ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে পুনৰ পশ্চিমবংগত বিস্ফোৰণ, এজন কিশোৰ নিহত - Pandua blast

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 3:36 PM IST

Pandua blast: তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পশ্চিমবংগৰ পাণ্ডুৱাৰ টিন্নাত ভয়ংকৰ বোমা বিস্ফোৰণ । এজন কিশোৰ নিহত আৰু ২ জন গুৰুতৰভাৱে আহত । তেওঁলোকে খেলি থকা সময়তে এই বিস্ফোৰণ হয় ।

Pandua blast
নিৰ্বাচনৰ পূৰ্বে পুনৰ পশ্চিমবংগত বিস্ফোৰণ, এজন কিশোৰ নিহত (ETV Bharat)

নেশ্যনেল ডেস্ক,৬ মে': দেশত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে পশ্চিমবংগত বোমা বিস্ফোৰণ । সোমবাৰে পুৱা পাণ্ডুৱাৰ টিন্নাত এক ভয়ংকৰ বিস্ফোৰণ হয় । য'ত এজন কিশোৰ নিহত হয় আৰু দুজন কিশোৰ গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে বোমা বিস্ফোৰণটো নেতাজী পল্লীত সংঘটিত হয় ।

জানিব পৰা মতে ৩ জন কিশোৰে সোমবাৰে পুৱা প্ৰায় ৮ মান বজাত এটা নলাৰ কাষতে খেলি আছিল । সেই সময়তে এগৰাকী কিশোৰে এটা বোমাক বল বুলি ভাবি লঠিয়াইছিল । লগে লগে বিস্ফোৰণ হয় আৰু সেই স্থানতে কিশোৰজনৰ মৃত্যু হয় । তেওঁৰ সমীপতে থকা বাকী দুজন কিশোৰ গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোকক পাণ্ডুৱা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । খবৰ অনুসৰি ঘটনাস্থলীৰ পৰা এটা বোমা উদ্ধাৰ কৰা হয় ।

আৰক্ষীৰ সূত্ৰৰ আহতসকলৰ ভিতৰত এজনৰ নাম ৰূপম বল্লভ । ৰূপম টিন্না হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ । বিস্ফোৰণটোত তেওঁ এখন হাতত গুৰুতৰভাৱে আঘাত পাইছে । কিশোৰজনৰ অৱস্থাৰ অধিক অৱনতি হোৱাৰ লগে লগে চুঞ্চুৰা ইমামবাৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । আন এজন আহত হৈছে সৌৰভ চৌধুৰী । ইফালে মৃত কিশোৰজনৰ ঘৰ বৰ্ধমানৰ পাল্লা ৰোডৰ বুলি জানিব পৰা গৈছে ।

এই বিস্ফোৰণক লৈ ৰাজ্যজুৰি ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে । ৰাজনৈতিক দলবোৰৰ মাজতো এই ঘটনাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । স্থানীয় বিজেপি সাংসদ লকেট চেটাৰ্জীয়ে অভিযোগ কৰিছে যে টিএমচি এই বিস্ফোৰণত জড়িত আছে । তেওঁ দাবী কৰে যে পাণ্ডুৱাত টিএমচিৰ ছেকেণ্ড-ইন-কমাণ্ড অভিষেক বেনাৰ্জীৰ প্ৰচাৰৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ ভয়-ভীতিৰ ৰাজনীতি আৰম্ভ হৈছে । নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগত বোমা বিস্ফোৰণৰ এয়া প্ৰথম ঘটনা নহয় । ৩০ এপ্ৰিলত মুৰ্শিদাবাদৰ বেলদাংগাত একেধৰণৰ বিস্ফোৰণ হৈছিল ।

লগতে পঢ়ক :কুলিং টাৱাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ১১ ঘণ্টাৰ পিচত নুমাল জুই - FIRE INCIDENT IN GHAZIABAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.