নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : উচ্চতম ন্যায়ালয়ে মঙলবাৰে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ বেলট কাকত পৰীক্ষা কৰিব । লগতে গণনা প্ৰক্ৰিয়াৰ ভিডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰিব আৰু নতুন নিৰ্বাচনৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে ইতিমধ্যে দিয়া ভোটৰ ভিত্তিত ফলাফল ঘোষণা কৰাৰ কথা বিবেচনা কৰাৰ সম্ভাৱনা আছে ।
দেশৰ শীৰ্ষ ন্যায়ালয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰি সোমবাৰে কয় যে বিতৰ্কিত চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ পিছত সংঘটিত 'হৰ্ছ ট্ৰেডিং'ক লৈ গভীৰভাৱে চিন্তা ব্যক্ত কৰে আৰু ৩০ জানুৱাৰীত অনুষ্ঠিত নিৰ্বাচনৰ ৰেকৰ্ড আৰু ভিডিঅ'সমূহ বিচাৰে । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ন্যায়ালয়ে ইতিমধ্যে দিয়া ভোটৰ ভিত্তিত ফলাফল ঘোষণা কৰাৰ কথা বিবেচনা কৰিব পাৰে ।
উচ্চতম ন্যায়ালয়ে লগতে কয় যে মঙলবাৰে দুপৰীয়া ২ বজাত তেওঁলোকে বেলট কাকত আৰু নিৰ্বাচনৰ সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰিব। আনহাতে, পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানক নতুন দিল্লীলৈ এই তথ্যবোৰ সুৰক্ষিতভাৱে অনাৰ বাবে এগৰাকী ন্যায়িক বিষয়াক নিযুক্তি দিবলৈও নিৰ্দেশ দিয়ে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয়, "আমি নিজেই দুপৰীয়া ২ বজাত ৰেকৰ্ডবোৰ পৰীক্ষা কৰিম ।"
"আমি কাইলৈ ইয়াক তালিকাভুক্ত কৰিম আৰু বেলট কাকতবোৰ পৰীক্ষা কৰিম আৰু তাৰ ভিত্তিত কি কৰিব লাগে তাৰ সিদ্ধান্ত গ্ৰহণ কৰিম । প্ৰচলিত হৰ্ছ ট্ৰেডিঙৰ এই সমগ্ৰ বিষয়টো অতি বিচলিত ধৰণৰ । ভোট গণনাৰ সমগ্ৰ ভিডিঅ'টো কাইলৈ দুপৰীয়া উপস্থাপন কৰা হওক ।" চিজেআয়ে কয় । আনহাতে, আদালতে ৰিটাৰ্ণিং বিষয়া অনিল মাছিহকো মঙলবাৰে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে ভোট গণনা কেন্দ্ৰৰ ভিজুৱেলত অনিল মাছিহে বেলট কাকতত কিছু নম্বৰ দিয়া দেখা গৈছে । শীৰ্ষ ন্যায়ালয়ে প্ৰত্যক্ষ কৰা ভিজুৱেলত ৫ ফেব্ৰুৱাৰীত মেয়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা ৰিটাৰ্ণিং বিষয়া অনিল মাছিহে বেলট পেপাৰবিলাক বিকৃত কৰাটো স্পষ্টভাৱে বিকৃত কৰাটো দেখা গৈছে বুলি উল্লেখ কৰি কয় যে তেওঁৰ বিৰুদ্ধে মোকৰ্দমা চলাব লাগে আৰু লগতে কয় যে তেওঁৰ এই কাৰ্য গণতন্ত্ৰৰ 'হত্যা' আৰু 'উপহাস'ৰ সমতুল্য ।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে ভোটগ্ৰহণ অনুষ্ঠিত কৰা পদ্ধতিক লৈও অসন্তুষ্টি ব্যক্ত কৰে আৰু মাছিহক কয় যে তেওঁৰ বিৰুদ্ধে মোকৰ্দমা চলাব পাৰি । "এইটো এটা অতি গুৰুতৰ বিষয়... কোনোধৰণৰ মিছা কথাৰ ক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে মোকৰ্দমা কৰা হ'ব ।" তেওঁ ৰিটাৰ্ণিং বিষয়াজনক সতৰ্ক কৰি দিয়ে । লগতে তেওঁক প্ৰশ্ন কৰে যে তেওঁক কেমেৰালৈ চাই বেলট কাকতত এক্স চিন দিয়া কিয় দেখা গৈছিল । মাছিহৰ বিৰুদ্ধে আঠখন বেলট কাকত বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে, যিবোৰ পৰৱৰ্তী সময়ত অবৈধ বুলি ঘোষণা কৰা হৈছিল ।
আনহাতে, উচ্চতম ন্যায়ালয়ে সোমবাৰে নিৰ্বাচনত দায়িত্ব পালন কৰা অনিল মাছিহক এই বিষয়ত প্ৰশ্ন কৰে । তেওঁ আত্মপক্ষ সমৰ্থনত কয় যে তেওঁ কেৱল বিকৃত বেলটবোৰহে চিহ্নিত কৰিছিল । বিচাৰপীঠে অৱশ্যে সতৰ্ক কৰি দিয়ে যে বিষয়াজনৰ আচৰণ গুৰুতৰ আছিল আৰু তেওঁৰ বিৰুদ্ধে মোকৰ্দমা চলাব পাৰি ।
উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত জয়লাভ কৰি আপ-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাস্ত কৰে । আনহাতে, আঠটা বিৰোধী ভোট বাতিল কৰাৰ পিছত ভোট টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰে মিত্ৰজোঁটে ।
লগতে পঢ়ক :মাৰাঠাসকলৰ 10 শতাংশ সংৰক্ষণ বৃদ্ধিৰ বিধেয়কত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