ETV Bharat / bharat

52 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা: ভাৰতৰ ভিতৰত সবাতোকৈ গৰম ঠাই এই 5 খন - 5 Hottest Places In India

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 5:46 PM IST

Hottest places in India : বৰ্ধিত উষ্ণতাই জলা-কলা খুৱাইছে দেশবাসীক ৷ সম্প্ৰতি দেশজুৰি গ্ৰীষ্মপ্ৰবাহ অব্যাহত আছে ৷ চলিত বৰ্ষত অত্যধিক গৰমে অভিলেখ গঢ়িছে ভাৰতৰ বহু স্থানত ৷

HOTTEST PLACES IN INDIA
52 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা: ভৰতৰ ভিতৰত সবাটোকৈ গৰম ঠাই এই 5 খন (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 31 মে’ : চলিত বৰ্ষত ভাৰতত গৰমে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ৷ শেহতীয়াকৈ ভাৰতৰ ৰাজধানী দিল্লীৰ মুংগেশপুৰত তাপমাত্ৰা 52.3 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধিৰে অভিলেখ গঢ়িছে ৷ এয়া এইবৰ্ষত ভাৰতৰ সৰ্বাধিক তাপমাত্ৰা । অৱশ্যে, বতৰ বিজ্ঞান বিভাগে ইয়াক অস্বীকাৰ কৰিছে । বিভাগটোৱে কৈছে যে এই সংখ্যাৰ ওপৰত সন্দেহ আছে ৷ এই সন্দৰ্ভত বতৰ বিজ্ঞানে তদন্ত অব্যাহত ৰাখিছে ৷

কেন্দ্ৰীয় পৃথিৱী বিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৱে 'এক্স'ৰ এটা পোষ্টত উল্লেখ কৰিছিল যে, এই তাপমাত্ৰা এতিয়ালৈ নিশ্চিত হোৱা নাই ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও কৈছিল যে তেওঁলোকে যিকোনো সাম্ভাব্য ত্ৰুটিৰ বাবে অঞ্চলটোৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ চেন্সৰ আৰু তথ্য পৰীক্ষা কৰি আছে ।

অৱশ্যে, দিল্লীৰ বাহিৰেও সমগ্ৰ দেশতে অত্যধিক গৰমে জনসাধাৰণক জুৰুলা কৰিছে ৷ আন বহু অঞ্চলতো তাপমাত্ৰা 50 ডিগ্ৰী চেলছিয়াছৰ ওচৰলৈ বৃদ্ধি হৈছে ৷ চলিত বৰ্ষত ভাৰতৰ সৰ্বাধিক গৰম অঞ্চলকেইটা কি কি জানেনে ? এইকেইখন চহৰত সূৰ্যৰ তাপ নহয় যেন আকাশৰ পৰা জুইহে বৰষিছে ৷

মুংগেশপুৰ

2024 চনৰ 29 মে'ত দিল্লীৰ মুংগেশপুৰত বৰ্ধিত তাপমাত্ৰাই সকলো অভিলেখ ভংগ কৰিছিল । এই অঞ্চলত তাপমাত্ৰা 52.3 লৈ বৃদ্ধি হৈ সকলো ৰেকৰ্ড ভংগ কৰিছিল ৷ বৰ্তমান, ই দেশৰ ভিতৰত সৰ্বাধিক গৰম স্থানৰ তালিকাৰ শীৰ্ষত উপনীত হৈছে ।

ৰাজস্থানৰ ফলোদী

মুংগেশপুৰৰ পিচত ৰাজস্থানৰ ফলোদী দ্বিতীয় সৰ্বাধিক গৰম অঞ্চলৰ ভিতৰত পৰে ৷ ফলোদীত ৰেকৰ্ড কৰা তাপমাত্ৰা 51 ডিগ্ৰী চেলচিয়াছ । গ্ৰীষ্ম মাহত এই ঠাইখন জুইৰ চৌকালৈ পৰিৱৰ্তন হয় ৷

হাৰিয়ানাৰ ছিৰছা

হাৰিয়ানাৰ ছিৰছা সম্প্ৰতি ভাৰতৰ আটাইতকৈ গৰম ঠাইৰ তৃতীয় স্থানত পৰে । ইয়াত তাপমাত্ৰা 50.3 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে, যাৰ ফলত প্ৰখৰ ৰ'দত মানুহ জ্বলি যোৱাৰ উপক্ৰম হৈছে ৷

মধ্য প্ৰদেশৰ গোৱালিয়ৰ

মধ্য প্ৰদেশৰ গোৱালিয়ৰত বৃহস্পতিবাৰে সৰ্বাধিক তাপমাত্ৰা 48 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈ অভিলেখ গঢ়িছিল ৷ ফলত অঞ্চলটোত অত্যধিক গৰমে সকলোকে জুৰুলা কৰিছে ৷ এই গৰমত লোকসকলে ঘৰৰ পৰা ওলাই আহিবলৈ বাৰম্বাৰ ভাবিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

হাৰিয়ানাৰ ৰোহতক

হাৰিয়ানাৰ ৰোহতকতো তাপমাত্ৰা 47.7 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছে ৷ ফলত এই গ্ৰীষ্মপ্ৰবাহে ৰোহতকবাসীলৈ এক প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: গ্ৰীষ্মপ্ৰবাহ : বিহাৰত 24 ঘণ্টাত 19 গৰাকী লোকৰ মৃত্যু - Heat Stroke In bihar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.