নেশ্যনেল ডেস্ক, 22 মে’: মহাৰাষ্ট্ৰৰ পুণেত উজানী বান্ধত মঙলবাৰে সন্ধিয়া এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ছয়জন লোক সন্ধানহীন হয় । অৱশ্যে এজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ সন্ধানহীনসকলৰ মাজত দুটা শিশু আছে বুলি জানিব পৰা হৈছে ৷
সন্ধানহীন লোকসকলক বিচাৰি ওৰে নিশা উদ্ধাৰ অভিযান চলোৱা হয় আৰু এই অভিযান বৰ্তমানেও অব্যাহত আছে ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ উপ-পৰিদৰ্শক ৰাহুল ডংগ্ৰে নাওখনত আছিল আৰু তেওঁ কোনোমতে সাঁতুৰি পাৰত উপস্থিত হোৱাত প্ৰাণৰক্ষা পৰে ৷ তেওঁ লগে লগে স্থানীয় লোক আৰু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ লগে লগে স্থানীয় লোকৰ সহযোগত প্ৰশাসনৰ লোকে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
লগতে পঢ়ক: গুজৰাটঃ সাঁতুৰি থকা অৱস্থাত বৰ তালাৱত ডুব যোৱা ৪ টা শিশু, ৰক্ষা ১ জন
সোলাপুৰ আৰু পুণে জিলাৰ স্থানীয় প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে নাওখনত থকা যাত্ৰীসকলক চিনাক্ত কৰিছে ৷ প্ৰচণ্ড ধুমুহা-বতাহৰ বাবে নাওখন ডুব যোৱা বুলি জানিব পৰা হৈছে ৷
দুৰ্ঘটনাগ্ৰস্ত নাওখন সোলাপুৰ জিলাৰ কৰমালা তালুকৰ কুগাঁৱৰ পৰা ইন্দাপুৰ তালুকৰ কালাশী গাঁৱলৈ গৈছিল ৷ নাওখনত থকা সাতজন যাত্ৰী কুগাঁও আৰু ঝাৰৰে (বৰ্তমান কৰমালা) ৰ বাসিন্দা আছিল । কুগাঁও(কৰমালা) আৰু কালাশী (ইন্দাপুৰ)ৰ মাজত নাৱেৰে দৈনিক বহু যাত্ৰী যাতায়াত কৰে । সাধাৰণতে এই নাওখনে দিনটোত যাত্ৰী লৈ ১০-১৫ বাৰ যাতায়াত কৰে ।