গুৱাহাটী, 2 জুন : মেঘালয়ৰ উদ্যান শস্য সঞ্চালকালয়ৰ উদ্যোগত শুকুৰবাৰে মেঘালয়ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বজাৰ প্ৰৱেশৰ অধিকাৰ আৰু উৎপাদনৰ মানদণ্ড বৃদ্ধি কৰাৰ লক্ষ্যৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । শ্বিলঙৰ উজনি দিশৰ ইণ্টিগ্ৰেটেড কৃষি প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানত অঞ্চলটোত চাহ উদ্যোগৰ উন্নতিৰ লগত জড়িত বিশেষজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
বিশেষজ্ঞসকলে মেঘালয়ত চাহ খেতিৰ সুযোগ আৰু প্ৰত্যাহ্বান চিনাক্ত কৰা, আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহৰ বিপণন, মাইক্ৰ' আৰু মিনি চাহৰ যন্ত্ৰপাতি আৰু বিশেষ চাহ উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকৰ অমূল্য অন্তৰ্দৃষ্টি আৰু দৃষ্টিভংগী দাঙি ধৰে ।
উদ্যান শস্য সঞ্চালক ডি চি ছোহটুনে তেওঁৰ ভাষণত মেঘালয়ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বজাৰৰ প্ৰৱেশাধিকাৰ আৰু উন্নত মানদণ্ডৰ চাহপাত উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ৰাজ্যখন লাভান্বিত হয় । তেওঁ উল্লেখ কৰে যে মেঘালয়ত চাহ মুখ্যতঃ জৈৱিকভাৱে কৰা হয়, যি ইয়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে । চাহ খেতিয়ে সমাজ, পৰিৱেশ আৰু অৰ্থনীতিৰ বাবে বহুতো লাভালাভ আনিছে, যাৰ ভিতৰত আছে নিযুক্তিৰ সুযোগ আৰু চাহ পৰ্যটন ।
উল্লেখ কৰা প্ৰয়োজন যে আন ৰাজ্যৰ তুলনাত মেঘালয়ত মাত্ৰ 2768 হেক্টৰ চাহ খেতি আছে । মেঘালয়ত প্ৰথম চাহ কাৰখানা 1997 চনত স্থাপন কৰা হৈছিল । বৰ্তমান, সৰু আৰু ডাঙৰ মিলাই মুঠ 12 টা চাহ কাৰখানা আছে । উৎপাদিত চাহৰ 70 ৰ পৰা 80 শতাংশ হৈছে চিটিচি, বাকীখিনি হৈছে বিশেষ চাহ । মেঘালয়তো ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ চাহ ৰপ্তানি কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে বিশেষজ্ঞসকলে ৷
মেঘালয়ৰ উদ্যান শস্য সঞ্চালক ডি.চি. ছোহটুন (sohtun), উদ্যান শস্যৰ সহকাৰী সঞ্চালক মেৰী কিউ. চি. মাৰাক, ভাৰতীয় চাহ পৰিষদৰ সহকাৰী সঞ্চালক ৰমেন লাল বৈশ্যকে ধৰি বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বটলিফ চাহ নির্মাতা সন্থাৰ; আজিৰে পৰা ফেক্টৰীয়ে নলয় কেঁচা চাহপাত - TEA BOARD