ETV Bharat / bharat

ওড়িশাত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ : ৫ হাজাৰোধিক কুকুৰা হত্যা, ক্ষতিপূৰণ দাবী - Bird Flu

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 4:26 PM IST

Bird Flu Outbreak In Odisha : ওড়িশাত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱৰ বাবে হাজাৰ হাজাৰ কুকুৰা বধ কৰা হৈছে আৰু কেইবা হাজাৰ কুকুৰা বধ কৰিবলৈ আগবাঢ়িছে প্ৰশাসনে । কিন্তু ৰাজ্যখনৰ পিপিলিৰ কুকুৰা পালকসকলে ৫৪ খন ফাৰ্মৰ পৰা হাজাৰ হাজাৰ কুকুৰা বধ কৰাৰ পূৰ্বে উপযুক্ত ক্ষতিপূৰণ দাবী কৰিছে । আনহাতে, বিষয়াসকলে আশ্বাস দিছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি কুকুৰা পালকসকলক ক্ষতিপূৰণ দিয়া হ'ব ।

Bird Flu Outbreak In Odisha
ওড়িশাত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ (ETV Bharat)

নিউজ ডেস্ক, ২৬ আগষ্ট : ওড়িশাৰ পুৰী জিলাৰ পিপিলি টাউনশ্বিপৰ ৫৪ খন ফাৰ্মৰ প্ৰায় ৪০,০০০ কুকুৰা বধ কৰাৰ সম্ভাৱনা আছে । অঞ্চলটোত এভিয়ান ইনফ্লুৱেঞ্জা বা বাৰ্ড ফ্লুৰ এইচ৫এন১ প্ৰজাতি ধৰা পৰাৰ পিচত সোমবাৰে এই বৃহৎসংখ্যক কুকুৰা হত্যা কৰাৰ সম্ভাৱনা আছে ।

এগৰাকী বিষয়াই কয় যে অঞ্চলটোত ইতিমধ্যে ৫,০০০ তকৈও অধিক কুকুৰা হত্যা কৰা হৈছে । পিপিলিৰ এখন কুকুৰা ফাৰ্মত কুকুৰাৰ ব্যাপক মৃত্যুৰ পিচত ৰাজ্য চৰকাৰে এটা পশু চিকিৎসা দল প্ৰেৰণ কৰে । দলটোৱে মৃত কুকুৰাৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলিও তেওঁ কয় ।

এই নমুনাবোৰ পজিটিভ হোৱাৰ পিচত চৰকাৰে শনিবাৰে ফাৰ্মখন আৰু স্থানীয় এলেকাত কুকুৰা বধৰ কাম আৰম্ভ কৰে । তেওঁ লগতে কয় । শনিবাৰে ৩০০ টা কুকুৰা হত্যা কৰাৰ উপৰি দেওবাৰে ৪,৭০০ তকৈও অধিক কুকুৰা হত্যা কৰা হয় । ৰোগ নিয়ন্ত্ৰণৰ অতিৰিক্ত সঞ্চালক জগন্নাথ নন্দাই এইকথা কয় ।

আনহাতে, ৰেপিড ৰেছপন্স দলবোৰক কুকুৰাবোৰ বধ কৰা আৰু সমাধিস্থ কৰাৰ কামত নিয়োজিত কৰা হৈছে । পশুপালন আৰু পশু চিকিৎসা সেৱাৰ যুটীয়া সঞ্চালক মনোজ পাটনায়কে কয় যে এই কুকুৰাবোৰৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো চৰাই বধ কৰা হ'ব আৰু ফাৰ্মবোৰক আগন্তুক পাঁচ মাহৰ বাবে মুৰ্গীৰ মজুত কৰিবলৈ অনুমতি দিয়া নহ'ব । নিৰ্দেশনা অনুসৰি কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলিও তেওঁ কয় ।

ইফালে কুকুৰা পালকসকলে এই বৃহৎ পৰিমাণৰ হত্যাৰ পূৰ্বে উচিত ক্ষতিপূৰণৰ বাবে জোৰদাৰ দাবী তুলিছে । তেওঁলোকে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । আনহাতে, সংশ্লিষ্ট বিষয়াসকলে চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰি ক্ষতিপূৰণৰ আশ্বাস দিছে ।

কিন্তু কুকুৰা পালকসকলে ক্ষতিপূৰণ নোপোৱালৈকে এটাও কুকুৰা বধ কৰিবলৈ নিদিয়াৰ ভাবুকি দিছে । ওড়িশা কুকুৰা উন্নয়ন মঞ্চৰ সম্পাদক প্ৰদ্যুম্ন পাৰিদাই কুকুৰা পালকসকলৰ লোকচানৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু কোনে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি প্ৰশ্ন কৰে ।

ইয়াৰে পৰিপ্ৰেক্ষিতত মীনপালন আৰু পশু সম্পদ উন্নয়ন বিভাগে আশ্বাস দিছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাৰি কৰা বৰ্তমানৰ নিৰ্দেশনা অনুসৰি কৃষকসকলক ক্ষতিপূৰণ দিয়া হ'ব । এই ক্ষতিপূৰণ পিপিলি অঞ্চলৰ ৫৪ খন কুকুৰা ফাৰ্মৰ বাবে প্ৰতিটো ডাঙৰ কুকুৰাৰ বাবে ৭০ টকা আৰু প্ৰতিটো সৰু কুকুৰাৰ বাবে ২০ টকা নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ ডিজিপিক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Jharkhand Assembly Election 2024
লগতে পঢ়ক :মইতো বিচাৰো হেমন্ত ছোৰেনো বিজেপিলৈ আহক: ড৹ হিমন্ত বিশ্ব শৰ্মা - Assam CM on infiltration

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.