ETV Bharat / bharat

শিৱৰাজ সিং চৌহান-হিমন্ত বিশ্ব শৰ্মাৰ হাতত ঝাৰখণ্ডৰ ৰাজপাট দখলৰ দায়িত্ব - Upcoming Assembly Elections - UPCOMING ASSEMBLY ELECTIONS

BJP assembly election preparations : আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহযোগীৰ দায়িত্ব দিয়া হৈছে।

ELECTION IN CHARGE OF JHARKHAND
নিৰ্বাচনক লৈ কুচ-কাৱাজ আৰম্ভ কৰিছে বিজেপি দলে (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 4:02 PM IST

নেশ্যনেল ডেস্ক, 17 জুন : লোকসভা নিৰ্বাচনৰ পিচতেই দেশৰ তিনিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ’বলৈ গৈ আছে বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ ৷ এই নিৰ্বাচনক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি দলে ৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যত গেৰুৱা দলটোৱে ব্যাপক ৰূপত দলীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷

দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই চাৰিখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে ৷ বিজেপিৰ কেবাজনো শীৰ্ষ নেতাক এই ৰাজ্যকেইখনত দলীয় নিৰ্বাচনী দায়িত্ব অৰ্পণ কৰিছে বিজেপিয়ে ৷ য’ত কেবাজনো কেন্দ্ৰীয় মন্ত্ৰীও অন্তৰ্ভূক্ত আছে ৷ প্ৰভাৰী আৰু সহ-প্ৰভাৰীৰ এই তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ বিধান সভা নিৰ্বাচনৰ সহ-প্ৰভাৰী নিযুক্তি দিয়া হৈছে ৷

লগতে পঢ়ক : এলিমিনেট ই ভি এম : এক্সত ৰাজীৱ চন্দ্ৰশেখৰ বনাম ইলন মাস্ক; ব্লেক বক্স আখ্যা ৰাহুল গান্ধীৰ - EVM HACKING CONTROVERSY

ঝাৰখণ্ডৰ উপৰিও মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বাবেও ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে বিজেপি দলে ৷ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সহযোগীৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক হাৰিয়ানাৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সহযোগীৰ দায়িত্ব দিয়া হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷ এই সন্দৰ্ভত দলে নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখযোগ্য যে চলিত বৰ্ষৰ শেষত এই চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ বৰ্তমান দুখন ৰাজ্যত বিজেপি চৰকাৰ আছে ৷ আনহাতে বিগত নিৰ্বাচনত ঝাৰখণ্ডত বিজেপি পৰাস্ত হৈছিল ৷

লগতে পঢ়ক : মসৃণ নহ'ব মোদীৰ তৃতীয়টো কাৰ্যকাল ! - Modi Govt third term

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.