ETV Bharat / bharat

ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ : 64 জন পৰ্যটকক উদ্ধাৰ সীমান্ত পথ সুৰক্ষা বাহিনীৰ - Sikkim Landslide - SIKKIM LANDSLIDE

Flood Hit Sikkim : ছিকিমত হোৱা ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে বহু যাত্ৰী তথা পৰ্যটক ৷ সীমান্ত পথ সুৰক্ষা বাহিনীৰ দলে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে যৌথভাবে আৱদ্ধ হৈ থকা পথসমূহ খালী কৰি পৰ্যটকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ৷

RAIN HIT NORTH SIKKIM
পৰ্যটকক উদ্ধাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 7:51 PM IST

Updated : Jun 17, 2024, 8:48 PM IST

তেজপুৰ, 17 জুন : বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমত হোৱা ভূমিস্খলনৰ ফলত বহু হাজাৰ যাত্ৰী তথা পৰ্যটক আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ সীমান্ত পথ সুৰক্ষা বাহিনীৰ লোকে সোমবাৰে আৱদ্ধ হৈ থকা 64 জনীয়া পৰ্যটকৰ এটাক দল উদ্ধাৰ কৰে ৷ ছিকিমৰ চুংথাঙৰ পৰা মংগনলৈ আবদ্ধ 64 জন পৰ্যটকৰ প্ৰথমটো দল সীমান্ত পথ সুৰক্ষা বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে ৷ প্ৰতিকূল বতৰৰ মাজতে সীমান্ত পথ সুৰক্ষা বাহিনীৰ দলে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে যৌথভাবে আৱদ্ধ হৈ থকা পথসমূহ খালী কৰি পৰ্যটকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ৷

ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে বহু যাত্ৰী তথা পৰ্যটক (ETV BHARAT ASSAM)

ইফালে বিভিন্ন প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতে উত্তৰ ছিকিমৰ পথ সংযোগ পুনৰুদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে সীমান্ত পথ সুৰক্ষা বাহিনীয়ে ৷ বি আৰ অ’ই মংগন জিলাৰ বিভিন্ন পথত হোৱা ভূমিস্খলনৰ স্থানসমূহ পৰিষ্কাৰ তথা মুকলি কৰিবলৈ একাধিক গধুৰ যন্ত্ৰপাতি আৰু শ শ শ্ৰমিক নিয়োগ কৰিছে ৷ 11 জুনৰ পৰা অবিৰতভাবে চলি থকা বৰষুণে উত্তৰ ছিকিমত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৷ প্ৰবল বৰষুণৰ ফলত উত্তৰ ছিকিমলৈ যোৱা পথ যেনে ডিকচু-শংকলাং-টুং, মংগন-শংকলাং, সিংথাম-ৰংৰাং, আৰু ৰংৰাং-টুং আদি পথত একাধিক ভূমিস্খলন আৰু পথ ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ফলত উত্তৰ ছিকিমত আবদ্ধ হৈ আছে প্ৰায় 1200-1500 পৰ্যটক ৷

লগতে পঢ়ক : বংগৰ ৰে’ল দুৰ্ঘটনা : যাত্ৰীৰ সুৰক্ষা, 'কৱচ' ৰূপায়ণৰ স্থিতিক লৈ উঠিছে প্ৰশ্ন - KANCHANJUNGHA EXPRESS ACCIDENT

উত্তৰ ছিকিম আৰু ডজংগু অঞ্চলৰ সংযোগস্থল শংকলাঙত নতুনকৈ নিৰ্মাণ কৰা ওলোমা দলংখন চিগি পৰাৰ পিচত পৰিস্থিতি ভয়াৱহ হৈ পৰে ৷ বি আৰ অ’ই শংকলাং-টুং পথৰ কাষৰ একাধিক পথ মুকলি কৰি লঘু বাহন যাতায়তৰ বাবে মুকলি কৰিছে ৷ একেদৰে মংগন-চুংথাং পথৰ নগা আৰু লান্তখোলাৰ মাজৰ পথটো মুকলি কৰি যাতায়তৰ বাবে সুগম কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ৷ কিন্তু পৰম্পৰাগত স্লাইড পইণ্ট লান্থাখোলা আৰু ৰাফাংখোলাত ভূমিস্খলন চলি থকা ঠাইত আন এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ এই পইণ্টসমূহৰ মাজেৰে অতি সোনকালে পৰ্যটকসকলক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে ৷ আনহাতে এই ভগ্ন অঞ্চলসমূহৰ মাজেৰে খোজকাঢ়ি সংযোগ স্থাপনৰ বাবে এখন দলং নিৰ্মাণ কৰা হৈছে বুলি ৰাৱাটে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : মনোমোহা ছিকিমত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ তাণ্ডৱ: তিনিটা মৃতদেহ উদ্ধাৰ - landslides in Sikkim

Last Updated : Jun 17, 2024, 8:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.