ETV Bharat / bharat

প্ৰায় ৬ লাখ ছিমকাৰ্ড বন্ধ কৰিলে চৰকাৰে: কিয় এই পদক্ষেপ ? - MHA on Cyber Crime

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 11:27 AM IST

MHA on Cyber Crime : গৃহ ৰাজ্যিক মন্ত্ৰী বান্দি সঞ্জয় কুমাৰে কয় যে চাইবাৰ অপৰাধৰ সৈতে ব্যাপক আৰু সমন্বিতভাৱে মোকাবিলা কৰাৰ পদ্ধতি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰই এনে পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ অধীনত থকা অন্যান্য বিষয়ৰ লগতে ছিম কাৰ্ডো ব্লক কৰা হৈছে ।

MHA on Cyber Crime
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

নিউজ ডেস্ক, ২৫ জুলাই : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বুধবাৰে কয় যে ভাৰত চৰকাৰে ৫.৮ লাখতকৈও অধিক ছিম কাৰ্ড আৰু ১,০৮,০০০ আই এম ই আই ব্লক কৰিছে । ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে কয়, "আজিলৈকে আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি ৫.৮ লাখতকৈও অধিক ছিম কাৰ্ড আৰু ১,০৮,০০০ আই এম ই আই ভাৰত চৰকাৰে ব্লক কৰিছে ।"

ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচী অনুসৰি আৰক্ষী আৰু ৰাজহুৱা শৃংখলা ৰাজ্যৰ বিষয় বুলি উল্লেখ কৰি বান্দি কুমাৰে কয় যে কেন্দ্ৰই আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক (এল ই এ) শক্তিশালী কৰিবৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পদক্ষেপসমূহক বিভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্য প্ৰদান কৰে ।

তেওঁ কয়, "ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ নিজৰ আইনী ব্যৱস্থাৰ জৰিয়তে চাইবাৰ অপৰাধকে ধৰি বিভিন্ন অপৰাধ প্ৰতিৰোধ, চিনাক্তকৰণ, অনুসন্ধান আৰু গোচৰৰ বাবে মুখ্যত দায়বদ্ধ ।"

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়াসকলক প্ৰাৰম্ভিক পৰ্যায়ৰ চাইবাৰ ফৰেনচিক সহায় আগবঢ়োৱাৰ বাবে নতুন দিল্লীত আই4চিৰ অংশ হিচাপে 'ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক লেবৰেটৰী (অনুসন্ধান)' নামৰ অত্যাধুনিক ব্যৱস্থা এটা স্থাপন কৰা হৈছে বুলিও বান্দি কুমাৰে উল্লেখ কৰে ।

"এতিয়ালৈকে ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক লেবৰেটৰীয়ে (অনুসন্ধান) ৰাজ্যিক এল ই এসকলক প্ৰায় 10,200 চাইবাৰ ফৰেনচিক যেনে মোবাইল ফৰেনচিক, মেম'ৰী ফৰেনচিক, চি ডি আৰ বিশ্লেষণ আদিত নিজৰ সেৱা প্ৰদান কৰিছে, যাতে তেওঁলোকক চাইবাৰ-অপৰাধ সম্পৰ্কীয় গোচৰৰ তদন্তত সহায় কৰিব পাৰে ।" তেওঁ কয় ।

তেওঁ জনায় যে আই4চিৰ অধীনত 'চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেম' বিত্তীয় প্ৰৱঞ্চনাৰ তাৎক্ষণিক প্ৰতিবেদন আৰু প্ৰৱঞ্চকসকলৰ দ্বাৰা পুঁজি আত্মসাৎ কৰা বন্ধ কৰাৰ বাবে আৰম্ভ কৰা হৈছে ।

"এতিয়ালৈকে ৭.৬ লাখতকৈও অধিক অভিযোগত ২৪০০ কোটিৰো অধিক পৰিমাণৰ ধন ৰক্ষা কৰা হৈছে । অনলাইন চাইবাৰ অভিযোগ দাখিলত সহায় লাভ কৰাৰ বাবে এটা টোল-ফ্ৰী হেল্পলাইন নম্বৰ '1930' কাৰ্যকৰী কৰা হৈছে ।" মন্ত্ৰীগৰাকীয়ে কয় ।

তেওঁ জনায় যে গৃহ মন্ত্ৰালয়ে 'মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (চি চি পি ডব্লিউ চি) আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক তেওঁলোকৰ সক্ষমতা বৃদ্ধি যেনে চাইবাৰ ফৰেনচিক তথা প্ৰশিক্ষণ পৰীক্ষাগাৰ স্থাপন, কনিষ্ঠ চাইবাৰ পৰামৰ্শদাতা নিয়োগ আৰু এল ই এ'ৰ কৰ্মচাৰী, চৰকাৰী অধিবক্তা আৰু ন্যায়িক বিষয়াৰ প্ৰশিক্ষণৰ বাবে ১৩১.৬০ কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়াইছে ।

"৩৩ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত ৰাজ্যত চাইবাৰ ফৰেনচিক তথা প্ৰশিক্ষণ পৰীক্ষাগাৰ আৰম্ভ কৰা হৈছে আৰু ২৪,৬০০-তকৈও অধিক এল ই এ কৰ্মী, ন্যায়িক বিষয়া আৰু প্ৰচিকিউটৰক চাইবাৰ অপৰাধ সজাগতা, তদন্ত, ফৰেনচিক আদিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।" মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক :৬৪ কোটি ইহাত-সিহাত : মধ্যপ্ৰদেশৰ বিধায়কৰ ঘৰত সোমাল অসম আৰক্ষী - Assam Police
লগতে পঢ়ক :কুপৱাৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী, এজন সেনা বিষয়া ছহিদ - Encounter in Kupwara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.