ETV Bharat / bharat

মঙলবাৰে পোহৰলৈ আহিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ ! - Delhi CM Arvind Kejriwal

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 7:02 PM IST

Arvind Kejriwal Resignation Update : মঙলবাৰে মুখ্যমন্ত্ৰী পদ এৰিবলৈ আগবঢ়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এতিয়ালৈকে তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰা নাই । তেওঁ সোমবাৰে একান্ত বন্ধু তথা দলৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়াক মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিবলৈ সাক্ষাৎ কৰে । মঙলবাৰে আপৰ বিধায়কসকলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ব ।

Arvind Kejriwal Resignation Update
দিল্লীৰ ৰাজনীতিত এতিয়া মুখ্যমন্ত্ৰীৰ চৰ্চা (ETV Bharat)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : আপ প্ৰধান অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰাৰ লগে লগে দিল্লীৰ ৰাজনীতিত এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ তীব্ৰ চৰ্চা চলিছে । তাৰ মাজতে দলৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়াই সোমবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে । লগতে মুখ্যমন্ত্ৰী পদৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী বাছনি কৰাৰ সম্ভাৱনা আছে ।

শেহতীয়া তথ্য মতে মঙলবাৰে পুৱা ১১.৩০ বজাত দিল্লীত অনুষ্ঠিত হ'বলগীয়া আপ বিধায়কসকলৰ বৈঠকত কেজৰিৱালৰ উত্তৰাধিকাৰী ঘোষণা কৰা হ'ব ।

জানিব পৰা মতে, কেজৰিৱালে মঙলবাৰে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ-পত্ৰ প্ৰদান কৰিব । তাৰ পিচতে তেওঁৰ উত্তৰাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব । দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে সোমবাৰে এক সংবাদমেলত কয় ।

উল্লেখ্য যে দেওবাৰে কেজৰিৱালে জামিনত মুক্তি পোৱাৰ পিচত দলীয় কৰ্মীসকলক সম্বোধন কৰি দিয়া তেওঁৰ প্ৰথম ভাষণত ঘোষণা কৰে যে তেওঁ দুদিনৰ পিচত পদত্যাগ কৰিব । জনসাধাৰণে তেওঁক 'সততাৰ প্ৰমাণ-পত্ৰ' নিদিয়ালৈকে মুখ্যমন্ত্ৰীৰ চকীত তেওঁ নবহে বুলি ঘোষণা কৰে ।

আনহাতে, সোমবাৰে দলৰ এজন কৰ্মীয়ে কয়, "কেজৰিৱাল আৰু ছিছোদিয়া আজি বৈঠকত মিলিত হ'ব । তেওঁলোকৰ সিদ্ধান্তৰ পিচত এইখন প্ৰথম বৈঠক হ'ব । বৈঠকখনত পৰৱৰ্তী মুখ্যমন্ত্ৰীকলৈয়ো আলোচনা হোৱাৰ সম্ভাৱনা আছে ।" এই বৈঠকখন চিভিল লাইনছ অঞ্চলত থকা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে শুকুৰবাৰে আবকাৰী নীতি গোচৰত তিহাৰ কাৰাগাৰৰ পৰা জামিনত মুকলি হোৱা কেজৰিৱালে দেওবাৰে কয় যে তেওঁ কেইদিনমানৰ ভিতৰতে আপৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰিব আৰু তেওঁৰ দলৰ এজন সহকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব । তেওঁৰ এই অপ্ৰত্যাশিত ঘোষণাই তেওঁৰ পত্নী সুনীতা আৰু মন্ত্ৰী আতিশী আৰু গোপাল ৰায়ৰ নামক তেওঁৰ সম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে লৈ তীব্ৰ চৰ্চাৰ সৃষ্টি কৰে ।

কেজৰিৱালে কয় যে তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচত 'অগ্নিপৰীক্ষা' দিব বিচাৰে । "দিল্লীৰ নিৰ্বাচন ফেব্ৰুৱাৰী মাহত (২০২৫) অনুষ্ঠিত হ'ব, কিন্তু মই ৰাষ্ট্ৰীয় ৰাজধানীত মহাৰাষ্ট্ৰৰ সৈতে নৱেম্বৰত (২০২৪) নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছোঁ । মই তেতিয়াহে মুখ্যমন্ত্ৰী হ'ম বা ছিছোদিয়া উপ-মুখ্যমন্ত্ৰী, হ'ব যেতিয়া জনসাধাৰণে আমাক সৎ বুলি ক'ব ।" তেওঁ কয় ।

দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৌৰত কোন কোন আছে ?

সুনীতা কেজৰিৱাল

মুখ্যমন্ত্ৰী পদৰ দাবীদাৰসকলৰ মাজত অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ নাম শীৰ্ষত আছে । লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল । তেওঁক তাৰকা প্ৰচাৰকসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল । সেই সময়তে তেওঁক কেজৰিৱালৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল । বৰ্তমান এইটো চৰ্চা চলিছে যে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কেজৰিৱালৰ পৰিয়ালৰ পৰা অৰ্থাৎ তেওঁৰ পত্নী হ'ব ।

আতিশী মাৰ্লেনা

কেজৰিৱাল কাৰাগাৰত থকা সময়ত দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশী মাৰ্লেনাই চৰকাৰৰ দায়িত্ব চম্ভালিছিল । তেওঁ প্ৰয়োজনত জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ সন্মুখত আম আদমি পাৰ্টীৰ পক্ষ শক্তিশালীভাৱে উপস্থাপন কৰিছিল । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে মনোনীত কৰাৰ পিচত আতিশী মুখ্যমন্ত্ৰী পদৰ দৌৰত থাকিব পাৰে বুলি অনুমান কৰা হৈছে ।

সৌৰভ ভৰদ্বাজ

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ নাম অনুমোদন কৰাৰ সম্ভাৱনাও অস্বীকাৰ কৰিব নোৱাৰি । দিল্লী চৰকাৰৰ স্বাস্থ্যৰ দৰে এক গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ দায়িত্বত থকা সৌৰভ ভৰদ্বাজক কেজৰিৱালৰ প্ৰিয় বিধায়কসকলৰ তালিকাত থকা বুলি গণ্য কৰা হয় । কেজৰিৱাল কাৰাগাৰত থকা অৱস্থাত চৰকাৰৰ কাম-কাজ চোৱাচিতা কৰিবলৈ আতিশী আৰু সৌৰভ ভৰদ্বাজ দুয়োকে সমান দায়িত্বত ৰাখিছিল । যদি মুখ্যমন্ত্ৰীৰ মুকুট কোনো মহিলাৰ মূৰত সুশোভিত নহয়, তেন্তে সৌৰভ ভৰদ্বাজ দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰে ।

লগতে পঢ়ক :কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? - Arvind Kejriwal resignation
লগতে পঢ়ক :পৰম্পৰা ভংগ কৰি কেজৰিৱালে পত্নীৰ পৰিৱৰ্তে আনক দিব নেকি মুখ্যমন্ত্ৰীৰ দায়িত্ব ? - Kejriwal to resign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.