ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তিক লৈ ব্যাপক প্ৰস্তুতি - RAM MANDIR ANNIVERSARY

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে অযোধ্যাত ব্যাপক প্ৰস্তুতি চলিছে । ভক্তৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লৈছে প্ৰশাসনে ।

Ram Mandir Anniversary
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তিক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 4:20 PM IST

অযোধ্যা : অহা বছৰ জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হ'ব । সেয়ে ১১ জানুৱাৰীত দ্বাদশীৰ দিনটোত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদকে এই সন্দৰ্ভত কয় যে ভাৰতীয় পৰম্পৰা অনুসৰি হিন্দু ধৰ্মৰ সকলো উৎসৱ হিন্দী তিথিত উদযাপন কৰা হয় । প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো পুহ মাহৰ শুক্ল তিথিত ২০২৫ চনৰ ১১ জানুৱাৰীত পৰিব । যিদৰে বিবাহ পঞ্চমী, মৌনী অমাৱস্যা, শিৱৰাত্ৰি অমাৱস্যা, একাদশী আদি উদযাপন কৰা হয় তেনেদৰেই এই উৎসৱ উদযাপন কৰা হ'ব । প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৩ দিনীয়াকৈ আয়োজন কৰা হ'ব । ইয়াক প্ৰতিষ্ঠা দ্বাদশী হিচাপে উদযাপন কৰা হ'ব বুলি সাধাৰণ সম্পাদকজনে জনাইছে ।

প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তিৰ প্ৰস্তুতি

সাধাৰণ সম্পাদক চম্পত ৰায়ৰ মতে ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতিৰ লগতে মন্দিৰৰ নিৰ্মাণকাৰ্যও নিৰ্ধাৰিত সময়সূচী অনুসৰি কৰা হৈছে । ৰাম জন্মভূমি চৌহদত আন ১৮ টা মন্দিৰো নিৰ্মাণ কৰা হৈছে । তেওঁ জনোৱা মতে লাহে লাহে প্ৰতিটো মন্দিৰৰ কাম সম্পূৰ্ণ হৈছে । ৰাম মন্দিৰৰ চৌদিশে নিৰ্মাণ কৰিবলগা মন্দিৰবোৰো নিৰ্মাণ কৰি থকা হৈছে । একে সময়তে মাঘী মেলালৈ আহিবলগীয়া লাখ লাখ ভক্তৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে ৰাম জন্মভূমি চৌহদত প্ৰস্তুতি আৰম্ভ হৈছে । বৃহস্পতিবাৰে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাস আৰু নিৰাপত্তা বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত নিৰাপত্তা, সুশৃংখলতা, সুব্যৱস্থা আদিৰ ওপৰত আলোচনা কৰা হয় ।

কটকটীয়া নিৰাপত্তা

ইফালে ৰাম মন্দিৰৰ অনুষ্ঠানবোৰৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে । নিৰাপত্তা বিভাগৰ আৰক্ষী অধীক্ষক ব্ৰহ্মচাৰী ডুবেই নিৰাপত্তা সম্পৰ্কীয় বৈঠক সন্দৰ্ভত কয় যে আগন্তুক দিনবোৰত ভক্তৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ৰণকৌশল অধিক কাৰ্যকৰী কৰাৰ বাবে আলোচনা কৰা হৈছে । বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে নিৰাপত্তা ব্যৱস্থাত যাতে কোনো ত্ৰুটি নাথাকে । ৰাম মন্দিৰ আৰু অযোধ্যাৰ মুখ্য স্থানবোৰত যাতে টহলৰ ব্যৱস্থা থাকে সেয়াও নিশ্চিত কৰা হৈছে । লগতে এই ক্ষেত্ৰত আধুনিক কৌশলো ব্যৱহাৰ কৰা হ'ব বুলি তেওঁ জনাইছে । তেওঁ কয় যে প্ৰশাসনে প্ৰচেষ্টা চলাব যাতে ভক্তসকলে আধ্যাত্মিক শান্তি লাভ কৰাৰ উপৰিও সম্পূৰ্ণ সুৰক্ষিত পৰিৱেশো লাভ কৰিব পাৰে ।

এই বৈঠকত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সদস্য ড৹ অনিল মিশ্ৰ, ভাৰপ্ৰাপ্ত গোপাল জি ৰাও, এছএছএফৰ ভাৰপ্ৰাপ্ত বিষয়া অভয় মিশ্ৰ, চিআৰপিএফ স্বতন্ত্ৰ শুক্লা, পিএছচিৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ সিং আৰু অন্যান্য নিৰাপত্তা বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :পুৰীৰ জগন্নাথ মন্দিৰত মূৰ দোৱালে ড৹ শৰ্মাই: Assam CM in Puri Srimandir - ASSAM CM IN PURI SRIMANDIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.