ETV Bharat / bharat

ছগৰাকী ভগ্নী শিক্ষয়িত্ৰী, ভাতৃও শিক্ষক : সন্তানো শিক্ষকতা বৃত্তিৰ লগতে জড়িত - State Level Best Teacher Award

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 10:06 PM IST

Rare family occupation : পৰিয়ালটোৰ সাতগৰাকী ভাতৃ-ভগ্নীৰ আটাইকেইগৰাকীয়েই শিক্ষকতা বৃত্তিৰ লগত জড়িত ৷ কেৱল সেয়াই নহয়, ভগ্নীকেইগৰাকীৰ সন্তানো শিক্ষক ৷ এই ব্যতিক্ৰমী পৰিয়ালটোৰ এগৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে শ্ৰেষ্ঠ শিক্ষকৰ বঁটা ৷

Rare family occupation
এটা বিশেষ পৰিয়াল : পৰিয়ালটোৰ সকলো লোকেই শিক্ষক (ETV Bharat)

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : এগৰাকী বিশেষ শিক্ষকে দুটা কোঠাৰ চৰকাৰী বিদ্যালয়খনক 10 টা কোঠাৰ বিদ্যালয়লৈ ৰূপান্তৰ কৰাই নহয়, বিদ্যালয়খনক উচ্চ-প্ৰযুক্তিসম্পন্নও কৰি তুলিলে তেওঁ ৷ যাৰ বাবে তেওঁক ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰা হৈছে ৷

ব্যতিক্ৰমী কথাটো হ’ল যে শিক্ষকগৰাকীৰ ছগৰাকীৰ বাই-ভনীৰ প্ৰতিগৰাকীয়েই একোগৰাকী শিক্ষয়িত্ৰী ৷ তাতোকৈ আচৰিত কথাটো হ’ল তেওঁলোকৰ স্বামী আৰু সন্তানো শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত ৷

উল্লেখ্য যে কৰ্ণাটকৰ ডোডাবাল্লাপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হ’ল মংগলাগুৰি এম এইচ ৷ শিক্ষকগৰাকীয়ে ২০২৪ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰিছে ৷ 21 বছৰ বয়সতে শিক্ষকতাৰ বৃত্তি আৰম্ভ কৰাৰ পিছত বিগত 34 টা বছৰে শিক্ষক হিচাপে তেওঁ সেৱা আগবঢ়াই আহিছে, শিক্ষাৰ পোহৰ বিলাইছে হাজাৰ হাজাৰ শিশুৰ মাজত ৷

২০১৬ চনত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে শিক্ষকগৰাকীয়ে যোগদান কৰাৰ পিছতে বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশটোৱেই সলনি কৰি দিয়ে ৷ দুটা কোঠাৰ বিদ্যালয়খনক তেওঁ 10 টা কোঠাৰ বিদ্যালয়লৈ ৰূপান্তৰ কৰে ৷ দাতা আৰু বিভিন্ন কোম্পানীৰ পৰা চি.এছ.আৰ. অনুদান লৈ তেওঁ চৰকাৰী বিদ্যালয়খনক উচ্চ-প্ৰযুক্তিসম্পন্ন বিদ্যালয় হিচাপে নিৰ্মাণ কৰে ৷ দুই একৰ ভূমিত স্থাপিত বিদ্যালয়খন এখন উদ্যানলৈ ৰূপান্তৰিত কৰিলে প্ৰধান শিক্ষকগৰাকীয়ে ৷ তদুপৰি তেওঁ বিদ্যালয়খনলৈ সৌৰশক্তি, বিদ্যুৎ, কম্পিউটাৰ, ডাইনিং হল আৰু হাইটেক টয়লেট সুবিধা অনাৰ বাবেও যথেষ্ট কষ্ট কৰে ৷

ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বঁটা লাভ কৰা মংগলাগুৰী এম এইচক সম্বৰ্ধনা :

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ভাৰত স্বচ্ছল তালুকৰ সভাপতি আৰ ভি মহেশ কুমাৰে কয়, ‘‘মংগলাগৌৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সন্তান হিচাপে গণ্য কৰি আহিছে ৷ তেওঁৰ ৩৪ বছৰীয়া শিক্ষকতা জীৱনত হাজাৰ হাজাৰ শিশুক শিক্ষিত কৰি তুলিবলৈ সক্ষম হৈছে ৷ শিক্ষকগৰাকীয়ে এই বঁটা লাভ কৰাত আমি যথেষ্ট সুখী ।’’

শিক্ষকৰ বৃত্তিয়ে জীৱনক সাৰ্থক কৰি তোলে :

ৰাজ্যিক বঁটাপ্ৰাপ্ত প্ৰধান শিক্ষক মংগলাগুৰী এম এইচে এই সন্দৰ্ভত কয়, ‘‘চৰকাৰী বিদ্যালয়ৰ শিক্ষক হোৱাৰ হেতু জীৱন অৰ্থপূৰ্ণ কৰাৰ বহু উদাহৰণ লাভ কৰিছো ৷ আমাৰ শিক্ষাৰ্থীসকলে বিভিন্ন ঠাইত কৰ্তব্য সম্পাদন কৰি আছে ৷ তেওঁলোক আৰক্ষী বিষয়াপৰ্যন্তও হৈছে ৷ তেওঁলোকৰ বহুতে বহু ডাঙৰ ডাঙৰ কোম্পানীতো কাম কৰি আছে । কিছু শিক্ষাৰ্থীয়ে এতিয়াও ফোন কৰে আৰু তেওঁলোকৰ মতামত আৰু ধাৰণাৰ বিষয়ে কয় । আমি তেওঁলোকক কেনেকৈ পঢ়ুৱাইছিলো সেইবোৰ যেতিয়া কয়, তেতিয়া আমি অনুভৱ কৰো যে আমাৰ শিক্ষকতা বৃত্তিয়ে জীৱনটোক সাৰ্থক কৰি তুলিছে ।’’

ৰাজ্যখনৰ বাবে এক উদাহৰণ :

নেতা ৰবিসিদ্দাপ্পাই কয়, ‘‘মংগলাগৌৰীয়ে কোনো কাৰণ নোহোৱাকৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰা নাই ৷ একো নথকা এখন বিদ্যালয়লৈ অত্যাধুনিক সুবিধা আনি তেওঁ ৰাজ্যখনৰ বাবে এক উদাহৰণ হৈ ৰ’ল ৷ তেওঁক এই বঁটা প্ৰদান কৰাটোৱে সমগ্ৰ অঞ্চলটোলৈকে সুনাম কঢ়িয়াই আনিছে ৷’’

লগতে পঢ়ক : ৰাইজে গমেই নাপালে: ঘৰে-মন্দিৰে মিলি গোটে গোটে গাঁওখনকেই বিক্ৰী কৰি পেলালে কোনে ?

বানাক্ৰান্ত দুই তেলুগু ৰাজ্যলৈ ৰামোজী গ্ৰুপৰ ৫ কোটি টকা সাহাৰ্য : সাহাৰ্য পুঁজিলৈ অনুদানৰ আহ্বান

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে পাবনে ৭৫০০ টকাৰ মাহিলী পেন্সন? ৮ কোটি লোক হ'ব পাৰে লাভৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.