ETV Bharat / bharat

বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক সমাপ্ত; শীঘ্ৰে প্ৰকাশ পাব লোকসভা নিৰ্বাচনৰ প্ৰথম তালিকা

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:34 AM IST

BJP CEC Meeting : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ (চিইচি) বৈঠকত সভাপতিত্ব কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা চূড়ান্ত কৰে । বৈঠকত বিজেপি সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ দৰে দলৰ নেতাসকলৰ লগতে অসম, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড় আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে ।

শীঘ্ৰে প্ৰকাশ পাব বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰথম তালিকা

নিউজ ডেস্ক, ১ মাৰ্চ : ভাৰতীয় জনতা পাৰ্টীৰ দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত লোকসভা নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক । এই বৈঠকত প্ৰায় ১৭ খন ৰাজ্যৰ লোকসভাৰ আসন সন্দৰ্ভত আলোচনা কৰা হয় । লগতে ১৫৫ খনতকৈ অধিক আসনত প্ৰাৰ্থীৰ নামত মোহৰ লগোৱা হয় । এই তালিকা দুই-এদিনতে প্ৰকাশ পাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্ৰীসকল, ৰাজ্যিক সভাপতি, ভাৰপ্ৰাপ্ত বিষয়া, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া আৰু বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়াসকল এই বৈঠকত উপস্থিত থাকে ।

বৈঠকত অসম, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, উত্তৰাখণ্ড আৰু গোৱাৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে । আনহাতে, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, বিজেপি নেতা প্ৰহ্লাদ পেটেল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভি ডি শৰ্মাও বৈঠকত উপস্থিত থাকে । বৈঠকত মধ্যপ্ৰদেশৰ ২৯ খন আসনৰ ভিতৰত আটাইকেইখনৰে প্ৰাৰ্থীৰ নাম সন্দৰ্ভত আলোচনা কৰা হয় ।

সূত্ৰ মতে, তেলেংগানাৰ পৰা ৪-৫ জন প্ৰাৰ্থীৰ নাম ঘোষণা শীঘ্ৰেই ঘোষণা কৰিব পাৰে । বৰ্তমানৰ তিনিগৰাকী সাংসদ ক্ৰমে জি কিষাণ ৰেড্ডী, বান্দি সঞ্জয় কুমাৰ আৰু অৰবিন্দ ধৰ্মপুৰীয়ে পুনৰ টিকট লাভ কৰিব পাৰে । বৈঠকত প্ৰাৰ্থীৰ নাম সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতেও আলোচনা হয় ।

আনহাতে, ছত্তীশগড়, ৰাজস্থান, কেৰালা, গুজৰাট, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডৰ বিজেপি নেতাসকলৰ সৈতেও প্ৰাৰ্থীৰ নাম সন্দৰ্ভত আলোচনা হয় । বিজেপিৰ এক সূত্ৰই জনোৱা মতে, বৈঠকত অসমৰ প্ৰাৰ্থীসকলৰ নাম সন্দৰ্ভতো আলোচনা কৰা হয় আৰু আটাইকেইখন আসনতে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে ৷

বিজেপিয়ে ৰাজ্যখনত এঘাৰখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । আনহাতে, ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি জম্মুৰ আসনসমূহৰ বাবে প্ৰাৰ্থীৰ ওপৰতো আলোচনা কৰা হয় । পৰৱৰ্তী বৈঠকত কাশ্মীৰৰ বাবে আলোচনা অনুষ্ঠিত হ'ব ।

ইয়াৰ উপৰি দিল্লীত দুই-তিনিখন আসনৰ ওপৰত আলোচনা অনুষ্ঠিত হয় । কিন্তু এই ক্ষেত্ৰত আন এক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব । ইফালে গোৱাত এখন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে । আনহাতে, এখন আসনৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ লোকসভা নিৰ্বাচনত 'ক্ৰছিং ৪০০'ৰ শ্ল’গান দিছে । লগতে বিজেপিয়ে নিজাববীয়াকৈ ৩৭০ খনৰো অধিক আসনত জয়ৰ লক্ষ্য ৰাখিছে ।

লগতে পঢ়ক : আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা, কাৰ কপালত 'টিকেট টু লোকসভা' ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.