ETV Bharat / bharat

কেদাৰনাথলৈ যোৱা পথত পাহাৰৰ শিল খহি মৃত্যু ৩ তীৰ্থযাত্ৰীৰ, আহত ৫ জন - Stone And Debris Fall On Pilgrims

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 12:47 PM IST

Kedarnath Route Pilgrims Died : উত্তৰাখণ্ডৰ কেদাৰনাথলৈ যোৱা পথত অঘটন ৷ পাহাৰৰ পৰা বাগৰি অহা শিল পৰি ইতিমধ্যে কেবাজনো লোকৰ মৃত্যু হৈছে ৷ একে সময়তে বহু যাত্ৰী আহত হোৱাৰো তথ্য পোৱা গৈছে ।

Kedarnath Route Pilgrims Died
উত্তৰাখণ্ডত অঘটন (ETV Bharat)

নেশ্যনেল ডেস্ক, ২১ জুলাই : কেদাৰনাথত অঘটন ৷ কেদাৰনাথলৈ খোজকাঢ়ি যোৱা এটা পথৰ ওপৰত পৰে পাহাৰৰ পৰা বাগৰি অহা শিলাখণ্ড ৷ ফলত ৩ তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে । আনহাতে আন দুজন তীৰ্থযাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ৷ কেদাৰনাথলৈ খোজকাঢ়ি যোৱা চীৰবাসা পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । এই তথ্য সদৰী কৰিছে ৰুদ্ৰপ্ৰয়াগ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে ।

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে জনোৱা মতে, পুৱা প্ৰায় ৭:৩০ বজাত দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষই এক তথ্য লাভ কৰে । কেদাৰনাথলৈ থোৱা চিৰবাছা পথত পাহাৰৰ পৰা ধ্বংসাৱশেষ আৰু শিল বাগৰি পৰে ৷ ফলত কেবাজনো যাত্ৰী এই ধ্বংসাৱশেষৰ তলত পোত যায় ।

এই তথ্য পোৱাৰ লগে লগেই এন ডি আৰ এফ, ডি ডি আৰ এফ, ৱাই এম এফ আৰু প্ৰশাসনৰ দলকে ধৰি যাত্ৰা পথত নিয়োজিত নিৰাপত্তাৰক্ষী সেই স্থানত উপস্থিত হয় । তাৰ পাচতেই আৰম্ভ কৰে উদ্ধাৰ অভিযান ।

লগতে পঢ়ক : উত্তৰাখণ্ডত মৃত্যুৰ কিৰিলি : বিগত 28 দিনত 86 গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু - UTTARAKHAND CHARDHAM YATRA 2024

তেওঁ জনোৱা মতে, উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ পৰা ৩ জন তীৰ্থযাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ লগতে কেবাজনো তীৰ্থযাত্ৰীক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে ।

মন কৰিবলগীয়া যে, আজি (দেওবাৰ) বতৰ বিজ্ঞান বিভাগে কেদাৰনাথত প্ৰচণ্ড বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে । এনে পৰিস্থিতিত পাহাৰ খহা, পাহাৰৰ শিল বাগৰি পৰাৰ লগতে নৈৰ পানী বঢ়াৰো আশংকা কৰা হৈছে । সেয়ে বাৰিষাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে ।

উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত গৌৰীকুণ্ডতো এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছিল । য'ত পাহাৰ খহি পৰাৰ ফলত তিনিখন দোকান ভাঙি যায় । এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হয় । আনহাতে বহু লোকৰ সন্ধানো পোৱা নাছিল । মন্দাকিনী নদীৰ পৰা উদ্ধাৰ হৈছে প্ৰায় এক ডজন লোকৰ মৃতদেহ ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ২, আহত ২০ ৰো অধিক - TRAIN ACCIDENT IN UP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.