ETV Bharat / bharat

জেৰাৰ সময়তে আৰক্ষীক ছুৰিকাঘাত হত্যাকাৰীৰ ! - Murder accused attacks police

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 7:08 PM IST

Murder accused attacks police: পশ্চিমবংগৰ পুৰুলিয়াত জেৰা চলাই থকা হত্যাৰ অভিযুক্তই আক্ৰমণ কৰিলে আৰক্ষীক । পকেটত লুকুৱাই ৰখা ছুৰীৰে আৰক্ষীক আক্ৰমণ । আহত আৰক্ষীক হাস্পতালত ভৰ্তি ।

Murder accused attacks police
থানাৰ ভিতৰতে সুৰক্ষিত নহয় আৰক্ষী (ETV Bharat)

নেশ্যনেল ডেস্ক,৪ আগষ্ট : পশ্চিমবংগৰ পুৰুলিয়াত চাঞ্চল্যকৰ ঘটনা । সদৰ আৰক্ষী থানাৰ ভিতৰত আৰক্ষীক আক্ৰমণ এজন অভিযুক্তৰ । আৰক্ষীয়ে ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও পিচত সকলো তথ্য পোহৰলৈ আহে ।

প্ৰকৃত ঘটনাটো কি ?

জানিব পৰা মতে পুৰুলিয়া সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে পুৰুলিয়া পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ বাসিন্দা চাহিদ আনছাৰীক এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু সোধা-পোছাৰ বাবে পুৰুলিয়া সদৰ আৰক্ষী থানালৈ লৈ আহিছিল ।

বৃহস্পতিবাৰে সন্ধিয়া তেওঁক আৰক্ষী থানাৰ ভিতৰত জেৰা কৰা চলাই থকা হৈছিল । অভিযোগ অনুসৰি জেৰাৰ সময়তে আনছাৰীয়ে পকেটৰ পৰা এখন ছুৰী উলিয়াই আৰক্ষীক আক্ৰমণ কৰে । ইফালে থানাৰ ভিতৰত ছুৰীৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

সূত্ৰৰ মতে আৰক্ষীয়ে চাহিদ আনছাৰীক এটা হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁক জেৰা কৰিবলৈ পুৰুলিয়া সদৰ আৰক্ষী থানালৈ অনা হৈছিল । কিন্তু জেৰাৰ সময়তে তেওঁ তদন্তকাৰী বিষয়াক সহযোগিতা কৰা নাছিল বুলি অভিযোগ কৰা হৈছে ।

থানাৰ ভিতৰতে আৰক্ষীক ভাবুকি অভিযুক্তৰ

ইফালে আনছাৰীক শান্ত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও অভিযুক্ত আনছাৰীয়ে তাৰ পৰিৱৰ্তে তদন্তকাৰী বিষয়াজনক ভাবুকি দিয়ে । আনহাতে আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক চিকিৎসাৰ বাবে সমীপৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

এই ঘটনাৰ পিচতে পুৰুলিয়া সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযুক্তজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে । আনছাৰীৰ বিৰুদ্ধে আৰক্ষীক বাধা দিয়া, আক্ৰমণ কৰা আৰু আত্মহত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :শিৱলিংগ বনাই থাকোতেই মৃত্যু 9 জনকৈ শিশু-কিশোৰৰ : আৰ্থিক সাহায্য ঘোষণা - Wall Collapse In MP’s Sagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.