ETV Bharat / bharat

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতত কোনো প্ৰভাৱ পেলাব নোৱাৰে : প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলা - Bangladesh crisis

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 8:58 AM IST

Harsh Vardhan Shringla : ‘‘বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ ৷ এতিয়া চুবুৰীয়া দেশখনৰ বিৰাজ কৰিছে ৰাজনৈতিক বিশৃংখলতা ৷ সকলো দিশৰ ওপৰত ভাৰতে কঠোৰ নিৰীক্ষণ কৰি আছে ৷’’ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলাই ৷

Harsh Vardhan Shringla
বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতত কোনো প্ৰভাৱ পেলাব নোৱাৰে : প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলা (ETV Bharat)

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : এতিয়াও শান্ত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি ৷ ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে বাংলাদেশৰ সামগ্ৰিক পৰিৱেশ ৷ বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলাই কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয় যে বাংলাদেশত বৰ্তমান ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে । বাংলাদেশৰ প্ৰতিটো দিশৰ ওপৰত ভাৰতে চকু ৰাখিছে । সংসদত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে বাংলাদেশৰ পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে । চৰকাৰে সকলো বিষয়ৰ ওপৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে । হৰ্ষ বৰ্ধন শ্ৰিংলাই কয় যে বাংলাদেশৰ পৰিস্থিতি যদি অনুকূল নহয়, তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতত পৰিব ।

লগতে পঢ়ক :বৃহস্পতিবাৰে নিশা শপতগ্ৰহণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে - Bangladesh crisis

উল্লেখ্য যে, বুধবাৰে ওড়িশাৰ বেৰহামপুৰ চহৰত উপস্থিত হয় হৰ্ষ বৰ্ধন শ্ৰিংলা । তচাৰ পাচত তেওঁ ওড়িশাৰ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে এক বাৰ্তালাপ কৰে ৷ এই বাৰ্তালাপত তেওঁ বাংলাদেশৰ বৰ্তমানৰ অৰাজগ পৰিস্থিতিত ভাৰতৰ স্থিতি কি হ’ব আৰু অনাগত দিনত ভাৰত-বাংলাদেশৰ সম্পৰ্ক কেনেকুৱা হ’ব সেই বিষয়ে কেতবোৰ মন্তব্য কৰে ৷

প্ৰাক্তন বৈদেশিক সচিবগৰাকীয়ে কয় যে শ্বেখ হাছিনাই দেশ এৰি থৈ গৈছে । সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে বাংলাদেশৰ জনসাধাৰণক সম্বোধন কৰি অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে । এনে সময়ত বাংলাদেশৰ স্থিতি অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

আগন্তুক সময়ত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক কি হ’ব আৰু ৰাষ্ট্ৰসংঘত কি স্থিতি হ’ব সেয়াও গুৰুত্বপূৰ্ণ । বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ বৈঠক অনুষ্ঠিত হয় । বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে সৰ্বদলীয় বৈঠকত এই বিষয়ে সাংসদসকলক অৱগত কৰে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশ ভাৰতৰ ২৫ সংখ্যক বৃহত্তম বাণিজ্যিক অংশীদাৰ দেশ । দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অব্যাহত থকাৰ বাবে বাংলাদেশ ভাৰতৰ অষ্টম বৃহত্তম ৰপ্তানি অংশীদাৰ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : শ্বেখ হাছিনাই অলপ সময়ৰ বাবেহে ভাৰতলৈ আহিবলৈ অনুমোদনৰ অনুৰোধ জনাইছিল: এছ জয়শংকৰ - Bangladesh Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.