নেশ্যনেল ডেস্ক, 11 জুন : ছত্তীশগড়ৰ বলোদাবজাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত উপস্থিত হৈ সোমবাৰে একাংশ প্ৰতিবাদকাৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত লোকসকলে চৌহদটোত অগ্নিসংযোগ কৰাৰ লগতে তাত থকা বাহনসমূহৰো বিস্তৰ ক্ষতিসাধন কৰে ৷
জিলা আয়ুক্ত তথা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰা অগ্নিসংযোগে মুহূৰ্ততে গোটেই ভৱন দুটা ছানি ধৰে ৷ উত্তেজিত প্ৰতিবাদকাৰীসকলে অগ্নি নিৰ্বাপক বাহিনীৰো দুখনকৈ বাহন জ্বলাই দিয়ে ৷ ইয়াতে ক্ষান্ত নাথাকি তেওঁলোকে শিলাবৰ্ষণো কৰে, যাৰ বাবে তাত উপস্থিত থকা লোকসকল কম-বেছি পৰিমাণে আহত হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনত জাৰি কৰা হৈছে 144 ধাৰা ৷
বলোদাবজাৰৰ হিংসাত্মক পৰিস্থিতিৰ কাৰণ:
প্ৰাপ্ত তথ্য অনুসৰি, বিগত 15 মে’ৰ নিশা গিৰৌদপুৰী ধামৰ সমীপৰ মানকনি বস্তিত থকা বাঘিনী গুহাৰ ধৰ্মীয় প্ৰতীকটোৰ ক্ষতিসাধন হৈছিল ৷ এই কাৰ্যত জড়িত থকাৰ সন্দেহত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ ক্ষোভৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে আটক কৰিছিল তিনিজনকৈ লোকক ৷
কিন্তু আৰক্ষীৰ এই ভূমিকাত অসন্তুষ্ট হৈ স্থানীয় লোকসকলে চৰকাৰক উচিত তদন্তৰ দাবী জনায় ৷ যাৰ পিছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাই সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্তৰ ঘোষণা কৰে ৷ কিন্তু সেই নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকসকলে ঘটনাটোৰ চিবিআই তদন্ত বিচাৰি জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰিছিল ৷
দশেৰা ময়দানত প্ৰতিবাদৰ পিছত ৰেলী বাহিৰ: প্ৰতিবাদকাৰীসকলে বলোদাবজাৰৰ দশেৰা ময়দানত একত্ৰিত হৈ এক ৰেলী বাহিৰ কৰি উপস্থিত হৈছিল জিলা আয়ুক্তৰ কাৰ্যালয়ত ৷ তাৰপাছত তেওঁলোকে কাৰ্যালয়টো ঘেৰাও কৰে ৷
এই প্ৰতিবাদী ৰেলীটোক বাধা দিয়াৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত মোতায়েন কৰা হৈছিল বৃহৎসংখ্যক আৰক্ষীৰ দল ৷ আনকি প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ উদ্দেশ্যে বেৰিকেডৰো ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু বেৰিকেড ভাঙি প্ৰতিবাদকাৰীসকলে ভিতৰত প্ৰৱেশ কৰে ৷
এই সময়চোৱাত একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি চৌহদটোত মজুত থকা বাহনবোৰ লণ্ড-ভণ্ড কৰি অগ্নিসংযোগ কৰে ৷ এনেদৰে প্ৰায় 200 খন বাহনত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ আনকি চৌহদৰ বহুকেইটা অট্টালিকাটো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, অসমৰ জোৱান লম্বোদৰ সিংহ শ্বহীদ
এই ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় 35-40 গৰাকী আৰক্ষী ৷ ইয়াৰে এগৰাকীৰ অৱস্থা সংকটজনক ৷ তেওঁক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে বিলাসপুৰৰ এপ’ল’ হাস্পতালৰ আই চি ইউত ৷ আন একাংশক প্ৰেৰণ কৰা হৈছে ৰায়পুৰলৈ ৷ এই ঘটনাত বহু কেইগৰাকী স্থানীয় লোকো আহত হোৱাৰ খবৰ পোৱা গৈছে ৷
এই ঘটনাৰ পিছতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাই নিশা প্ৰায় ১.৩০ বজাত ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ শৰ্মাক এই কাৰ্যসূচীত সংগ প্ৰদান কৰে খাদ্য মন্ত্ৰী দয়াল দাস বাঘেল আৰু ৰাজহ মন্ত্ৰী টংকৰাম বাৰ্মাই ৷
উপ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাস্থলী পৰিদৰ্শনৰ অন্তত দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তাৰ বাবে আৰক্ষীক সমগ্ৰ ঘটনাটো অতি সূক্ষ্ণতাৰে নিৰীক্ষণ কৰি তদন্ত আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ লগতে ভূক্তভোগীক ক্ষতিপূৰণৰ আশ্বাস দিয়ে ৷
এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ : বলোদাবজাৰৰ হিসাংত্মক ঘটনা পূৰ্ব পৰিকল্পিত বুলি দাবী কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত সদৰী কৰে এি কথা ৷ কিয়নো জিলা আয়ুক্তৰ চৌহদত আৰক্ষীয়ে লাভ কৰিছে পেট্ৰ’ল বোমা, যিবোৰ ব্যৱহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: ছত্তীশগড়ৰ বিধানসভাৰ নতুন অধ্যক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমণ সিং
তাৰোপৰি শিলাবৰ্ষণত ব্যৱহৃত শিলসমূহো চৌহদৰ আশে-পাশে থকা শিলসমূহৰ লগত নাই কোনো সাদৃশ্য ৷ যাৰ বাবে আৰক্ষীয়ে এই সমগ্ৰ ঘটনা পূৰ্ব পৰিকল্পিত বুলি দাবী কৰিছে ৷
বলোদাবজাৰ চহৰত 144 ধাৰা জাৰি: এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ চহৰখনতে জাৰি কৰা হৈছে 144 ধাৰা ৷ 10 জুনৰ নিশা 9 বজাৰ পৰা 16 জুনৰ নিশা 12 বজা পৰ্যন্ত চহৰখনত অব্যাহত থাকিব এই 144 ধাৰা ৷