ETV Bharat / bharat

CAA ৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সুবিধাৰ্থে নতুন পৰ্টেল মুকলি

New CAA portal launched: নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা জাৰি কৰাৰ পিচতে চৰকাৰে এটা বিশেষ পৰ্টেল মুকলি কৰিছে । গৃহ মন্ত্ৰালয়ে মঙলবাৰে আইনৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ এই ৱেব পৰ্টেলটো মুকলি কৰে । চৰকাৰে মোবাইল এপ্লিকেচনো মুকলি কৰিব ।

CAA portal launched
নাগৰিকত্বৰ আবেদনৰ সুবিধাৰ্থে নতুন পৰ্টেল মুকলি
author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 2:26 PM IST

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে সোমবাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে । এনে প্ৰতিবাদৰ মাজতে চৰকাৰে CAA ২০১৯ ৰ অধীনত আবেদনকাৰীৰ সুবিধাৰ্থে এটা পৰ্টেল মুকলি কৰে । 'indiancitizenshiponline.nic.in' নামৰ পৰ্টেলটোৰ জৰিয়তে যোগ্য লোকসকলে এতিয়াৰে পৰা ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ।

পৰ্টেলৰ উপৰিও, চৰকাৰে 'CAA ২০১৯' নামৰ এটা ম’বাইল এপ শীঘ্ৰে মুকলি কৰিব বুলি ঘোষণা কৰিছে । এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয় যে CAA ২০১৯ৰ অধীনত নাগৰিকত্ব সংশোধনী নিয়ম, ২০২৪ অধিসূচনা জাৰি কৰা হৈছে । লগতে যোগ্য ব্যক্তিসকলৰ আবেদনৰ সুবিধাৰ বাবে নতুন পৰ্টেলটোও মুকলি কৰা হৈছে । গৃহ মন্ত্ৰালয়ে লগতে স্পষ্ট কৰি দিছে সকলো আবেদন সম্পূৰ্ণ অনলাইন পদ্ধতিত দাখিল কৰিব লাগিব ।

ইফালে ২০১৯ চনৰ ডিচেম্বৰত এই নতুন আইনখন গৃহীত হৈছিল আৰু ৪ বছৰৰ অন্তত অধিসূচনা জাৰি কৰা হৈছে । অধিসূচনা অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতত প্ৰবেশ কৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান তথা নিৰ্যাতিত অনা-মুছলমান প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব । এই নিয়মবোৰ তাৎক্ষণিক প্ৰভাৱৰ সৈতে কাৰ্যকৰী হ'ব বুলিও অধিসূচনাত কোৱা হৈছে ।

অধিসূচনা জাৰিৰ লগে লগে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে । কোনোৱে এই আইনক আদৰণি জনাইছে । আন একাংশই আকৌ ইয়াৰ বিৰোধিতা কৰিছে । অসমৰো বিভিন্ন প্ৰান্তত এই আইনৰ বিৰোধিতাৰে দল-সংগঠনসমূহে প্ৰতিবাদ আৰম্ভ কৰিছে ।

লগতে পঢ়ক : CAA বলৱৎ : অসম আৰু পশ্চিমবংগত কেন্দ্ৰৰ বিৰুদ্ধে স্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.