ETV Bharat / bharat

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

Election Commission of India: কাউণ্ট ডাউন আৰম্ভ । জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ'ব ।

author img

By ANI

Published : 2 hours ago

Election Commission of India
জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ (ANI)

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ : আজি দুখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । পুৱা ৮ বজাৰ লগে লগে জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ৯০ টা সমষ্টিৰ জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন ক্ৰমান্বয়ে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ইফালে, হাৰিয়ানা বিধানসভাৰো ৯০ খন আসনৰ ভোটগ্ৰহণ ৫ অক্টোবৰত সমাপ্ত হয় ।

হাৰিয়ানাত ভোটগণনা

পুৱা ৮ বজাৰ লগে লগে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । প্ৰথমে পোষ্টেল বেলট গণনা কৰা হ'ব । তাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ'ব । হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া পংকজ আগৰৱালে পূৰ্বে কয় যে ৰাজ্যখনৰ ২২ খন জিলাৰ ৯০ টা বিধানসভা সমষ্টিৰ বাবে ৯৩ টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । বাদশ্বাহপুৰ, গুৰুগ্ৰাম আৰু পতৌদি বিধানসভা সমষ্টিৰ বাবে দুটাকৈ গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে, আনহাতে বাকী ৮৭ টা বিধানসভা সমষ্টিৰ বাবে এটাকৈ ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । য'ত গণনা ইতিমধ্যে আৰম্ভ হৈছে । গণনা প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ নিৰ্বাচন আয়োগে ৯০ গৰাকী পৰ্যবেক্ষককো নিযুক্তি দিছে ।

ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা

আগৰৱালে জনোৱা মতে ভোটগণনাৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ৯৩ টা গণনা কেন্দ্ৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ৩০ টা কোম্পানী মোতায়েন কৰা হৈছে । গণনা কেন্দ্ৰবোৰত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে । কেন্দ্ৰীয় সুৰক্ষা বাহিনীক আভ্যন্তৰীণ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছে । তাৰ পিছত ৰাজ্যিক সশস্ত্ৰ আৰক্ষী আৰু জিলা আৰক্ষীৰ জোৱানসকলক বাহিৰৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে । ৰাজ্যখনৰ ভোটগণনা কেন্দ্ৰসমূহত প্ৰায় ১২,০০০ আৰক্ষী কৰ্মীক নিয়োজিত কৰা হৈছে ।

আগৰৱালে কোৱা মতে প্ৰতিটো ভোটগণনা কেন্দ্ৰৰ ১০০ মিটাৰ পৰিধিৰ ভিতৰত পৰ্যাপ্ত তালাচী পইণ্ট স্থাপন কৰা হৈছে । ৯০ টা ষ্ট্ৰং ৰুমত ইভিএম ৰখা হৈছিল য'ত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে আৰু সকলো কাৰ্যকলাপ নিবিড়ভাৱে নিৰীক্ষণ কৰা হৈছে । ইয়াৰ উপৰিও, ব্যাপক নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে মুখ্য প্ৰৱেশদ্বাৰ আৰু গণনা কেন্দ্ৰৰ সমগ্ৰ চৌহদত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে । এক বিজ্ঞপ্তিত কোৱা হৈছে যে ভোটগণনাৰ প্ৰতিটো ৰাউণ্ডৰ সঠিক তথ্য সময়মতে আপলোড কৰা হ'ব ।

ইফালে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱা ৮ বজাৰ লগে লগে জম্মু-কাশ্মীৰত ভোটগণনা আৰম্ভ হৈছে । মুখ্য নিৰ্বাচনী বিষয়া পিকে পোলে পূৰ্বে কয় যে প্ৰতিটো গণনা কেন্দ্ৰত চিচিটিভি স্থাপন কৰা হৈছে । ডাক বেলটৰ গণনা পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হৈছে । তেওঁ উল্লেখ কৰা মতে প্ৰতিখন জিলা সদৰতে ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইভিএমবোৰ কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ মাজত ৰখা হৈছে । ভোটকেন্দ্ৰবোৰ অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

অন্যান্য লোক বা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক গণনা কেন্দ্ৰসমূহত ভিৰ নকৰিবলৈ আৰু ঘৰত বহিয়ে ফলাফল পৰীক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে অনুৰোধ জনাইছে । ফলাফলবোৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইট http://results.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে উপলব্ধ হ'ব ।

লগতে পঢ়ক :চৰকাৰী ভৱনৰ বাবে 'কালাৰ কোড'ৰ নিৰ্দেশনা ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.