ETV Bharat / bharat

নাবালিকাক গণধৰ্ষণ অগ্নিবীৰৰ : ৰাজস্থানৰ আলৱাৰৰ পৰা গ্ৰেপ্তাৰ - Rape Accused Agniveer

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 2:26 PM IST

Rape Accused Agniveer : অভিযুক্ত অগ্নিবীৰ ভৱেশৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ নাবালকগৰাকীক প্ৰলোভন দেখুৱাই অৰণ্যলৈ লৈ গৈছিল । দুসপ্তাহ পূৰ্বে তাত তেওঁ আন পাঁচ সঙ্গীৰ সৈতে নাবালিকাগৰাকীক ধৰ্ষণ কৰিছিল । ভুক্তভোগীৰ পিতৃয়ে ১২ জুলাইত এই বিষয়ে এজাহাৰ দাখিল কৰে আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায় ।

Rape Accused Agniveer
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

নিউজ ডেস্ক, ২ আগষ্ট : আলৱাৰৰ এজন ২৩ বছৰীয়া অগ্নিবীৰক উত্তৰাখণ্ডৰ সেনা ছাউনিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ বিৰুদ্ধে ৰাজস্থানত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ । এই অভিযোগত তেওঁক ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । কাথুমাৰ আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰটোৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অৱশ্যে আন তিনিজন অভিযুক্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পিতৃয়ে ১২ জুলাইত এখন এজাহাৰ দাখিল কৰে । লগতে তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায় । আলৱাৰৰ আৰক্ষী অধীক্ষক আনন্দ শৰ্মাই জনোৱা মতে, সেনা কৰ্তৃপক্ষৰ সহায়ত ভবেশ ওৰফে সৌৰভক জিম্মাত লোৱা হয় ।

লক্ষণীয় কথাটো হৈছে যে, ভৱেশে এনে এক জঘন্য অপৰাধ সংঘটিত কৰাৰ পিচতো সাধাৰণভাৱে তেওঁৰ কৰ্মস্থানত উপস্থিত হৈছিল আৰু আন দিনবোৰৰ দৰেই তেওঁৰ কৰ্তব্য সম্পূৰ্ণ কৰিছিল । তেওঁৰ মুখত কোনো অপৰাধ বা ভয়ৰ ভাব প্ৰকাশ পোৱা নাছিল বুলি বিষয়াসকলে কয় ।

প্ৰকৃততে কি ঘটিছিল ?

১৬ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে সৰুৰে পৰা কথুমাৰৰ এখন গাঁৱত মোমায়েকৰ ঘৰত থাকি অধ্যয়ন কৰিছিল । তাত তেওঁৰ এজন ল'ৰাৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল । আনহাতে, এই বন্ধুজনৰে আত্মীয় ভৱেশ ওৰফে সৌৰভ জাট গাঁওখনলৈ সঘনাই আহিছিল ।

আৰক্ষীৰ মতে, অভিযুক্তই কিশোৰীগৰাকীৰ ম’বাইল নম্বৰ সংগ্ৰহ কৰিছিল আৰু তেওঁৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছিল । আনহাতে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ অন্তত কিশোৰীগৰাকী বন্ধত গাঁৱলৈ আহিছিল । ইফালে ১৪ জুলাইৰ মাজ নিশা প্ৰায় ১ বজাত ভৱেশে তেওঁক ফোন কৰি দূৰৈৰ অৰণ্যলৈ আহিবলৈ প্ৰলোভিত কৰে ।

ইয়াৰ পিচত ভৱেশ আৰু তেওঁৰ আন পাঁচ সহযোগী তেওঁৰ সৈতে জংঘললৈ যায় আৰু এজন এজনকৈ ধৰ্ষণ কৰে । লগতে বেয়াকৈ প্ৰহাৰো কৰে । আনহাতে, ঘটনাটোৰ বিষয়ে কাৰোবাক ক'লে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁকো হত্যা কৰাৰ ভাবুকি দিয়ে ।

এছ পি শৰ্মাই কয়, "গোচৰটোৰ প্ৰতিবেদন সেনালৈ প্ৰেৰণ কৰা হ'ব আৰু ইয়াৰ পিচত ভৱেশৰ বিৰুদ্ধে প্ৰাসংগিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । পলাতক অপৰাধীকেইটাৰ সন্ধানতো অভিযান চলি আছে আৰু তেওঁলোককো সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব ।"

লগতে পঢ়ক :উদয়পুৰস্থিত ছেইণ্ট পলৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা : ৭ জনক আটক - Tinsukia Student death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.