ETV Bharat / bharat

মহিলা বেংক মেনেজাৰক ভিডিঅ' কলত ব্যস্ত ৰাখি চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা - Bank Manager Digital Arrest Case

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 4:31 PM IST

Bank Manager Digital Arrest Case : চাইবাৰ অপৰাধীসকলে নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি ধন লুট কৰি আহিছে । এইবাৰ চাইবাৰ অপৰাধীৰ ধন লুটৰ নতুন অস্ত্ৰ হৈছে 'ডিজিটেল এৰেষ্ট' । এই চক্ৰৰ বলি হৈছে ৰাজস্থানৰ এগৰাকী মহিলা বেংক মেনেজাৰ । তেওঁক ডিজিটেলভাৱে আবদ্ধ কৰি ৰাখি পাঁচ ঘণ্টাৰ ভিতৰত ১৭ লাখ টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত আৰক্ষী আয়ুক্তালয়ৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।

Bank Manager Digital Arrest Case
চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা (File Photo)

নিউজ ডেস্ক, ২৪ জুন : জয়পুৰত এগৰাকী মহিলা বেংক মেনেজাৰক পাঁচ ঘণ্টা ধৰি ভিডিঅ' কলত ব্যস্ত ৰাখি ১৭ লাখ টকা প্ৰতাৰণা কৰা বুলি দেওবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে । ফোন কৰোতাই মহিলাগৰাকীক ভাবুকি দিয়ে যে তেওঁৰ আধাৰ কাৰ্ডৰ পৰা তেওঁৰ নামত জাৰি কৰা এখন ছিম কাৰ্ড অবৈধ কাৰ্যকলাপ চলাবলৈ ব্যৱহাৰ কৰা হৈছে । ইয়াৰ পিচত মুম্বাই আৰক্ষীৰ বিষয়া হিচাপে নিজকে পৰিচয় দি আন এজন দুৰ্বৃত্তই তেওঁৰ সৈতে ভিডিঅ' কলত কথা পাতে । এই সন্দৰ্ভত বৰ্তমান জয়পুৰ আৰক্ষী আয়ুক্তালয়ৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।

চাইবাৰ অপৰাধ কেন্দ্ৰৰ বিষয়া চন্দ্ৰ প্ৰকাশে জনোৱা মতে, ভুক্তভোগী মহিলা বেংক মেনেজাৰগৰাকীয়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে । তেওঁ গোচৰত উল্লেখ কৰে যে 20 জুনৰ পুৱা তেওঁৰ মোবাইললৈ এটা ফোন আহে । ফোন কৰোতাজনে নিজকে ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ এগৰাকী প্ৰতিনিধি হিচাপে পৰিচয় দি কয় যে মহাৰাষ্ট্ৰত তেওঁৰ আধাৰ কাৰ্ডৰ পৰা জাৰি কৰা এখন ছিম কাৰ্ড অবৈধ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে । কিন্তু এই সন্দৰ্ভত ভুক্তভোগীৰ ওচৰত কোনো তথ্য নাই বুলি বিষয়টো অস্বীকাৰ কৰাত ফোন কৰোতাজনে মুম্বাই আৰক্ষী বিষয়াৰ সৈতে তেওঁক কথা পতাই দিব বুলি কৈ কলটো বিচ্ছিন্ন কৰে ।

ছফ্টৱেৰ ইনষ্টল কৰাই ভিডিঅ' কল : ইয়াৰ পিচত ভুক্তভোগীয়ে আন এটা কল লাভ কৰে । কলটোত ফোন কৰোতাজনে নিজকে বিনয় খান্না বুলি পৰিচয় দিয়ে । কিন্তু তেওঁ কলটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়াত লগে লগে পুনৰ আন এটা নম্বৰৰ পৰা ফোন কল লাভ কৰে আৰু স্কাইপ ছফ্টৱেৰ ইনষ্টল কৰাই ভিডিঅ' কলত কথা পাতে । তাৰ পিচত কল কৰোতাই ৰিজাৰ্ভ বেংকৰ ভেৰিফিকেচনৰ নামত ভুক্তভোগীক তেওঁৰ একাউণ্টলৈ ২০ লাখ টকা ট্ৰেন্সফাৰ কৰিবলৈ কয় ।

