ETV Bharat / bharat

অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব - China claim Arunachal Pradesh

China claim Arunachal Pradesh: অৰুণাচলৰ ওপৰত পুনৰ চীনে দৃষ্টি নিক্ষেপ কৰিছে । উত্তৰ-পূৱৰ ৰাজ্যখনক জাংনান বুলি সম্বোধন কৰি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে সেই অঞ্চল চীনৰ অন্তৰ্নিহিত অঞ্চল । ইয়াৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে চীনক কটাক্ষ কৰে ।

China claim Arunachal Pradesh
অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:00 PM IST

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : অৰুণাচল প্ৰদেশ ভাৰতৰ অংশ আছিল, আছে আৰু সদায় থাকিব । উত্তৰ-পূৱৰ ৰাজ্যখনৰ ওপৰত চীনে অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা স্পষ্ট কৰি দিয়ে । মঙলবাৰে অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মন্তব্য খণ্ডন কৰি কয় ভাৰতে দাবী কৰে যে এই সন্দৰ্ভত ভিত্তিহীন যুক্তিৰ পুনৰাবৃত্তি কৰিলেও এনে দাবীৰ কোনো বৈধতা নাথাকে ।

শেহতীয়াকৈ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ঝাং জিয়াওগাঙে কৈছিল যে জাংনান চীনৰ অন্তৰ্নিহিত অঞ্চল । চীনে কেতিয়াও তথাকথিত অৰুণাচল প্ৰদেশ ভাৰতৰ অবৈধ প্ৰতিষ্ঠাক স্বীকৃতি নিদিয়ে আৰু দৃঢ়ভাৱে বিৰোধিতা কৰে । এই মন্তব্যৰ পিচতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৰুণাচল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে ভাৰতৰ কাৰ্যকলাপ সীমান্ত পৰিস্থিতি সহজ কৰাৰ বাবে দুয়োপক্ষৰ প্ৰচেষ্টাৰ বিপৰীত আৰু সীমান্ত অঞ্চলত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে অনুকূল নহয় । ভাৰতীয় পক্ষই এনে যিকোনো পদক্ষেপ বন্ধ কৰাটো প্ৰয়োজন যিয়ে সীমা সমস্যা জটিল কৰিব পাৰে । চীনা সামৰিক বাহিনী অত্যন্ত সতৰ্ক হৈ আছে আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা দৃঢ়তাৰে ৰক্ষা কৰিব বুলি কৰ্ণেল ঝাং জিয়াওগাঙে দাবী কৰিছিল ।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰই কৰা মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে মঙলবাৰে কয় যে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ভূখণ্ডৰ ওপৰত অযৌক্তিক দাবী আগবঢ়োৱা চীনা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰই কৰা মন্তব্যবোৰ চৰকাৰে গুৰুত্বসহকাৰে লৈছে ।

তেওঁৰ মতে এই সন্দৰ্ভত ভিত্তিহীন যুক্তিৰ পুনৰাবৃত্তি কৰিলেও এনে দাবীৰ কোনো বৈধতা নাই । অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব বুলি স্পষ্ট কৰি দিয়ে । ইয়াৰ লোকসকলে ভাৰতৰ উন্নয়নমূলক কাৰ্যসূচী আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰা লাভান্বিত হৈ থাকিব বুলিও জয়ছোৱালে উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণক লৈ ভাৰতৰ ওচৰত কূটনৈতিক প্ৰতিবাদ দাখিল কৰে । অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰা চীনে কয় যে ভাৰতৰ এই পদক্ষেপে সীমা সমস্যাক জটিল কৰি তুলিব ।

লগতে পঢ়ক :অৰুণাচল চীনা ভূখণ্ডৰ অন্তৰ্নিহিত অংশ; চীনা সামৰিক বাহিনীৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.