হায়দৰাবাদ : আগন্তুক দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে অঘটন ৷ দেওবাৰে মাজ নিশা মহানগৰীৰৰ এটা অঞ্চলৰ এখন ৰেস্তোৰাঁত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ক্ৰমাৎ এই জুই কাষতে থকা এখন ফটকাৰ দোকানলৈ বিয়পি পৰে । যাৰ ফলত এই জুইত ভস্মীভূত হয় কেবাখনো বাহন ৷ লগতে এগৰাকী মহিলাও সামান্য আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।
অৱশ্যে কিছু সময়ৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ কাৰণ । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
আমি উল্লেখ কৰা এই ঘটনাটোৰ দৃশ্যাংশ ভাইৰেই হৈ পৰিছে সামাজিক মাধ্যমত ৷ উক্ত ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ চুলতান বজাৰত থকা এখন ৰেস্তোৰাঁত ৷ তাৰ পাচত এই জুইৰ শিখা চাৰিওফালে বিয়পি পৰে ৷
#WATCH | Telangana: A fire broke out at the Paras Fireworks in the Sultan Bazar area. of Hyderabad, which has now been doused by the firefighters. (27.10)
— ANI (@ANI) October 27, 2024
Visuals source: Nitin Nandikar, BJYM Hyderabad City President pic.twitter.com/OlaBk83ACX
চুলতান বজাৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত কে শংকৰে জনোৱা মতে, এই ঘটনাটো এখন ৰেষ্টুৰেণ্টত সংঘটিত হয় ৷ তাৰ পাচতে ৰেষ্টুৰেণ্টখনৰ ওচৰতে অবৈধভাৱে থকা ফটকাৰ দোকানলৈ এই জুইৰ শিখা বিয়পি পৰে ।
ঘটনা সন্দৰ্ভত জিলা অগ্নিনিৰ্বাপক বিষয়া এ ভেংকন্নাই ANI ক জনোৱা মতে, নিশা ৯.১৮ বজাত এই ঘটনাৰ খবৰ তেওঁলোকে লাভ কৰিছিল ৷ লগে লগে এখন অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে, যদিও পৰৱৰ্তী সময়ত অন্য কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আনিব লগাত পৰে ৷ অৱশেষত বহু সময়ৰ অন্তত ৭-৮ খন অগ্নিনিৰ্বাপক বাহিনী গাড়ীৰ সহায়ত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।
এই জুই ইমানেই ভয়াৱহ আছিল যে নিমিষতে ভষ্মীভূত হৈছিল সমগ্ৰ ৰেষ্টুৰেণ্টখন ৷ লগতে ৰেষ্টুৰেণ্টখনৰ সন্মুখত ৰখাই থোৱা কেবাখনো দুচকীয়া বাহন ছাঁই হৈ গৈছিল - অগ্নিনিৰ্বাপক বিষয়াগৰাকীয়ে কয় ৷