ETV Bharat / bharat

কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যা: ৪২ গৰাকী চিকিৎসকৰ বদলিৰ নিৰ্দেশ বাতিল - RG Kar Medical College incident

author img

By ANI

Published : Aug 18, 2024, 6:54 AM IST

WB Health Department revokes transfer order of 42 doctors : ভয়াৱহ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত হোৱা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ পাচতে সৰ্বতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৪২ গৰাকী চিকিৎসকৰ বদলিৰ নিৰ্দেশ বাতিল কৰিছে ৷

WB Health Department revokes transfer order of 42 doctors
কলিকতাৰ চিকিৎসকক ধৰ্ষণ-হত্যা (ANI)

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : শিহৰণকাৰী ! অমানৱীয় ! অতি ভয়াৱহ কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত হোৱা সেই ঘটনাটো ৷ ঘটনাৰ প্ৰতিটো বৰ্ণনা শুনিলেই গা কঁপি উঠিব আপোনাৰো ৷

শনিবাৰে এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি অহ্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ মাজতে পশ্চিমবংগৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ইতিমধ্যে ৪২ গৰাকী চিকিৎসকৰ বদলিৰ নিৰ্দেশ বাতিল কৰিছে । সংবাদ সংস্থা ANI য়ে সদৰী কৰিছে এই তথ্য ৷

এক সংবাদমেলত ভাষণ দি পশ্চিমবংগৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব নাৰায়ণ স্বৰূপ নিগমে কয়, "বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি আমি সমগ্ৰ ব'ৰ্ডতে স্বাভাৱিক সেৱা বজাই ৰখাটো প্ৰয়োজন । সেয়েহে আমি এই বদলিৰ আদেশ বাতিল কৰাৰ সিদ্ধান্ত লৈছো । এই বিষয়টোৰ সন্দৰ্ভত আগন্তুক দিনত যিকোনো সিদ্ধান্তই লোৱা হ’ব ।”

লগতে পঢ়ক : প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case

তেওঁ লগতে কয়, ‘‘বদলি প্ৰক্ৰিয়াটো চিকিৎসা শিক্ষা সেৱাৰ ভিতৰত প্ৰচাৰমূলক কচৰৎৰ অংশ, যিটো দুমাহ পূৰ্বে আৰম্ভ হোৱা এক দীঘলীয়া পদ্ধতি ৷ কেইবাদিনো আগতে অনুমোদন চূড়ান্ত কৰা হৈছিল ।’’ নিগমে লগতে উল্লেখ কৰে যে এই বদলিৰ অনুমোদন এই কাণ্ডৰ বহু আগতেই দিয়া হৈছিল ।

এই ঘোষণাৰ পিছতে ৰাজ্যখনৰ বিৰোধী নেতাসকলে পশ্চিমবংগ চৰকাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰে ৷ লগতে তেওঁৰ পদত্যাগ দাবী কৰি এই নিৰ্দেশ প্ৰতিবাদকাৰী চিকিৎসকক লক্ষ্য কৰি ভয় খুৱাবৰ বাবে ইচ্ছাকৃতভাৱে কৰা হৈছে বুলিও অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক সোধা-পোছা চি বি আইৰ - RG Kar Rape Murder

বিজেপিৰ ৰাষ্ট্ৰীয় তথ্য আৰু প্ৰযুক্তি বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালব্যই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰি কয় যে, "যদি পশ্চিম বংগৰ স্বাস্থ্য বিভাগে নাজানে যে তেওঁলোকে কি কৰিছে, তেন্তে স্বাস্থ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰক । 24 ঘণ্টাৰ ভিতৰত 40 জনতকৈ অধিক যোগ্য জ্যেষ্ঠ চিকিৎসকৰ বদলিৰ আদেশ এটা অশুভ কৌশল অবৈধ উপায় ব্যৱহাৰ কৰি প্ৰতিবাদক চেপি ধৰাটোৱে জনতাৰ ক্ষোভ আৰু অধিক বৃদ্ধি কৰিছে ।’’

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰেও X যোগে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়,

"প্ৰতিবাদকাৰী চিকিৎসকৰ বদলিৰ আদেশ ক্ষিপ্ৰতাৰে প্ৰত্যাহাৰ কৰাটো ভয় খুৱাবলৈ কৰা আৰু প্ৰতিবাদ দমন কৰাৰ এয়া এক কৌশল । এনে পদক্ষেপে জনতাৰ ক্ষোভ বৃদ্ধিহে কৰে ৷ বিশেষকৈ কলকাতা আৰক্ষীয়ে অনলাইনত ন্যায় বিচৰাসকলক ভাবুকি দিয়াৰ লগে লগে যদি তেওঁ ৰাজ্যখন পৰিচালনা কৰিব নোৱাৰে, তেন্তে তেওঁ পদত্যাগ কৰিব লাগে ।’’

লগতে পঢ়ক : ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি : বিভিন্ন সংস্থাৰো সমৰ্থন - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.