ETV Bharat / bharat

ভূমিস্খলনত ৯জন শ্ৰমিকৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ

গুজৰাটৰ মেহছানাত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা । শ্ৰমিকে কাম কৰি থাকোতেই ভূমিস্খলন ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 9:20 PM IST

Gujarat tragic incident
গুজৰাটৰ মেহছানাত ভয়াৱহ দুৰ্ঘটনা (ANI)

নিউজ ডেস্ক, ১২ অক্টোবৰ: গুজৰাটৰ মেহছানা জিলাত শনিবাৰে এটা নিৰ্মাণ ক্ষেত্ৰত সংঘটিত হয় এক শোকাৱহ ঘটনা । নিৰ্মাণ ক্ষেত্ৰটোত শ্ৰমিকে কাম কৰি থকাৰ সময়তেই মাটি খহি পৰাৰ ফলত ৯জন শ্ৰমিকৰ মৃত্যু হয় । জিলা সদৰৰ পৰা প্ৰায় ৩৭ কিলোমিটাৰ দূৰৰ কাদি চহৰৰ ওচৰত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।

শ্ৰমিকসকলে জাচলপুৰ গাঁৱৰ এটা কাৰখানাত ভূগৰ্ভস্থ টেংকৰ বাবে গাঁত খনন কৰি থকা অৱস্থাতেই ঢিলা মাটি খহি পৰাত শ্ৰমিককেইজনক মাটি আৰু শিলে হেঁচি ধৰে । ফলত মেহছানাত বোকামাটি আৰু শিলৰ তলত পোত যোৱাৰ ফলত ৯ জন শ্ৰমিকৰ মৃত্যু হয় । অৱশ্যে এজনক উদ্ধাৰ কৰা হয় ।

ঘটনাৰ বিৱৰণি অনুসৰি মেহছানাৰ কাদিৰ জাচলপুৰ গাঁৱৰ ওচৰত মিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত ভূমিস্খলন হয় । ফলত ৯ জন শ্ৰমিকৰ মৃত্যু হয়। অৱশ্যে এতিয়াও কেইবাজনো লোক শিলৰ তলত আৱদ্ধ হৈ আছে । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অভিযানকাৰী দলে উদ্ধাৰকাৰ্য আৰম্ভ কৰে ।

এই শোকাৱহ ঘটনাটো জাচলপুৰ গাঁওস্থিত ষ্টীল ইনোক্স ষ্টেইনলেছ প্ৰাইভেট লিমিটেড কোম্পানীত সংঘটিত হয় । ইয়াৰ পিছতেই এই ঘটনাৰ সৈতে জড়িত শ্ৰমিকৰ সুৰক্ষাৰ বিষয়ে আকৌ এবাৰ প্ৰশ্ন উত্থাপিত হৈছে । ভয়ংকৰ ঘটনাটোৰ পিছত প্ৰশাসনে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে । অৱশ্যে এই ঘটনাত এজন ব্যক্তিক সফলতাৰে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

ঘটনাটোৰ সময়ত তাত কাম কৰি থকা বিনোদ ভাছোয়া নামৰ শ্ৰমিকজনে কয়," আমি ১০ জন আছিলো আৰু মিস্ত্ৰীৰ কাম চলি আছিল । ঘটনাটো নিশা ১২ বজাত সংঘটিত হয় । আমি ১০ জনে কাম কৰি আছিলো আৰু হঠাতে এটা শিল খহি পৰে । আমি ভিতৰতেই আছিলো । মই একমাত্ৰ জীৱিত ।"

লগতে পঢ়ক:বাগমতী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনা : বালাচোৰ দুৰ্ঘটনাৰ দৰেই আছিল নেকি কাভাৰাপ্পেট্টাই ৰে'ল দুৰ্ঘটনা ?

মালবাহী ট্ৰেইনত খুন্দা মাৰি বাগৰি পৰিল ৰে’লৰ দবা, কেইবাজনো যাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.