ETV Bharat / bharat

গাৰ নোম শিয়ৰি উঠা এটা ঘটনা : কোনে কয় ঈশ্বৰ নাই ? - LUCKNOW RAILWAY STATION

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 11:00 PM IST

Updated : Apr 23, 2024, 6:24 AM IST

RPF saves Child : দেওবাৰে আৰ পি এফে হৰদোই ৰে’লপথত এখন মালবাহী ট্ৰেইনৰ চকাৰ মাজত বহি থকা ৫ বছৰীয়া এটি শিশুক উদ্ধাৰ কৰে । প্ৰায় ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল শিশুটিয়ে ।

RAILWAY NEWS
অবিশ্বাস্য ঘটনা
RAILWAY NEWS

নিউজ ডেস্ক, 21 এপ্ৰিল : ভগৱানে ৰক্ষা কৰাজনক কোনেও ক্ষতি কৰিব নোৱাৰে ৷ এই বাক্যশাৰী হৰদোই ৰে’ল ষ্টেচনত সঁচা প্ৰমাণিত হোৱা দেখা গৈছে ৷ দেওবাৰে আৰ পি এফে এখন মালবাহী ট্ৰেইনৰ চকাৰ মাজত বহি থকা অৱস্থাত 5 বছৰীয়া এটি শিশুক নিৰাপদে উদ্ধাৰ কৰে ৷

জানিব পৰা মতে, খেলি থকা অৱস্থাত লক্ষ্ণৌৰ চৰবাগ ৰে’ল ষ্টেচনত ৰখাই থোৱা মালবাহী ট্ৰেইনৰ চকাৰ মাজত শিশুটি কেনেবাকৈ সোমাই পৰিছিল ৷ ইফালে মালবাহী ট্ৰেইনখন চলিবলৈ আৰম্ভ হোৱাত শিশুটি ৰে’লৰ পৰা নামিবলৈ সক্ষম নহ’ল ৷

চৰবাগ ৰে’লৱে ষ্টেচনৰ পৰা ওলোৱাৰ পাচত মালবাহী ট্ৰেইনখনে 100 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ৷ হৰদোইত আৰ পি এফৰ জোৱানে চকাৰ মাজত পৰি থকা দেখি তাৰ পিচত শিশুটিক উলিয়াই আনি নিৰাপদে উদ্ধাৰ কৰে ৷ এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াতো ক্ৰমে ভাইৰেল হৈ পৰিছে ৷

চকাৰ মাজতে শিশুটি শুই পৰিছিল-

জানিব পৰা মতে, শিশুটি চৰবাগ ৰে’ল ষ্টেচনত ৰে’লৰ চকাৰ মাজত শুই পৰে ৷ ইয়াৰ পিচত মালবাহী ট্ৰেইনখন আৰম্ভ হ’ল আৰু শিশুটি তাতেই শুই থাকিল ৷ ৰে’লখনৰ গতি বাঢ়িলত শিশুটি সাৰ পাই উঠে ৷ কিন্তু তীব্ৰ গতিৰ বাবে শিশুটিয়ে নিজকে চকাৰ মাজত আবদ্ধ কৰি ৰাখে ৷ এই সময়ছোৱাত শিশুটি নামিবলৈ চেষ্টা কৰা নাছিল ৷

প্ৰায় 102 কিলোমিটাৰ আগুৱাই গৈ ৰে’লখন হৰদোইত উপস্থিত হয় ৷ ইয়াত ৰে’লখন ৰখাই দিয়াৰ পিচত ৰে’ল সুৰক্ষা বাহিনীৰ জোৱানসকলে শিশুটিক নিৰাপদে নমাই আনে ৷

দেউতাকৰ লগত ষ্টেচনত ভিক্ষা কৰে-

জানিব পৰা মতে, মাতৃয়ে এৰি যোৱা শিশুটিয়ে দেউতাকৰ লগত ৰে’ল ষ্টেচনত ভিক্ষা কৰে ৷ এই সন্দৰ্ভত ৰে’ল বিভাগৰ বিষয়াসকলে জনোৱা মতে, হৰদয় ৰে’ল ষ্টেচনত পৰীক্ষা কৰাৰ সময়ত কৰ্মচাৰীয়ে এই শিশুটি মালবাহী ট্ৰেইনৰ চকাৰ মাজত আবদ্ধ হৈ থকা দেখিছিল ৷ এই তথ্য হৰদয় ৰে’লৱে সুৰক্ষা বাহিনীক দিয়া হৈছিল ৷ মালবাহী ট্ৰেইনৰ কম্পাৰ্টমেণ্টৰ পৰা নিৰাপদে উলিয়াই আনি শিশুটিক উদ্ধাৰ কৰে আৰ পি এফ জোৱানে ৷

শিশু কল্যাণ সমিতিৰ হাতত গতাই দিয়া হ’ল শিশুটি-

আৰ পি এফৰ বিষয়াসকলে জনোৱা মতে, চৰবাগত এখন মালবাহী ট্ৰেইন ৰৈ আছিল ৷ ইফালে পাঁচ বছৰীয়া শিশুটিয়ে খেলি থকা অৱস্থাত তাত সোমাই পৰে আৰু ৰে’লখন চলিবলৈ আৰম্ভ কৰে ৷ হৰদয়ৰ আৰ পি এফ জোৱানে যেতিয়া শিশুটিক ৰে’লৰ তলৰ পৰা উলিয়াই আনিছিল, তেতিয়া তেওঁ অতিশয় ভয় খাইছিল ৷

অৱশ্যে কিছু সময়ৰ পাচত শিশুটিয়ে সম্পূৰ্ণ ঘটনাতো অৱগত কৰে ৷ ইয়াৰ পিচত শিশুটিক শিশু কল্যাণ সমিতিৰ হাতত গতাই দিয়া হয় ৷ শিশুটিৰ পিতৃৰ সৈতেও যোগাযোগ কৰা হৈছে ৷ একে সময়তে যাতে পুনৰ এনে ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰ্দেশনাসহ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক : পিথোৰাগড়ত বাগৰিল হিমবাহ : সেনা-স্থানীয় লোকৰ যাতায়ত বন্ধ - Glacier Slipped In Uttarakhand

Last Updated : Apr 23, 2024, 6:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.