6-8 ঘণ্টাৰ ভিতৰত ধন ঘূৰাই দিয়াৰ দাবী

কিন্তু কল কৰা দুষ্ট চাইবাৰ প্ৰৱঞ্চকৰ কথাত পতিয়ন গৈ ভুক্তভোগীয়ে তেওঁৰ স্থায়ী জমা ভাঙি তেওঁৰ বেংক একাউণ্টলৈ 17 লাখ টকা ট্ৰেন্সফাৰ কৰে । চাইবাৰ প্ৰৱঞ্চকে তেওঁক কৈছিল যে ভেৰিফিকেচনৰ পিচত, 6-8 ঘণ্টাৰ ভিতৰত এই ধন তেওঁৰ একাউণ্টলৈ ঘূৰি আহিব । কিন্তু বাকী ৩ লাখ টকাও জমা কৰিব লাগিব । ইয়াৰ পিচত কিন্তু তেওঁ ট্ৰেন্সফাৰ কৰা 17 লাখ টকা ঘূৰাই নাপালে ।

নিজকে কোঠাত বন্দী কৰি ৰাখিছিল

ভিডিঅ' কলটোত চাইবাৰ প্ৰৱঞ্চকৰ কথা শুনি ভুক্তভোগীয়ে ভয় খাইছিল আৰু নিজকে কোঠাত বন্দী কৰি ৰাখিছিল । ইয়াৰ পিচত তেওঁলোকে যি কৈ গৈছিল, তেওঁ তেনেদৰে কৰি গৈছিল । তেওঁ প্ৰৱঞ্চকক টকা দিবলৈ নিজৰ ফিক্সড ডিপজিটো ভাঙিছিল । আনকি বাকী টকাৰ বাবে তেওঁ মিউচুৱেল ফাণ্ডৰ পৰাও ধন উলিয়াবলৈ সন্মত হয় । কিন্তু পৰিয়ালৰ সদস্যসকলে ইয়াৰ মাজতে হস্তক্ষেপ কৰে আৰু কলটো সংযোগ বিচ্ছিন্ন কৰি দিয়ে ।

কিন্তু কি এই ডিজিটেল গ্ৰেপ্তাৰ

আৰক্ষী আৰু অন্যান্য অনুসন্ধানকাৰী সংস্থাৰ ভয় দেখুৱাই চাইবাৰ জালিয়াতিৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে । প্ৰথমতে ভুক্তভোগীজনক ফোন কৰা হয় আৰু কোৱা হয় যে তেওঁৰ নথিপত্ৰ বা ছিম অবৈধ কামত ব্যৱহাৰ কৰা হৈছে । তাৰ পিচত এপৰ জৰিয়তে ভিডিঅ' কল কৰা হয় । চাইবাৰ প্ৰৱঞ্চকে নিজকে এজন আৰক্ষী বিষয়া বা আন এক অনুসন্ধানকাৰী সংস্থাৰ বিষয়া হিচাপে কথা পাতে আৰু ভুক্তভোগীয়ে তেওঁক ইউনিফৰ্মতে প্ৰত্যক্ষ কৰে । যাৰ বাবে ভুক্তভোগী সহজতে প্ৰৱঞ্চকৰ কথাত পতিয়ন যায় । ইয়াৰ পিচত ভিডিঅ' কলৰ জৰিয়তে তেওঁলোকে ভুক্তভোগীক তেতিয়ালৈকে নিৰন্তৰ নিৰীক্ষণ কৰে, যেতিয়ালৈকে তেওঁ ধন তেওঁলোকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ নকৰে ।

লগতে পঢ়ক :প্ৰৱঞ্চকে লুটিলে 120 কোটি টকা : গমেই নাপালে বেংক কৰ্তৃপক্ষই - Cyber fraud in Union Bank

লগতে পঢ়ক :আন্তৰ্জাতিক চক্ৰৰ কৱলত পৰি চাইবাৰ অপৰাধত জড়িত হৈছে ভাৰতীয় - Cyber scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.