ETV Bharat / bharat

পাৰ্শ্বীয় প্ৰৱেশৰ দ্বাৰা নিযুক্তি: ৰাহুল গান্ধীৰ মন্তব্যক লৈ শাসক-বিৰোধীৰ মাজত বাকযুদ্ধ - Lateral Entry Recruitment - LATERAL ENTRY RECRUITMENT

Rahul Gandhi slams UPSC lateral entry: লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে নিযুক্তি প্ৰদানৰ পদক্ষেপক ৰাষ্ট্ৰবিৰোধী বুলি অভিহিত কৰিছে । লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ সংৰক্ষণ কাঢ়ি ল’ব বুলি দাবী কৰিছে । সমান্তৰালভাৱে, UPSC ৰ নিযুক্তি প্ৰক্ৰিয়া RSS ৰ জৰিয়তে হোৱা বুলি দাবী বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ৷ ৰাহুলৰ মন্তব্যক লৈ শাসক-বিৰোধীৰ মাজত বাক-বিতণ্ডা ৷

'Hiring public servants through RSS': Rahul Gandhi slams UPSC lateral entry
বিৰোধী দলৰ নেতা ৰাহুল গান্ধী (ANI)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:36 AM IST

নেশ্যনেল ডেস্ক, 19 আগষ্ট: দেওবাৰে বিৰোধী দলসমূহে পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে UPSC ত নিযুক্তিৰ পদক্ষেপক তীব্ৰ সমালোচনা কৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচ পৰা শ্ৰেণীৰ পৰা সংৰক্ষণ চৰকাৰে কাঢ়ি ল’ব বুলি দাবী কৰে ৷ অৱশ্যে বিজেপিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কয়, "এন ডি এ চৰকাৰে ইউ পি এৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা নিযুক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰখনলৈ স্বচ্ছতা আনিছে ৷"

কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীয়েও অভিযোগ উত্থাপন কৰে যে নিজৰ মতাদৰ্শগত মিত্ৰসকলক উচ্চ পদত নিযুক্তি দিয়াটো বিজেপিৰ ‘ষড়যন্ত্ৰ’।

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয়, "আই এ এছৰ ব্যক্তিগতকৰণৰ জৰিয়তে মোদীয়ে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ বাবে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল তাৰে সাকাৰ ৰূপ দিব । INDIA গোটে এই ‘ৰাষ্ট্ৰ বিৰোধী পদক্ষেপ’ৰ তীব্ৰ বিৰোধিতা কৰিছে । সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে 2 অক্টোবৰৰ পৰা ইয়াৰ বিৰুদ্ধে আন্দোলন হ’ব বুলি সকীয়াই দিয়ে ।

অভিযোগ প্ৰতিহত কৰি বিজেপিয়ে 2020 চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ উদ্ধৃতি দি পাৰ্শ্বীয় প্ৰৱেশৰ ক্ষেত্ৰত সংৰক্ষণৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিৰোধী নেতা গান্ধীক ‘মিছা কথা কোৱা বন্ধ’ কৰিবলৈ কয় ।

কেন্দ্ৰীয় লোকসেৱা আয়োগে শনিবাৰে 45 টা পদ (10 টা যুটীয়া আযুক্ত আৰু 35 টা সঞ্চালক/উপসচিব) চুক্তিৰ ভিত্তিত পাৰ্শ্বীয় প্ৰৱেশ পদ্ধতিৰ জৰিয়তে পূৰণ কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ।

X যোগে গান্ধীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ পদত পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে নিযুক্তি দি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচ পৰা শ্ৰেণীৰ সংৰক্ষণ মুকলিকৈ কাঢ়ি লোৱা হৈছে । কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে UPSC ত নিযুক্তি দি সংবিধানক আক্ৰমণ কৰিছে ৷"

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, "এটা সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে বিজেপিয়ে ইচ্ছাকৃতভাৱে চাকৰিত এনে নিযুক্তি দিছে যাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচ পৰা শ্ৰেণীক সংৰক্ষণৰ পৰা আঁতৰাই ৰাখিব পৰা যায় ।"

বিএছপিৰ মুৰব্বী মায়াৱতীয়ে এই সিদ্ধান্তক ‘অবৈধ আৰু অসাংবিধানিক’ বুলি অভিহিত কৰি নিম্ন পদত কাম কৰা কৰ্মচাৰীসকল পদোন্নতিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব বুলি কয় । অৱশ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্সযোগে পাৰ্শ্বীয় প্ৰৱেশ ব্যৱস্থাক কংগ্ৰেছে কৰা সমালোচনাক ‘ভণ্ডামি’ আখ্যা দিয়ে ।

X যোগে বিজেপিৰ তথ্য-প্ৰযুক্তি বিভাগৰ মুৰব্বী অমিত মালবিয়াই কয়, "গান্ধীয়ে “মিছা কোৱা বন্ধ কৰক” কাৰণ সত্যটো হ’ল কংগ্ৰেছৰ সময়ত এনে পাৰ্শ্বীয় নিযুক্তি কোনো প্ৰক্ৰিয়া অবিহনে কৰা হৈছিল । সেইবোৰক নিৰ্মূল কৰি ভাৰত চৰকাৰে এতিয়া নিশ্চিত কৰিছে যে প্ৰতিষ্ঠিত নিৰ্দেশনাৰ ভিত্তিত পাৰ্শ্বীয় প্ৰৱেশ কৰা হয় যাতে কোটা আৰু সংৰক্ষণ ব্যৱস্থাত কোনো প্ৰভাৱ নপৰে ।"

চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এই পাৰ্শ্বীয় প্ৰৱেশ আঁচনিখন আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰা হৈছিল ।

লগতে পঢ়ক: আকাংক্ষাৰ দৈন্য নে আভিজাত্য; আমি কিয় ইউ পি এছ চি প্ৰত্যাশীসকলক অভিবাদন জনাব লাগে - UPSC Aspirants

প্ৰধানমন্ত্ৰী মোদী আৰু স্বাধীনতা দিৱসৰ বিশেষ পাগুৰি - PM Modi Special Turban

মোদীয়ে ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰিবনে ? সন্দেহ প্ৰকাশ গৌৰৱ গগৈৰ - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.