নেশ্যনেল ডেস্ক,১ মাৰ্চ : এখন বিমানৰ সন্দেহজনক উৰণক লৈ হায়দৰাবাদত ব্যাপক কৌতূহলে বিৰাজ কৰে । শুকুৰবাৰে দিনটোত হায়দৰাবাদৰ এটা নিৰ্দিষ্ট অঞ্চলত বায়ু সেনাৰ এখন বিমান প্ৰায় ৪০ মিনিট ধৰি উৰি আছিল । অৱতৰণৰ সময়তে বায়ু সেনাৰ বিমানখনৰ কাৰিকৰী বিজুতিৰ খবৰ পোৱাৰ পিচতে হায়দৰাবাদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । অৱশ্য়ে ১২ গৰাকী লোক থকা বায়ু সেনাৰ বিমানখনে সুৰক্ষিতভাৱে বেগমপেট বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে ।
জানিব পৰা মতে বিমানখন বায়ু সেনাৰ প্ৰশিক্ষণ বিমান আছিল । কাৰিকৰী বিজুতিৰ বাবে বিমানখন প্ৰায় ৪০ মিনিট ধৰি হায়দৰাবাদৰ আকাশত উৰি আছিল । বিমানখনৰ পাইলটে বিমান যানবাহন নিয়ন্ত্ৰণ আৰু বায়ু সেনা ঘাটি কেন্দ্ৰক তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে সতৰ্ক কৰি দিছিল । সূত্ৰৰ মতে বিমানখনত থকা দুজন পাইলটে জৰুৰী অৱতৰণ কৰিবলৈ চেষ্টা কৰি আছিল আৰু বিমানখনে আবেলিৰ পৰা হায়দৰাবাদৰ আকাশত ঘূৰি আছিল ।
বায়ু সেনাৰ আধাৰ কেন্দ্ৰই বিমানখনক আকাশতে ৰাখি কাৰিকৰী বিজুতি ঠিক কৰিবলৈ কৰ্মচাৰীসকলক নিৰ্দেশনা দিছিল । এয়া বায়ু সেনাৰ কৰ্মচাৰীসকলৰ সম্পূৰ্ণ পেছাদাৰীতা আৰু দক্ষতা আছিল । যাৰ বাবে কাৰিকৰী বিজুতিৰ সন্মুখীন হোৱা স্বত্বেও বিমানখনে সফলতাৰে অৱতৰণ কৰিবলৈ সক্ষম হয় । সূত্ৰৰ মতে ১২ গৰাকী লোকে যাত্ৰা কৰি থকা বিমানখনৰ পাইলটে সন্মুখৰ হাইড্ৰ'লিক চকাৰ প্ৰণালীত এক বিজুতি লক্ষ্য কৰিছিল ।
পৰিস্থিতিৰ প্ৰতি পূৰ্বে সজাগ হৈছিল পাইলট আৰু তেওঁ তাৎক্ষণিকভাৱে বাকী কৰ্মচাৰীসকলকো সতৰ্ক কৰি দিছিল । সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি পাইলটগৰাকীয়ে বিমানখন ৪০ মিনিটৰ বাবে আকাশতে ৰাখিছিল আৰু কাৰিকৰী সমস্যা সমাধানৰ চেষ্টা কৰিছিল ।
অৱশ্যে পাইলটগৰাকীৰ নিৰ্দেশনাত কৰ্মচাৰীসকলৰ সমন্বিত প্ৰচেষ্টাৰ অন্তত কাৰিকৰী সমস্যা সমাধান হয় আৰু বিমানখনে সুৰক্ষিত অৱতৰণ কৰিবলৈ সক্ষম হয় ।বেগমপেট বিমানবন্দৰক পূৰ্বে জৰুৰীকালীন পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছিল আৰু বিমানবন্দৰ কৰ্তৃপক্ষও কঠিন অৱতৰণৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত আছিল । সূত্ৰৰ মতে বায়ু সেনাৰ প্ৰশিক্ষণ বিমানখনত হাইড্ৰ'লিক বিজুতি হ'ব পাৰে ।
লগতে পঢ়ক :জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা