ETV Bharat / bharat

কাৰ্গিল অভিযানৰ বাবে কেনেধৰণৰ পৰিকল্পনা যুগুত কৰিছিল পাকিস্তানে ? - 25th anniversary of Kargil War

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 10:02 AM IST

Pakistan Plan For Kargil Operations: টাইগাৰ হিল আৰু অন্যান্য অংশৰ পৰা পাকিস্তানী অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰি ভাৰতে ঐতিহাসিক কাৰ্গিল যুদ্ধত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানৰ বাবে ভাৰতৰ বিৰুদ্ধে কূট-কৌশল ৰচনাকাৰীৰ মূল আছিল পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল পাৰভেজ মুশ্বাৰফ; চীফ অৱ জেনেৰেল ষ্টাফ (চিজিএছ) এক্স কৰ্পছৰ কৰ্প কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মাহমুদ, ফৰ্চ কমাণ্ড নৰ্ডাৰ্ণ এৰিয়া (এফচিএনএ) কমাণ্ডাৰ মেজৰ জেনেৰেল জাভেদ হাছানকে ধৰি চাৰিজনীয়া জেনেৰেলৰ কুখ্যাত দল । ইটিভি ভাৰতৰ প্ৰতিবেদনযোগে সংক্ষিপ্তকৈ জানক চুবুৰীয়া দেশখনে যুদ্ধ সন্দৰ্ভত কৰা পৰিকল্পনাৰ বিষয়ে...

25th anniversary of the Kargil War
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাকিস্তানী সেনাৰ বিৰুদ্ধে জয়লাভ কৰি টাইগাৰ হিল পুনৰ দখল কৰাৰ পিছত ভাৰতীয় সেনা জোৱানে ত্ৰিৰংগা উৰুৱায় (ETV Bharat)

নেশ্যনেল ডেস্ক, 26 জুলাই: আজি কাৰ্গিল বিজয় দিৱস ৷ পাকিস্তানৰ বিৰুদ্ধে বিজয় উদযাপনৰ বাবে ভাৰতে কাৰ্গিল বিজয় দিৱসৰ 25 বছৰীয়া জয়ন্তী পালন কৰিবলৈ সাজু হোৱাৰ সময়তে পাকিস্তানে যুদ্ধৰ পৰিকল্পনা কেনেদৰে কৰিছিল আৰু ইয়াৰ কৌশলগত প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা হৈছে ।

চাৰিজনীয়া জেনেৰেলৰ দল

পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল পাৰভেজ মুশ্বাৰফ, 'এক্স কৰ্পছ'ৰ কৰ্প কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মাহমুদ আৰু ফৰ্চ কমাণ্ড নৰ্ডাৰ্ণ এৰিয়া (এফচিএনএ) কমাণ্ডাৰ মেজৰ জেনেৰেল জাভেদ হাছানকে ধৰি চাৰিজনীয়া জেনেৰেলৰ কুখ্যাত দলটোৱে গোটেই অভিযানটো গোপনে পৰিকল্পনা কৰিছিল ।

পৰিকল্পনা, লক্ষ্য আৰু কৌশলীগত লক্ষ্য

ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন বিষয়া তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে তেওঁৰ A Ridge Too Far নামৰ গ্ৰন্থখনত লিখিছে যে ভাৰত আক্ৰমণৰ ধাৰণাটো 1980 চনৰ পাকিস্তানী যুদ্ধ-খেলৰ পৰাই উদ্ভৱ হৈছিল ।

কাৰ্গিল অভিযানৰ পৰিকল্পনা পাক সেনাৰ ব্রাছে প্ৰথমে 1980 চনত তেতিয়াৰ পাকিস্তানী ৰাষ্ট্ৰপতি জিয়াক আৰু তাৰ পিছত নব্বৈৰ দশকত আনজন দেশখনৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোক পৰামৰ্শ দিছিল যদিও ইয়াক অতি বিপজ্জনক বুলি বিবেচনা কৰি দুয়োজনে ইয়াৰ প্ৰতি অস্বীকাৰ প্ৰকাশ কৰিছিল ।

অমৰিন্দৰে উল্লেখ কৰে যে 1986 চনত ভাৰতে অপাৰেচন ব্ৰাছষ্টেক চলোৱাৰ পিছত পাকিস্তানী সেনাই অপাৰেচন টুপেক নামৰ যুদ্ধ-গেম এটা প্ৰস্তুত কৰিছিল । এই বিশেষ যুদ্ধ-খেলখনে পাকিস্তানে ভাৰত আক্ৰমণ কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত চকু ৰাখি এটা চিমুলেচন দৃশ্যপট সৃষ্টি কৰিছিল ।

প্ৰায় এদশক পিছত 1998 চনত জেনেৰেল পাৰভেজ মুশ্বাৰফ পাকিস্তানৰ সেনাবাহিনীৰ মুৰব্বী হোৱাৰ পিছত তেওঁ অপাৰেচন টুপেক গ্ৰহণ কৰে আৰু ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয় ।

তিনিটা সম্ভাৱ্য ৰাজনৈতিক লক্ষ্য

1) ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি 1999 চনৰ আৰম্ভণিতে অস্থিৰ হোৱা বুলি ধৰা হৈছিল আৰু ভাৰতৰ পৰা এটা বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা অসম্ভৱ হ’ব বুলি ধৰি লোৱা হৈছিল ।

2) এনে পৰিস্থিতিৰ সৃষ্টি কৰা হৈছিল যিয়ে পাকিস্তানে সমগ্ৰ এল অ’ চিৰ ভাৰতীয় ভূখণ্ডৰ বৃহৎ অংশ সুৰক্ষিত কৰি শক্তি সন্দৰ্ভত আলোচনা কৰিবলৈ সক্ষম কৰি তুলিব ।

3) সামৰিক অভিযান আৰম্ভ কৰি কাশ্মীৰ বিষয়টোক আন্তৰ্জাতিক কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল ।

4) পাৰমাণৱিক পটভূমি: যিহেতু দুয়োটা ৰাষ্ট্ৰই অস্ত্ৰ পৰীক্ষা কৰিছিল গতিকে পাকিস্তানে ভাবিছিল যে ইয়াৰ দ্বাৰা ন্যূনতম বিপদৰ সৈতে সীমিত আক্ৰমণৰ আশ্ৰয় লোৱাৰ সুযোগ পোৱা যাব আৰু পাৰমাণৱিক বেক ড্ৰপৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে হস্তক্ষেপ কৰিব, সেই সময়ত পাকিস্তান নিজৰ লক্ষ্যত উপনীত হ’ব ।

সামৰিক লক্ষ্য

1) পাকিস্তানে এনে অঞ্চলত অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছিল য’ত তেওঁলোকক কম প্ৰতিৰোধ আৰু ন্যূনতম সঁহাৰিৰ প্ৰস্তাৱ দিয়া হ’ব ।

2) কৌশলগত আৰু ভূখণ্ডীয় লাভৰ বাবে LOC ৰ যথাৰ্থ অৱস্থা সলনি কৰাৰ লগতে উপত্যকাত বিদ্ৰোহ পুনৰুজ্জীৱিত কৰা, শ্ৰীনগৰৰ পৰা লাডাখ খণ্ডক পৃথক কৰা ।

3) ভাৰতে তেতিয়া আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ বাবে অপেক্ষা কৰিব । ইয়াৰ ফলত কাশ্মীৰ সন্দৰ্ভত আলোচনা হ’ব বা অন্ততঃ ভাৰতে 1984 চনত দখল কৰা চিয়াচেন হিমবাহ খালী কৰিব ।

লগতে পঢ়ক: কাৰ্গিল বিজয় দিৱস : প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - Kargil Vijay Diwas

খুমটাইত কাৰ্গিলৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈলৈ শ্ৰদ্ধাঞ্চলি ভাৰতীয় সেনাৰ - Kargil martyr Captain Jintu Gogoi

বীৰচক্ৰ জিণ্টু গগৈক স্মৰণ পিতৃ-মাতৃৰ; চৰকাৰৰ প্ৰতি আক্ষেপ প্ৰকাশ পৰিয়ালৰ - Death anniversary of Jintu Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.