ETV Bharat / bharat

5 জুলাইত শপতগ্ৰহণ : নতুন দিল্লী অভিমুখে ৰাওনা অমৃতপাল সিঙৰ পিতৃ - AMRITPAL SINGH GETS PAROLE

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 2:22 PM IST

Lok Sabha Election 2024 : সাংসদ পুত্ৰৰ শপতগ্ৰহণৰ প্ৰাকক্ষণত নতুন দিল্লীলৈ ৰাওনা খালিস্তানী নেতা অমৃতপাল সিঙৰ পিতৃ তৰচেম সিঙৰ ৷ 5 জুলাইত সাংসদৰূপে শপত ল’ব অমৃতপালে ৷ চাওক সবিশেষ খবৰ...

AMRITPAL SINGH GETS PAROLE
অমৃতপাল সিং (ETV Bharat)

নেশ্যনেল ডেস্ক, 4 জুলাই: লোকসভা সমষ্টিৰ সাংসদ খাদুৰ চাহিব অমৃতপাল সিঙে শুকুৰবাৰে লোকসভাত শপতগ্ৰহণ কৰিব ৷ অৱশ্যে পৰিয়ালৰ হাতত এই সন্দৰ্ভত কোনো তথ্য নাই বা তেওঁ চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক নিমন্ত্ৰণ পত্ৰও লাভ কৰা নাই ৷

বৃহস্পতিবাৰে অমৃতপাল সিঙৰ পিতৃ তৰচেম সিঙে 6-7 জনীয়া এটা দলৰ সৈতে ৰাওনা হৈছে দিল্লী অভিমুখে ৷ তৰচেম সিঙে দিল্লীত কাৰাবন্দী সাংসদ পুত্ৰ অমৃতপাল সিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে, চৰ্ত অনুসৰি এই সময়ছোৱাত অমৃতপাল সিঙে কাকো বিশেষকৈ পৰিয়ালটোক সাক্ষাৎ কৰিব নোৱাৰে ।

লগতে পঢ়ক: বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা নিয়া হ'ব দিল্লীলৈ : ৫ জুলাইত সাংসদৰূপে শপত ল’ব অমৃতপালে - Amritpal Singh gets parole

ইফালে, অমৃতপাল সিঙৰ মাতৃ বলবিন্দৰ কৌৰে এই সন্দৰ্ভত কয় যে, অমৃতপাল সিঙে সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিবলগীয়া কথাটোত তেওঁ সুখী অনুভৱ কৰিছে ৷ চৰকাৰৰ বৈষম্যৰ বাবে শপতগ্ৰহণ অনুষ্ঠানত দীৰ্ঘদিন ধৰি বিলম্ব হৈ থকা বুলিও অমৃতপালৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰে । তদুপৰি শপতগ্ৰহণ অনুষ্ঠানত পৰিয়ালটোক সাক্ষাৎ কৰিব নিদিয়াটো চৰকাৰৰ এটা ভুল সিদ্ধান্ত বুলি বলবিন্দৰ কৌৰে মন্তব্য কৰে ।

উল্লেখ্য যে, খাদুৰ চাহিবৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱা অমৃতপাল সিঙে শুকুৰবাৰে সাংসদ হিচাপে শপতগ্ৰহণ কৰিব ৷ সিঙে শুকুৰবাৰৰ পৰা 4 দিন বা তাতকৈ কম সময়ৰ পেৰ’ল লাভ কৰিছে ৷ কিন্তু এই সময়ছোৱাত সাংসদগৰাকীয়ে ৰিয়াত থকা তেওঁৰ বাসগৃহ তথা সমষ্টিলৈ, আনকি পৰৱৰ্তী 4 দিনৰ ভিতৰত পঞ্জাৱলৈও আহিব নোৱাৰিব । কিছুমান চৰ্তৰ সৈতে পেৰ’ল প্ৰদান কৰা হৈছে কাৰাবন্দী নেতাগৰাকীক ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত কাৰাবন্দী প্ৰাৰ্থীৰ জয় : শপত ল’ব পাৰিবনে ? চাওক এক বিশ্লেষণ - Lok Sabha Results 2024

দৰাচলতে, অমৃতপাল সিঙৰ জামিন শুকুৰবাৰৰ পৰা কিছুমান চৰ্তৰ ভিত্তিত মঞ্জুৰ কৰা হৈছে । যাৰ বিষয়ে অসমৰ ডিব্ৰুগড় কাৰাগাৰৰ অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে জাননী ৷ কাৰাধ্যক্ষৰ জৰিয়তে এই তথ্য প্ৰদান কৰা হৈছে কাৰাবন্দী নেতাগৰাকীক ।

চৰ্ত অনুসৰি, তেওঁলোকে কেৱল দিল্লীত থাকিব পাৰিব । দিল্লীৰ বাহিৰে আন কোনো ঠাইলৈ যাব নোৱাৰে । কেৱল সেয়াই নহয়, তেওঁ সকলো সময়তে সুৰক্ষিত থাকিব লাগিব । অমৃতপাল সিঙৰ পিতৃয়ে শপতগ্ৰহণ সন্দৰ্ভত সদৰী কৰা অনুসৰি, এই তথ্যবোৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তেহে পৰিয়ালে লাভ কৰিছিল ৷ একে সময়তে সাংসদ সৰৱজিৎ সিং খালছাই এই কথা ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ।

উল্লেখ্য যে, অমৃতপাল সিঙে খাদুৰ চাহিব সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ সিঙে অকালি নেতা বীৰচা সিং ভালতোহাক পৰাস্ত কৰি ১,৯৭,১২০ টা ভোটত জয়ী হৈছিল ।

লগতে পঢ়ক: ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয় - Lok Sabha Election Results 2024

ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ সহযোগীও হ’ব নিৰ্বাচনৰ প্ৰাৰ্থী - Dibrugarh Central Jail

ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী অমৃতপাল সিঙৰ শপতগ্ৰহণৰ দিন এতিয়াও নিশ্চিত হোৱা নাই - Amritpal Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.