখনৰ সকলো সৰু-বৰ নদী শুকান হৈ আছিল । কিন্তু এসপ্তাহ ধৰি ধাৰাবাহিক বৰষুণ আৰু ঝাৰখণ্ডৰ তিলৈয়া বান্ধৰ পৰা এৰি দিয়া পানীৰ বাবে জিলাখনৰ সকলো নদী ওফন্দি পৰিছে । কিছুমান অঞ্চলত বিপদসীমা অতিক্ৰম কৰিছে । আনহাতে, আন কিছুমান গ্ৰাম্য পথ আৰু দলং উটুৱাই লৈ গৈছে । যাৰ বাবে যাতায়াত ব্যাহত হৈছে । জিলা আয়ুক্ত শশাংক শুভঙ্কৰে নিজৰ তত্ত্বাৱধানত সেইবোৰৰ মেৰামতিৰ কাম কৰি আছে ।
কেতিয়া নিৰ্মাণ হ'ব দলং ?
এখন দলঙৰ আশাত চৰকাৰ মহাৰাজৰ দিশে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে গাঁওবাসীয়ে । কেতিয়া নিৰ্মাণ হ'ব দলংখন ? কিন্তু তোড়ল বিগহা গাঁওবাসীয়ে কেতিয়া এই দলংখন লাভ কৰিব সেইটো লক্ষণীয় হ'ব । ইয়াৰ অন্যথা নিৰীহ শিশুসকলৰ লগতে গাঁওবাসীয়ে প্ৰশাসনৰ অৱহেলাৰ বাবে চৰম পৰিণতি ভুগিব লাগিব হ'ব পাৰে ।