ETV Bharat / bharat

NEET-UG প্ৰশ্নকাকত ফাদিল গোচৰ; ৰাঁচীৰ এমবিবিএছ ছাত্ৰীক জেৰা চিবিআইৰ - NEET UG paper leak case

author img

By PTI

Published : Jul 19, 2024, 2:17 PM IST

NEET-UG paper leak case: ৰাঁচীৰ আৰআইএমএছৰ এগৰাকী প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰীক চিবিআইয়ে জেৰা চলাই আছে । আৰআইএমএছ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰিছে । ইতিমধ্যে গোচৰটোত চিবিআইয়ে কেইবাগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে ।

NEET-UG paper leak case
ৰাঁচীৰ এমবিবিএছ ছাত্ৰীক জেৰা চিবিআইৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,১৯ জুলাই : NEET-UG প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে ২০২৩ বেটছৰ আৰআইএমএছৰ এগৰাকী প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰীক সোধা-পোছা কৰি আছে । ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (আৰআইএমএছ) ছাত্ৰী আৱাসত থকা ছাত্ৰীগৰাকীক এই সপ্তাহৰ আৰম্ভণিতে চিবিআইয়ে সোধা-পোছাৰ বাবে যোগাযোগ কৰিছিল ।

আৰআইএমএছৰ পিআৰঅ' ৰাজীৱ ৰঞ্জনে সংবাদ মাধ্যমক জনোৱা মতে চিবিআইৰ দলটোৱে প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীক সোধা-পোছা কৰি আছে । দলটোৱে বুধবাৰে চিকিৎসালয় পৰিচালনা সমিতিৰ সৈতে যোগাযোগ কৰি কৈছিল যে তেওঁলোকে NEET-UG প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰশ্ন কৰিব বিচাৰিছিল । পৰিচালনা সমিতিয়ে চিবিআইৰ দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ।

বিষয়াগৰাকীয়ে জনোৱা মতে ছাত্ৰীগৰাকীৰ অভিভাৱকসকলে পৰিচালনা সমিতিৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকক এই বিষয়ে অৱগত কৰা হৈছে । একেদিনাই বিহাৰত চিবিআইয়ে এইমছ পাটনাৰ ৪ গৰাকী এমবিবিএছ শিক্ষাৰ্থীক প্ৰশ্নকাকত গোচৰৰ তদন্তৰ অংশ হিচাপে গ্ৰেপ্তাৰ কৰে ।

চিবিআইয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জামছেদপুৰৰ পৰা ২০১৭ বৰ্ষৰ চিভিল ইঞ্জিনিয়াৰ পংকজ কুমাৰ ওৰফে আদিত্যক গ্ৰেপ্তাৰ কৰাৰ দুদিন পিচতে শিক্ষাৰ্থীকেইজনক গ্ৰেপ্তাৰ কৰা হয় । আদিত্যৰ বিৰুদ্ধে হাজৰিবাগৰ এনটিএ ট্ৰাংকৰ পৰা এনইইটি-ইউজি প্ৰশ্নকাকত চুৰি কৰাৰ অভিযোগ আছিল । চিবিআইয়ে একেটা গোচৰতে ৰাজু সিং নামৰ এজনকো গ্ৰেপ্তাৰ কৰিছে । চিকিৎসা প্ৰৱেশ পৰীক্ষাত অনিয়মৰ অভিযোগৰ তদন্ত কৰি থকা চিবিআইয়ে এতিয়ালৈকে ৬ খন এজাহাৰ দাখিল কৰিছে ।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দ্বাৰা পৰিচালিত এনইইটি-ইউজি হৈছে চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত এমবিবিএছ, বিডিএছ, আয়ুষ আৰু অন্যান্য চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা । এই বছৰ ৫ মে'ত ৫৭১ খন চহৰৰ ৪,৭৫০ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । তাৰ ভিতৰত ১৪ টা বিদেশত আছিল । ২৩ লাখতকৈও অধিক প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

লগতে পঢ়ক :নীট প্ৰশ্নকাকত ফাদিল গোচৰ; পাটনা এইমছৰ ৩ চিকিৎসকক গ্ৰেপ্তাৰ - NEET PAPER LEAK CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.