ETV Bharat / bharat

যোশীমঠত পাহাৰৰ পৰা বাগৰিল প্ৰকাণ্ড শিল : ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হ’ল বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ - Landslide in Joshimath

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 4:36 PM IST

Badrinath National Highway closed due to landslide in Joshimath : এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰাখণ্ডৰ যোশীমঠবাসী ৷ মঙলবাৰে পুৱাই বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে বন্ধ কৰি পেলাই বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ অৱশ্যে কথমপি ৰক্ষা পৰে পুৱা খোজ কাঢ়িবলৈ অহা কেবাজনো পথচাৰীৰ ৷

Badrinath National Highway closed due to landslide in Joshimath
যোশিমঠত পাহাৰৰ পৰা বাগৰিল প্ৰকাণ্ড শিল (ETV Bharat)

নেশ্যনেল ডেস্ক, 9 জুলাই : উত্তৰাখণ্ডৰ যোশীমঠত অঘটন ৷ এইবাৰ যোশীমঠত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ যোশীমঠৰ পাহাৰ খহি বন্ধ হৈ পৰে বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথছোৱা । বৰ্তমান পথছোৱা মুকলি কৰাৰ বাবে কাম কৰি থকা হৈছে ।

যোশীমঠত পাহাৰৰ পৰা বাগৰিল প্ৰকাণ্ড শিল (ETV Bharat)

যোশীমাঠৰ চুংগী ধৰত পাহাৰৰ পৰা বৃহৎ আকাৰৰ শিল খহি পৰাৰ ফলতে এই ঘটনাটো সংঘটিত হয় । সৌভাগ্যৰ কথা যে এই সময়ছোৱাত কোনো লোকৰে হানি-বিঘিনি হোৱা নাই ৷ এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে যোশীমঠবাসী ৷

যোশীমঠত ভূমিস্খলন : বাৰিষাৰ আগমনৰ লগে লগে চমোলী জিলাৰ সীমান্তৱৰ্তী অঞ্চল যোশীমঠবাসী চিন্তিত হৈ পৰিছে । কিয়নো বৰষুণ নৌহওতেই পাহাৰীয়া ঠাইখনত হ’বলৈ ধৰিছে ভূমিস্খলন ৷ ফলত পাহাৰৰ পৰা বাগৰি অহা শিলে বন্ধ কৰি পেলাইছে ঘাইপথছোৱা ৷ ফলত সেই পথেৰে যাত্ৰা কৰা যাত্ৰীসকল বিমোৰত পৰা দেখা গৈছে ৷

মঙলবাৰে পুৱাই যোশীমঠৰ প্ৰৱেশদ্বাৰৰ চুংগী ধৰ পৌৰসভাৰ জাবৰ পেলোৱা ঠাইৰ সমীপৰ বদ্ৰীনাথ ঘাইপথত খহি পৰে পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিল ৷ ফলত বন্ধ হৈ পৰে পথছোৱা ৷ সৌভাগ্যৰ কথা যে এই ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই ৷ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে যোশীমঠবাসী ৷

লগতে পঢ়ক : দ খাৱৈত বাগৰি পৰিল পৰ্যটকেৰে ভৰা বিলাসী বাছ, দুটি নাবালকৰ মৃত্যু - Road Accident

পাহাৰৰ পৰা খহিল প্ৰকাণ্ড শিল : সততে বাৰিষাৰ সময়ত পাহাৰত হোৱা ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা দেখা যায় ৷ এইবাৰ বদ্ৰীনাথ ঘাইপথত মঙলবাৰে পুৱাই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এই ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত পুৱা খোজ কাঢ়িবলৈ অহা বহু লোক আছিল ৷ লগতে আছিল বহু যাত্ৰীবাহী বাহন ৷ এক বিপদৰ উমান পাই মুহূৰ্ততে সকলো লোক উক্ত স্থানৰ পৰা আঁতৰি যায় ৷

তাৰে কিছু সময়ৰ পাচতে পাহাৰৰ পৰা খহি পৰে প্ৰকাণ্ড শিল ৷ ফলত বন্ধ হৈ পৰে পথছোৱা ৷ এগৰাকী পথচাৰীয়ে ভূমিস্খলনৰ সমগ্ৰ দৃশ্য় আৱদ্ধ কৰি ৰাখে নিজৰ ম’বাইলত ৷ ইফালে পৰৱৰ্তী সময়ত প্ৰশাসনে পাহাৰৰ পৰা খহি পৰা শিল আঁতৰাই পথছোৱা মুকলি কৰাৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়ক : লাহৌল-স্পিতিৰ এখন গাঁৱত আতংক, ভূমিৰ অৱক্ষয়ে লৈছে ভয়ংকৰ ৰূপ - Severe land subsidence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.