ETV Bharat / bharat

মণিপুৰৰ জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ : উচ্চ ন্যায়ালয়ত আবেদন দাখিল - DIPR Manipur

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 6:56 AM IST

Manipur Recruitment Scam : মণিপুৰত নিযুক্তি পৰীক্ষাৰ নামত বিভ্ৰান্তি । তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ নিযুক্তি পৰীক্ষাত এই বিভ্ৰান্তিৰ অভিযোগ । বিভাগটোৰ তথ্য সহায়ক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত অনিয়মৰ অভিযোগত উচ্চ ন্যায়ালয়ত আবেদন বঞ্চিত প্ৰাৰ্থীৰ । আৰ টি আইৰ তথ্যত প্ৰকাশ পাইছিল পৰীক্ষাৰ নামত সংঘটিত অনিয়মৰ কথা ।

Manipur Recruitment Scam
মণিপুৰৰ জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ (ETV Bharat)

তেজপুৰ, ৬ ছেপ্টেম্বৰ : সমগ্ৰ দেশতে প্ৰশ্নকাকত ফাদিল আৰু ফলাফলৰ বিসংগতিক কেন্দ্ৰ কৰি নীট (NEET) বিতৰ্কই শিৰোনাম দখল কৰি থকাৰ সময়তে মণিপুৰতো পৰীক্ষাৰ নামত বিভ্ৰান্তিৰ তথ্য উন্মোচন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আৰ টি আইৰ এক তথ্যত জনসংযোগ সঞ্চালকালয়ৰ অধীনত তথ্য সহায়ক পদৰ নিযুক্তিৰ ফলাফলত অনিয়মৰ কথা প্ৰকাশ পাইছে । এই পৰীক্ষাত নিৰ্বাচিত প্ৰাৰ্থীসকলক অসম্ভৱ নম্বৰ প্ৰদান কৰা কাৰ্যই উন্মোচিত কৰিছে পৰীক্ষাৰ নামত সংঘটিত অনিয়মৰ কথা ।

আৰিবাম বিশ্বজিৎ শৰ্মা আৰু হেইৰাংখংজাম ভৱন মেইটেয়ে জনোৱা আৰ টি আইৰ আবেদনৰ উত্তৰত প্ৰকাশ কৰা হৈছে যে পৰীক্ষাত থকা মুঠ ৫০ টা প্ৰশ্নৰ ভিতৰত প্ৰতিটো প্ৰশ্নৰে নম্বৰ ২-কৈ আছিল । কিন্তু নিৰ্বাচিত ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত পাঁচগৰাকীয়ে লাভ কৰিছে অদ্ভূত নম্বৰ ।

Manipur Recruitment Scam
উচ্চ ন্যায়ালয়ৰ জাননী (ETV Bharat)

তেওঁলোকে লাভ কৰিছে ক্ৰমে ৯৫, ৯৩, ৯১, ৮৯ আৰু ৬৯ । কিন্তু এই পৰীক্ষাত কোনো ঋণাত্মক নম্বৰ চিহ্নিত কৰাৰ কোনো ব্যৱস্থা নাই । সেয়ে এই অদ্ভুত সংখ্যাৰ নম্বৰ প্ৰদান গাণিতিকভাৱে অসম্ভৱ । যাৰ বাবে পৰীক্ষাৰ প্ৰক্ৰিয়াক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে ।

ই আৰ টি আই তথ্যৰ ভিত্তিত আৰিবাম বিশ্বজিৎ শৰ্মাই মণিপুৰৰ উচ্চ ন্যায়ালয়ত ইতিমধ্যেই আবেদন জনাইছে । আবেদনখনত ইয়াৰ সম্পাদক/আয়ুক্তই প্ৰতিনিধিত্ব কৰা মণিপুৰ ৰাজ্য আৰু আন ৯ জনৰ নাম উল্লেখ কৰা হৈছে । ইয়াত কিছুমান প্ৰাৰ্থীৰ সপক্ষে ইচ্ছাকৃতভাৱে নম্বৰৰ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু পৰীক্ষাৰ ফলাফল বাতিল কৰিবলৈ দাবী জনাইছে ।

Manipur Recruitment Scam
উচ্চ ন্যায়ালয়ৰ জাননী (ETV Bharat)

তদুপৰি, আবেদনখনত আবেদনকাৰীকে ধৰি সকলো নিৰ্বাচিত প্ৰাৰ্থীৰ উত্তৰবহীৰ ফৰেনছিক পৰীক্ষা কৰাৰো দাবী উত্থাপন হৈছে, যাতে কোনো সম্ভাৱ্য খেলিমেলি ধৰা পেলাব পৰা যায় । যদিহে তেনে ধৰণৰ খেলিমেলি নিশ্চিত হয়, তেন্তে আবেদনখনত আদালতক আহ্বান জনোৱা হৈছে যে দায়িত্বশীল পৰীক্ষক আৰু বিষয়াসকলৰ বিৰুদ্ধে ছু মটো এফ আই আৰ দাখিল কৰাৰ নিৰ্দেশ দিব লাগে ।

