ETV Bharat / bharat

ভূমিস্খলনৰ আগতীয়া সতৰ্কতা ব্যৱস্থা; ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰে ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ বুজাবুজি চুক্তি - landslide in Assam - LANDSLIDE IN ASSAM

MoU Between ASDMA and GSI : ডিমা হাচাও আৰু কাছাৰ জিলাৰ বাবে ভূমিস্খলনৰ ওপৰত এক কাৰ্যকৰী আৰ্হি প্ৰস্তুত কৰাৰ বাবে এক পৰীক্ষামূলক আঞ্চলিক আগতীয়া সতৰ্কতা পূৰ্বানুমান ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যৰে এ এছ ডি এম এ আৰু জি এছ আইৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ।

MoU Between ASDMA and GSI
ভূমিস্খলনৰ আগতীয়া সতৰ্কতা ব্যৱস্থাৰ চুক্তি সম্পাদন (ANI Photo)
author img

By ANI

Published : Aug 17, 2024, 2:28 PM IST

নিউজ ডেস্ক, ১৭ আগষ্ট : ৰাজ্যত ভূমিস্খলনৰ ফলত হ'ব পৰা বিপদ মোকাবিলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । এই পদক্ষেপত শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) আৰু ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ (GSI) মাজত এক পৰীক্ষামূলক আঞ্চলিক ভূমিস্খলন কাৰ্যকৰীকৰণ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

এই বুজাবুজি চুক্তিত এ এছ ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু অসমৰ দায়িত্বত থকা জি এছ আইৰ উপ-সঞ্চালক প্ৰধান শিলাদিত্য সেনগুপ্তই স্বাক্ষৰ কৰে ।

উল্লেখ্য যে ভূমিস্খলনৰ সমস্যাৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা মনোযোগ দিয়া নাযায় বা ভূমিস্খলনৰ ব্যক্তিগত তদৰ্থ ভিত্তিক প্ৰতিক্ৰিয়া ব্যৱস্থাৰে মোকাবিলা কৰা হয় । যাৰ ফলত এই সমস্যাটো প্ৰতিবছৰে পুনৰাবৃত্তি হৈ থাকে ।

আনহাতে, ভূমিস্খলৰ ফলত প্ৰাণ হেৰুওৱাৰ উপৰি আন্তঃগাঁথনিৰ সৈতে বৃহৎসংখ্যক ঘৰ অসমৰ ডিমা হাচাও, কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ আৰু কামৰূপ (মহানগৰ) জিলাৰ পাহাৰীয়া অঞ্চলত ক্ষতিগ্ৰস্ত হয় ।

সাম্প্ৰতিক সময়ত ভূমিস্খলনৰ বিপদাশংকা হ্ৰাসৰ বাবে গ্ৰহণ কৰা মুখ্য গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ভিতৰত এটা হৈছে স্থিৰ ভূমিস্খলন সংবেদনশীলতা আৰু বিপদ মানচিত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে বৃহৎ এলেকাৰ বাবে এক আঞ্চলিক ভূমিস্খলনৰ আগতীয়া সতৰ্কতা ব্যৱস্থা (এল ইউ এছ) বিকাশ কৰা; গতিশীল হ্ৰস্ব আৰু দীৰ্ঘম্যাদী বৰষুণৰ পূৰ্বানুমান আদি ।

এই সন্দৰ্ভত ডিমা হাচাও আৰু কাছাৰ জিলাৰ বাবে ভূমিস্খলনৰ ওপৰত এক কাৰ্যকৰী আৰ্হি প্ৰস্তুত কৰাৰ বাবে এক পৰীক্ষামূলক আঞ্চলিক আগতীয়া সতৰ্কতা পূৰ্বানুমান ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যৰে এ এছ ডি এম এ আৰু জি এছ আইৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় । এই ব্যৱস্থাই ভৱিষ্যতে সকলো ৰাজ্যক সামৰি ল'ব ।

আনহাতে, জি এছ আয়ে জনোৱা মতে, বিভাগটোৱে 'ভূস্খলন' নামৰ এটা এপ মুকলি কৰিছে । ইয়াত জনসাধাৰণ, প্ৰতিষ্ঠান, চৰকাৰী সংস্থা আদিয়ে তেওঁলোকৰ নিজ নিজ এলেকাত ভূমিস্খলনৰ ঘটনা আপলোড কৰিব পাৰিব, যাতে ক্লাউড ছ'ৰ্চিং হিচাপে দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰা আৰু ইয়াৰ পৰিণাম হ্ৰাস কৰাত অধিক দক্ষ হয় ।

লগতে পঢ়ক :সপোনৰ ঘৰখন বালি-পলসৰ তলত; জোনাইৰ এখন গাঁৱৰ ৫০ টা পৰিয়ালৰ হিয়াভগা বিননি - Assam Flood 2024
লগতে পঢ়ক :ৰাজ্যৰ ৯ জিলাত কমিছে বৰষুণৰ পৰিমাণ - India Meteorological Department

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.