ETV Bharat / bharat

বিধানসভাৰ উপ-নিৰ্বাচন : বুধবাৰে ৭খন ৰাজ্যৰ ১৩খন আসনত ভোটগ্ৰহণ - Assembly Bypolls

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:24 PM IST

Assembly Bypolls: বুধবাৰে সাতখন ৰাজ্যৰ ১৩ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ বৰ্তমানৰ বিধায়কৰ মৃত্যু বা পদত্যাগৰ বাবে সমষ্টিকেইটাত এই নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছে ।

Assembly Bypolls
বুধবাৰে ৭খন ৰাজ্যৰ ১৩খন আসনত ভোটগ্ৰহণ (ANI)

নিউজ ডেস্ক, ৯ জুলাই: বুধবাৰে সাতখন ৰাজ্যৰ ১৩ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পিচত এইটোৱেই হ’ব প্ৰথমটো বিধানসভা উপ-নিৰ্বাচন আৰু এই নিৰ্বাচনত কেইবাজনো প্ৰবীণ আৰু নবীন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ সমষ্টিকেইটাত বৰ্তমানৰ বিধায়কৰ মৃত্যু বা পদত্যাগৰ বাবে সৃষ্টি হোৱা খালী পদ পূৰণৰ বাবে এই নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছে ।

পশ্চিমবংগৰ ৪খন, উত্তৰাখণ্ডৰ ২খন, পঞ্জাৱৰ ১খন, তামিলনাডুৰ ১খন, মধ্যপ্ৰদেশৰ ১খন, হিমাচলৰ ৩খন আৰু বিহাৰৰ ১খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ১৪ জুনত এই আসনসমূহৰ উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছিল । মনোনয়নৰ অন্তিম তাৰিখ আছিল ২১ জুন । ১০ জুলাইত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১৩ জুলাইত ভোটদানৰ ফলাফল ঘোষণা কৰা হ’ব ।

পশ্চিমবংগৰ মণিকতলা, ৰায়গঞ্জ, ৰানাঘাট দক্ষিণ আৰু বাগদাহৰ চাৰিখন আসনৰ বাবে বুধবাৰে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । এই ৪খন আসনৰ ভিতৰত তিনিজন বিজেপি বিধায়কে শাসকীয় টিএমচিত যোগদান কৰি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনত পৰাস্ত হৈছিল । উল্লেখ্য যে, এই চাৰিখন আসনত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত টিএমচি আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন 2024 : অসমৰ 143 গৰাকী প্ৰাৰ্থীৰ 112 গৰাকীৰে আমানত ধন বাজেয়াপ্ত - Lok Sabha Election Results 2024

উত্তৰাখণ্ডৰ মঙলাউত বিগত বৰ্ষৰ অক্টোবৰত বি এছ পি বিধায়ক সৰৱত কৰিম আনছাৰীৰ মৃত্যুৰ বাবেই এই উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল । ইফালে বদ্ৰীনাথ বিধানসভাৰ কংগ্ৰেছ বিধায়ক ৰাজেন্দ্ৰ ভাণ্ডাৰীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত পদত্যাগ কৰি বিজেপিলৈ যোৱাৰ পিচতে আসনখন খালী হৈ পৰে ।

পঞ্জাবৰ জলন্ধৰ পশ্চিম বিধানসভাৰ শীতল আংগুৰালৰ পদত্যাগৰ পিচত এই আসনখন খালী হৈ পৰে । শীতল আংগুৰালে মাৰ্চ মাহত আপ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷

তামিলনাডুৰ বিক্ৰবন্দিৰ ডি এম কেৰ বিধায়ক এন পুগাজেনথিৰ মৃত্যুৰ পাচত বিধানসভা সমষ্টিৰ আসনখন খালী হৈ পৰে । ডি এম কেই এই আসনখন জয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ৷ আনহাতে এন ডি এৰ মিত্ৰ পি এম কেয়েও এই সমষ্টিটো দখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: 2026 ৰ বিধানসভা নিৰ্বাচন জয়ী নোহোৱা পৰ্যন্ত মোৰ কাম এতিয়াও আধৰুৱা : গৌৰৱ গগৈ - GAURAV GOGOI

মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাৰ অমৰৱাৰা বিধানসভা সমষ্টিৰ তিনিবাৰৰ কংগ্ৰেছ বিধায়ক কমলেশ শ্বাহে ১৯ এপ্ৰিলত ছিণ্ডৱাৰাত লোকসভা নিৰ্বাচনৰ পূৰ্বে ২৯ মাৰ্চত বিজেপিলৈ যায় । পিচত তেওঁ বিধানসভাৰ পৰা পদত্যাগ কৰিছিল, যাৰ বাবে উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈ পৰে ।

হিমাচল প্ৰদেশৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ডেহৰা, হামিৰপুৰ আৰু নালাগড়ৰ তিনিজন নিৰ্দলীয় বিধায়ক হোছিয়াৰ সিং (ডেহৰা), আশীষ শৰ্মা (হামিৰপুৰ) আৰু কে এল ঠাকুৰে (নালাগড়) ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোট দিয়াৰ পাচত সদনৰ পৰা পদত্যাগ কৰে ৷

বিহাৰৰ ৰূপৌলী আসনৰ প্ৰাক্তন বিধায়ক বিমা ভাৰতীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পদত্যাগ কৰাৰ ফলত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয় । কিছুমাহ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জেডি(ইউ) এৰি তেওঁ নিজৰ আসন ত্যাগ কৰিছিল । পূৰ্ণিয়াৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু বিষমভাৱে পৰাস্ত হৈছিল ।

লগতে পঢ়ক: সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ দিল্লীলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং - Amritpal Singh gets parole

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.