ETV Bharat / bharat

NEET-UG পৰীক্ষাত অনিয়মৰ অভিযোগ: গোচৰ ৰুজু চি বি আইৰ - NEET UG exam

CBI registers case : NEET-UG পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গোচৰ ৰুজু কৰিছে ৷ দেওবাৰে পুৱতি নিশা কেন্দ্ৰীয় চৰকাৰে এই অনিয়মৰ বিষয়টো চি বি আইক তদন্তৰ বাবে অৰ্পণ কৰে ৷

author img

By ANI

Published : Jun 23, 2024, 8:14 PM IST

NEET UG EXAM ROW
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ গোচৰ ৰুজু (ANI)

নেশ্যনেল ডেস্ক, 23 জুন : NEET-UG পৰীক্ষা 2024ত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ কিছু সময়ৰ পিচতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আই-য়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰা বুলি দেওবাৰে সূত্ৰই প্ৰকাশ কৰিছে ৷ দেওবাৰে পুৱতি নিশা কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ NEET-UG পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ বিষয়টো চি বি আইক বিস্তৃত তদন্তৰ বাবে অৰ্পণ কৰে ৷

"ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই 2024 চনৰ 5 মে'ত NEET-UG পৰীক্ষা অ'এম আৰ (কলম আৰু কাগজ) মোডত অনুষ্ঠিত কৰিছিল ৷ এই পৰীক্ষাত অনিয়ম/প্ৰৱঞ্চনা/অসৎ আচৰণৰ কিছুমান অভিযোগ উত্থাপন হৈছিল ৷ পৰীক্ষা প্ৰক্ৰিয়াৰ পৰিচালনাৰ ওপৰত স্বচ্ছতাৰ বাবে, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এক সমীক্ষাৰ পিচত বিষয়টো ব্যাপক তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চি বি আই)ক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ কৰিবলৈ আৰু ইয়াৰ সৈতে সম্পৰ্কিত বা আনুষংগিক বিষয়ৰ ব্যৱস্থা কৰিবলৈ ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন, 2024 প্ৰণয়ন কৰিছে," চৰকাৰে এক বিবৃতিত কয় ৷

ইয়াত লগতে কোৱা হৈছে- "পৰীক্ষাৰ পৱিত্ৰতা নিশ্চিত কৰিবলৈ আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ এইটো পুনৰাবৃত্তি কৰা হৈছে যে যিকোনো ব্যক্তি/সংগঠন জড়িত থকা দেখা গ'লে কঠোৰতম ব্যৱস্থাৰ সন্মুখীন হ'ব ৷"

লগতে পঢ়ক : NEET-NET বিতৰ্কৰ মাজতে বলৱৎ প্ৰশ্নকাকত ফাদিল বিৰোধী আইন - Anti paper leak law for exams

NEET-UG পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (NTA) পৰীক্ষাত অনিয়মৰ অভিযোগত সমালোচনাৰ সন্মুখীন হৈছে ৷ ইয়াৰ ফলস্বৰূপে সমগ্ৰ দেশতে কেবাটাও প্ৰতিবাদ হয়, প্ৰতিবাদকাৰী আৰু ৰাজনৈতিক দলসমূহে এন টি এ ভংগ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অভূতপূৰ্বভাৱে 67 জন প্ৰাৰ্থীয়ে 720 ৰ ভিতৰত 720 নিখুঁত নম্বৰ প্ৰাপ্ত কৰিছিল, যি উদ্বেগ আৰু বৃদ্ধি কৰিছিল ৷

শিক্ষা মন্ত্ৰালয়ে কয় যে পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰণালীত সংস্কাৰ, তথ্য সুৰক্ষা প্ৰটোকলৰ উন্নতি আৰু এন টি এৰ কাৰ্যপ্ৰণালীৰ ওপৰত পৰামৰ্শ দিবলৈ বিশেষজ্ঞৰ এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে ৷ ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড৹ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত 7 জনীয়া সমিতিখনে অহা দুমাহৰ ভিতৰত মন্ত্ৰালয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ৷

মন্ত্ৰালয়ে কয়- "ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (এন টি এ) জৰিয়তে পৰীক্ষাৰ স্বচ্ছ, মসৃণ আৰু নিৰপেক্ষ পৰিচালনা নিশ্চিত কৰাৰ বাবে, শিক্ষা মন্ত্ৰালয়ে ডাটা সুৰক্ষা প্ৰটোকলৰ পৰীক্ষা প্ৰক্ৰিয়া উন্নত কৰা আৰু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ গাঁথনি আৰু কাৰ্যকলাপৰ সংস্কাৰৰ ওপৰত পৰামৰ্শ দিবলৈ বিশেষজ্ঞৰ এক উচ্চ-স্তৰীয় সমিতি গঠন কৰে ৷"

লগতে পঢ়ক : NEET UG বিতৰ্ক : তদন্তৰ ভাৰ অৰ্পণ চি বি আইক - NEET UG 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.