নিউজ ডেস্ক, ১৬ মাৰ্চ: শনিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে অৰুণাচল প্ৰদেশ, ছিকিম, ওডিশা আৰু অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰ প্ৰদেশত একক পৰ্যায়ত আৰু ওডিশাত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ আনহাতে ৪ জুনত হ’ব ভোটগণনা হ’ব ।
অৰুণাচল প্ৰদেশ আৰু ছিকিমত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ একেদৰে ১৩ মে’ত চৰ্তু্থ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশ, ওডিশা আৰু ২৫ মে’ত পঞ্চম পৰ্যায়ত ওড়িশাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।
৬০ জনীয়া অৰুণাচল প্ৰদেশ বিধানসভাৰ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ বাবে ২০ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব ৷ মনোনয়ন দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ ধাৰ্য কৰা হৈছে ৷ ২৮ মাৰ্চ মনোনয়ন পৰীক্ষণৰ অন্তিম দিন ৷ আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৩০ মাৰ্চ ৷ ৪ জুনত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ভোটগণনা হ’ব ।
উল্লেখ্য যে, ৬০ জনীয়া অৰুণাচল প্ৰদেশৰ বিধানসভা সমষ্টিত দুটা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ হ’ব । ২ জুনত বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব । বিগত নিৰ্বাচনত বিজেপিয়ে লোকসভাৰ দুয়োখন আসনত জয়লাভ কৰিছে । বিধানসভাত বিজেপিয়ে ৪১খন আসন, জেডিইউৱে ৭খন আসন, এনপিপিয়ে ৫খন আসন, কংগ্ৰেছে ৪খন আসন, পিপিএই এখন আসন আৰু দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল ।
বিজেপিয়ে বিধানসভাৰ সকলো আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে অৰুণাচলৰ পশ্চিম লোকসভাৰ আসনৰ বাবে কেন্দ্ৰীয় পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচলৰ পূব লোকসভা আসনৰ বাবে তাপিৰ গাওক মনোনীত কৰিছে ৷ ইফালে এনচিপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে ৮ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ভাৰতীয় জনতা পাৰ্টিৰ পেমা খাণ্ডু বৰ্তমান অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ।
ইফালে ছিকিমত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ নেতৃত্বত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৰাজ্যত শাসন চলাই আছে । ছিকিমত ২৫ বছৰীয়া নিৰ্বিবাদ শাসনৰ অন্তত ২০১৯ চনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ হাতত পৰাস্ত হয় পৱন কুমাৰ চামলিঙৰ নেতৃত্বাধীন ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট । আঞ্চলিক দলসমূহৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ১৭খন আসন লাভ কৰাৰ বিপৰীতে ছিকিমত আধিপত্য স্থাপন কৰা ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে ১৬খন আসন দখল কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা, দেশজুৰি 7 টা পৰ্যায়ত ভোটগ্ৰহণ