আনহাতে, মণিপুৰৰ উচ্চ ন্যায়ালয়ে ৩০ আগষ্টত বিষয়টো বিবেচনা কৰি পৰৱৰ্তী শুনানিৰ দিন ৭ অক্টোবৰ নিৰ্ধাৰণ কৰি আবেদনকাৰীক অধিক ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে এই বাছনি পৰীক্ষা ২০২১ চনৰ ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল যদিও প্ৰায় তিনি বছৰৰ পিচত, ২০২৪ চনৰ ১৪ মাৰ্চ তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰা হয় ।

মণিপুৰৰ তথ্য আৰু জনসংযোগ সঞ্চালক হিচাপে বৰ্তমান চৰণজীত সিঙে দায়িত্ব পালন কৰি আছে । তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত ৬৪টা চুক্তিভিত্তিক তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ পিচতে ২০২১ চনৰ ১৬ আগষ্টত এই নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল ।

এই অনিয়মসমূহ উন্মোচন কৰা আৰ টি আইত প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ২৫ এপ্ৰিলত প্ৰাৰ্থী অৰিবাম বিশ্বজিৎ শৰ্মাই নিজৰ মাৰ্কশ্বীট পৰিদৰ্শন কৰি নিৰ্বাচিত প্ৰাৰ্থীৰ নাম আৰু নম্বৰ লাভ কৰিব বিচাৰিছিল । কিন্তু ২০২৪ চনৰ ২২ মে’ত আৰ টি আইৰ ন’ডেল বিষয়া পি এইচ সৈত্যমলা দেৱীৰ প্ৰাৰম্ভিক সঁহাৰিত স্ব-পৰিদৰ্শন আৰু নিৰ্বাচিত প্ৰাৰ্থীৰ নম্বৰ প্ৰকাশৰ কথা অস্বীকাৰ কৰে ।

ইয়াৰ পিছতে বিশ্বজিতে ২০২৪ চনৰ ৭ জুনত প্ৰথম আবেদন দাখিল কৰে । ইয়াৰ ফলত চৰণজীত সিঙে প্ৰদান কৰা উত্তৰৰ পৰা জানিব পৰা গৈছে যে নিৰ্বাচিত ৯ গৰাকী প্ৰাৰ্থীয়ে ৬৯ৰ পৰা ৯৬ লৈকে নম্বৰ লাভ কৰিছে । আনহাতে, বিশ্বজিতে লাভ কৰিছে ৮৮ নম্বৰ ।

কিন্তু কোনো বৈধ কাৰণ নিদিয়াকৈ বিভাগে উত্তৰবহী পৰিদৰ্শন কৰিবলৈ অনুমতি নিদিলে । ফলত বিশ্বজিতে মণিপুৰ তথ্য আয়োগত দ্বিতীয়বাৰৰ বাবে আবেদন দাখিল কৰে আৰু পৰৱৰ্তী সময়ত ডি আই পি আৰক নিৰ্দেশ দিয়ে যে তেওঁক এসপ্তাহৰ ভিতৰত উত্তৰবহী পৰিদৰ্শন কৰিবলৈ অনুমতি দিব লাগে । পৰৱৰ্তী সময়ত ২০২৪ চনৰ ১৬ আগষ্টতহে অৱশেষত বিশ্বজিতক আয়োগৰ কাৰ্যালয়ত তেওঁৰ উত্তৰবহী পৰিদৰ্শন কৰিবলৈ অনুমতি দিয়া হয় ।

উত্তৰ কাগজ পুনৰীক্ষণ কৰাৰ পিচত বিশ্বজিতে যুক্তিসংগতভাৱে সন্দেহ কৰে যে সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁৰ নম্বৰ ৮৮লৈ হ্ৰাস কৰিবলৈ খেলিমেলি কৰিছে । এই উত্তৰবহী পৰিদৰ্শনৰ পিচত বিশ্বজিতে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে আৰু নিযুক্তি প্ৰক্ৰিয়াত হোৱা বিসংগতিৰ ন্যায় বিচাৰে ।

লগতে পঢ়ক :এ আইৰ বাবে আপোনাৰো চাকৰি বিপদত নেকি ? - International Labour Organization
লগতে পঢ়ক :দীঘলীয়া হ'ব কেজৰিৱালৰ জামিনৰ অপেক্ষা ! - Delhi liquor Policy Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.