ETV Bharat / bharat

কেতিয়া সম্পূৰ্ণ হ'ব অযোধ্যাৰ ৰাম মন্দিৰ চৌহদৰ নিৰ্মাণ ? জনালে নিৰ্মাণ সমিতিৰ অধ্যক্ষই - Ayodhya Ram Mandir

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 1:11 PM IST

Ram Temple : শুকুৰবাৰে ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰাই প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে সমগ্ৰ কমপ্লেক্সটোৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰাৰম্ভিক লক্ষ্য আছিল ডিচেম্বৰ, কিন্তু এতিয়া আৰু সেইটো সম্ভৱ নহয় । চূড়াটোৰ নিৰ্মাণ ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত কৰা হ'ব । আনহাতে, ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত মূৰ্তি স্থাপন কৰা হ'ব ।

Ram Temple
নিৰ্মাণৰত ৰাম মন্দিৰ চৌহদ (ETV Bharat)

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে ৰাম মন্দিৰ উদ্বোধনক লৈ দেশজুৰি সমালোচনা সৃষ্টি হৈছিল । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে এই কাম কৰা বুলি বিৰোধীয়ে সমালোচনা কৰিছিল । লগতে ৰাম মন্দিৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছিল । তেনে পৰিস্থিতিত কিছু পৰিমাণে বিব্ৰত হৈছিল ৰাম মন্দিৰ নিৰ্মাণ সমিতি । অৱশ্যে এইবাৰ ৰাম মন্দিৰক সামৰি সমগ্ৰ চৌহদৰ নিৰ্মাণকাৰ্য কেতিয়া সম্পূৰ্ণ হ'ব সেই বিষয়ে জনালে ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে ।

ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই শুকুৰবাৰে কয় যে সমগ্ৰ চৌহদটোৰ কাম ২০২৫ চনৰ ৩০ জুনৰ ভিতৰত সম্পূৰ্ণ হ'ব । ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ তিনিদিনীয়া বৈঠকৰ দ্বিতীয়দিনা এই কথা ঘোষণা কৰে ।

"অনুমান কৰা হৈছে যে (মন্দিৰৰ) শিখৰ (চূড়া) নিৰ্মাণত প্ৰায় ১২০ দিন লাগিব । আমাৰ লক্ষ্য আছিল ডিচেম্বৰ, কিন্তু এয়া সম্ভৱ নহয় । মন্দিৰৰ নিৰ্মাণ ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব । চৌহদত নিৰ্মাণ কৰা সপ্ত মন্দিৰৰ মূৰ্তিবোৰ জয়পুৰত নিৰ্মাণ কৰা হৈছে । ঋষি আৰু সাধুসকলৰ মূৰ্তিও ইয়াত স্থাপন কৰা হ'ব । এই কামটো ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব । ৰাম মন্দিৰ চৌহদৰ কাম ২০২৫ চনৰ ৩০ জুনৰ ভিতৰত সম্পূৰ্ণ হ'ব ।" অধ্যক্ষই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে ।

উল্লেখ্য যে, শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সদস্য অনিল মিশ্ৰই বৃহস্পতিবাৰে কৈছিল যে ট্ৰাষ্টে প্ৰকল্পটোৰ বাবে পৰ্যাপ্ত সংখ্যক শ্ৰমিকৰ ব্যৱস্থা কৰা আৰু নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শিলৰ যোগান সময়মতে চৌহদত উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ কাম কৰি আছে ।

নিৰ্মাণ প্ৰায় সমাপ্ত হোৱা প্ৰথম মহলা আৰু একেটা মহলাত চলি থকা মজিয়াৰ কামবোৰৰ বিষয়ে আলোচনাও দীঘলীয়া সভাখনৰ বিষয় আছিল । অনিল মিশ্ৰই বিবৃতিটোত কয় যে দ্বিতীয় মহলাৰ নিৰ্মাণ সূচাৰুৰূপে আগবাঢ়ি আছে আৰু গৰ্ভগৃহটো শুভ্ৰ বগা মাৰ্বল শিলেৰে সজ্জিত ।

উল্লেখ্য যে ১,৬০০ তকৈও অধিক শ্ৰমিকে ৰাম মন্দিৰ নিৰ্মাণত অবিৰতভাৱে কাম কৰি আছে । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সদস্যসকলৰ মতে, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত মন্দিৰ ভৱনটো নিৰ্মাণ সমাপ্ত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে ।

ইয়াৰ উপৰি সপ্ত মণ্ডপৰ মন্দিৰ নিৰ্মাণ দ্ৰুতগতিত আগবাঢ়িছে । অনিল মিশ্ৰৰ বিবৃতি অনুসৰি, ৰাম জন্মভূমি চৌহদত সাজ-সজ্জাৰ কামৰ দায়িত্ব অৰ্পণ কৰা জি এম আৰ গ্ৰুপে মন্দিৰৰ ভিতৰভাগ সেউজ কৰি ৰখাৰ বাবে তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে এক বিস্তৃত প্ৰতিবেদন উপস্থাপন কৰে । নৃপেন্দ্ৰ মিশ্ৰৰ বিবৃতিত এইটোও কোৱা হৈছে যে পোহৰ ব্যৱস্থা এনেদৰে সজোৱা উচিত যাতে দৰ্শনকাৰী ভক্তসকলৰ মাজত ভগৱানৰ প্ৰতি ভক্তিভাব বৃদ্ধি পায় ।

বিবৃতিটোত এইটোও উল্লেখ কৰা হৈছে যে পোহৰ ব্যৱস্থা সম্পৰ্কে একাধিক পৰীক্ষণ কৰা হৈছে । "নিবিদাও জাৰি কৰা হৈছে । ভাৰত আৰু বিদেশৰ ডাঙৰ কোম্পানীবোৰে তেওঁলোকৰ ইয়াৰ উপস্থাপন কৰাৰ কথা আছে । মন্দিৰৰ ভিতৰৰ পোহৰ ৩৬০ ডিগ্ৰীৰ পৰা বিস্তাৰ কৰিবলৈ এটা প্ৰজেক্টৰ ব্যৱহাৰ কৰা হ'ব । ব্যৱহাৰ কৰিবলগা প্ৰজেক্টৰৰ সংখ্যা নৱেম্বৰৰ ভিতৰত নিৰ্ণয় কৰা হ'ব ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

"দৰ্শনাৰ্থীসকলে এই কথা মনত ৰাখিব লাগিব যে এইটো বনভোজৰ স্থান নহয় । পিকনিক স্পটত তেওঁলোকে কৰা কাৰ্যকলাপ ইয়াত কোনোৱে কৰিব নোৱাৰে ।" বিবৃতিটোত কোৱা হৈছে । উল্লেখ্য যে ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা মন্দিৰত এক ঐতিহাসিক অনুষ্ঠানত নতুন ৰামলালাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ।

লগতে পঢ়ক : আগ্ৰাত বৰষুণৰ অভিলেখ ভংগ; তাজমহলৰ মুখ্য সমাধিত নিগৰিল পানী - Agra rain records
লগতে পঢ়ক :দেশবাসীলৈ হিন্দী দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ; গৃহমন্ত্ৰীয়েও জনালে শুভেচ্ছা - HINDI DIWAS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.