নেশ্যনেল ডেস্ক, ২ মে': ১ মে'ক দেশজুৰি আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় । এই দিৱস উদযাপন কৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ শ্ৰমিকসকলৰ অৱদান আৰু সাফল্যক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ অধিকাৰ আৰু সুযোগৰ প্ৰচাৰ কৰা । কিন্তু এই দিৱস উদযাপনৰ মাজতে হিমাচলৰ পৰা এক আচৰিত ঘটনা পোহৰলৈ আহিছে । য'ত এটা কোম্পানীয়ে একেলগে ৮০ গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছে ।
ইয়াৰ কাৰণ শুনিলে আপুনিও আচৰিত হ'ব ! এই কৰ্মচাৰীসকলৰ এটাই ভুল আছিল যে তেওঁলোকৰ দাড়ি আৰু গোঁফ আছিল । এই অদ্ভুত ঘটনাটো হিমাচল প্ৰদেশৰ চোলান জিলাৰ । পাৰৱানু নামৰ এক ঔদ্যোগিক এলেকাত এটা কোম্পানীয়ে দাড়ি, গোঁফ থকাৰ বাবে প্ৰায় ৮০ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰিছে ।
জানিব পৰা মতে কিছুদিন পূৰ্বে শ্ৰমিকসকলে এই বিষয়টোক লৈ ধৰ্ণাত বহিছিল । ভুক্তভোগী কৰ্মচাৰীসকলে অভিযোগ কৰা মতে তেওঁলোকে দাড়ি আৰু গোঁফ খুৰুওৱাৰ পিচতো তেওঁলোকক নিযুক্তি দিয়া হোৱা নাই । কিছুদিন পূৰ্বে এই কৰ্মচাৰীসকলক উদ্যোগটোত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল । তেওঁলোকে উল্লেখ কৰা মতে কোম্পানীটোৰ মেনেজমেণ্টে দাড়ি আৰু গোঁফ খুৰুওৱাৰ পিচত হে নামভৰ্তি কৰাৰ চৰ্ত ৰাখিছিল ।
একে সময়তে, কোম্পানীটোৰ মেনেজমেণ্টে প্ৰথমে বিষয়টোত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছিল । কিন্তু যেতিয়া কৰ্মচাৰীসকলে কোম্পানীৰ বাহিৰত প্ৰতিবাদত বহিছিল, মেনেজমেণ্টে কৰ্মচাৰীসকলৰ সৈতে কথা পাতিবলৈ সন্মত হৈছিল । যাৰ পিচত মেনেজমেণ্টে তেওঁলোকক দাড়ি আৰু গোঁফ খুৰুৱাই আহিবলৈ কৈছিল । অৱশ্যে, প্ৰথমতে শ্ৰমিকসকলে ইয়াৰ বিৰোধিতা কৰিছিল ।
কিন্তু পিচত তেওঁলোক এই চৰ্তত সন্মত হৈছিল । কিন্তু অভিযোগ অনুসৰি ইয়াৰ পিচতো কৰ্মচাৰীসকলক নিয়োগ কৰা হোৱা নাই । সেয়ে মঙলবাৰে কৰ্মচাৰীসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু শ্ৰম আয়ুক্ত, ডিচি চোলান আৰু মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুলৈ লিখিত অভিযোগ প্ৰেৰণ কৰে । এই সন্দৰ্ভত তথ্য লাভ কৰা পাচতে পাৰৱানুৰ শ্ৰমিক পৰিদৰ্শক ললিত ঠাকুৰে কোম্পানীটো পৰিদৰ্শন কৰে । লগতে মেজেমেণ্ট আৰু কৰ্মচাৰীসকলৰ সৈতে বিষয়টোক লৈ আলোচনা কৰে ।
চোলানৰ উপায়ুক্তইও বিষয়টো গুৰুত্বসহকাৰে লয় । উপায়ুক্তগৰাকীৰ মতে তেওঁ এই সন্দৰ্ভত তথ্য লাভ কৰিছে । তেওঁ এই সন্দৰ্ভত তদন্তৰো নিৰ্দেশ দিছে । যদি উদ্যোগটোত এইধৰণৰ ঘটনা সংঘটিত হৈছে তেনেহ'লে আইন অনুসৰি উদ্যোগটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ ঘোষণা কৰিছে ।
লগতে পঢ়ক :ভাৰত-পাক সীমান্তত তিনিগৰাকী সন্দেহজনক লোকক গ্ৰেপ্তাৰ - BSF And Police Arrested 3 Persons