ETV Bharat / bharat

কালিকা লাগিছে আই আই টি খড়গপুৰত : ফাইজানৰ পিচত এইবাৰ ওলাল কেৰালাৰ ছাত্ৰীৰ মৃতদেহ - IIT Kharagpur student found dead

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 3:26 PM IST

Updated : Jun 18, 2024, 3:41 PM IST

IIT Kharagpur : বিতৰ্কই এৰা নিদিয়া হৈছে আই আই টি খড়গপুৰক ৷ সোমবাৰে শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ চৌহদত ৰহস্যজনকভাৱে পোৱা হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ ৷ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃত ছাত্ৰীগৰাকীৰ ঘৰ কেৰালাত ৷ পঢ়ক সবিশেষ ...

Etv Bharat
Etv Bharat (Etv Bharat)

নেশ্যনেল ডেস্ক, 18 জুন : তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃত্যুৰ ৰহস্য মাৰ নৌযাওতেই পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে আই আই টি খড়গপুৰত ৷ সোমবাৰে পুৱা শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ চৌহদত ৰহস্যজনকভাৱে পোৱা হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ ৷ যিয়ে শিক্ষানুষ্ঠানখনৰ সন্দৰ্ভত অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে পুৱা আই আই টি খড়গপুৰৰ সৰোজিনী নাইডু হোষ্টেলৰ কৰিডৰত ওলমি থকা অৱস্থাত পোৱা গৈছে কেৰালাৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ ৷ ছাত্ৰীগৰাকীৰ মৃতদেহটো দেখি অন্যান্য ছাত্ৰীসকলে আই আই টি কৰ্তৃপক্ষক অৱগত কৰে । এই খবৰ লাভৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈছিল স্থানীয় আৰক্ষী । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে খড়গপুৰ উপ-জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ফাইজান আহমেদ মৃত্যুৰ তদন্ত; CBI ক হস্তান্তৰ কৰিবলৈ মমতা বেনাৰ্জীলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰেৰণ - IIT Kharagpur Assam Student Death

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মৃত ছাত্ৰীগৰাকী কেৰালাৰ দেৱীকা পিল্লাই বুলি জানিব পৰা গৈছে ৷ ছাত্ৰীগৰাকী শিক্ষানুষ্ঠানখনত জৈৱ প্ৰযুক্তি আৰু জৈৱ ৰসায়ন অভিযান্ত্ৰিক বিভাগত তৃতীয় বৰ্ষত অধ্যয়নৰত আছিল ।

উল্লেখ্য যে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ছাত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে ঘৰলৈ গৈছিল । ঘৰৰ পৰা উভতি অহাৰ পিচতে এই ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে এই ঘটনাটো আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড, তাক জানিবলৈ অব্যাহত ৰাখিছে অনুসন্ধান ৷

লগতে পঢ়ক: কেনেকৈ মৃত্যু হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ ? জানক সবিশেষ - IIT Kharagpur Assam Student Death

একেটা শিক্ষানুষ্ঠানতে ২০২২ চনৰ ১৪ অক্টোবৰত পোৱা গৈছিল অসমৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ ৷ যি তদন্ত আজিও অব্যাহত আছে ৷ ৰহস্যজনক অৱস্থাত পোৱা গৈছিল অসমৰ ছাত্ৰগৰাকীৰ মৃতদেহ, যাক পৰিয়ালৰ লোকে পৰকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি আহিছে ৷

ইতিমধ্যে ফাইজান আহমেদৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ পাইছে নতুন নতুন তথ্য ৷ ঘটনাৰ তদন্ত চিবিআইক হস্তান্তৰ কৰাৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বিশেষ পত্ৰযোগে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

Last Updated : Jun 18, 2024, 3:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.