ETV Bharat / bharat

প্ৰকৃততে ঘটিছে কি ? একেদিনাই দেশৰ 41 টা বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি - 41 airports get hoax bomb threat

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 3:08 PM IST

41 Airports get hoax bomb threat: বাৰাণসী, চেন্নাই, পাটনা, জয়পুৰকে ধৰি দেশৰ ৪১ টা বিমানবন্দৰলৈ বোমা বিস্ফোৰণৰ ই-মেইল । ই-মেইল পোৱাৰ পাচতেই তৎপৰতাৰে অভিযান আৰম্ভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষ তথা সুৰক্ষা সংস্থাসমূহে ৷ ইফালে এই ভাবুকিসমূহ "অনিৰ্দিষ্ট" বুলি বিবেচনা কৰিছে বোমা ভাবুকি মূল্যায়ন সমিতিয়ে ৷

41 Airports get hoax bomb threat
একেদিনাই ৪১ টা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১৯ জুন: বাৰাণসী, চেন্নাই, পাটনা, জয়পুৰকে ধৰি দেশৰ মুঠ 41 টা বিমানবন্দৰক ই-মেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ মঙলবাৰে ভাবুকি লাভ কৰাৰ পাচতেই বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে আৰম্ভ কৰে ঘটনাৰ তদন্ত ৷ তদন্তৰ অন্তত এই সকলোবোৰ ভাবুুকি ভুৱা বুলি প্ৰমাণিত হৈছে ৷

নিশা প্ৰায় ১২.৪০ বজাত exhumedyou888@gmail.com আই ডিৰ পৰা ই-মেইল পোৱাৰ পিচত তৎপৰ হৈ পৰে বিমানবন্দৰ কৰ্তৃপক্ষ ৷ টাৰ্মিনেলসমূহত অধিক শক্তিশালী কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা । বাৰাণসী, চেন্নাই, পাটনা, নাগপুৰ, জয়পুৰ, বদোদৰা, কইম্বাটুৰ আৰু জব্বলপুৰ বিমানবন্দৰ ভাবুকি লাভ কৰা বিমানবন্দৰসমূহৰ ভিতৰত অন্যতম ।

লগতে পঢ়ক: দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত বোমাৰ আতংক বিয়পালে কোনে ? - Bomb Threat Delhi To Dubai Flight

৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰথমবাৰৰ বাবে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হৈছিল । সূত্ৰই জনোৱা মতে, এক মে’ত এই গোটটোৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ কেইবাখনো বিদ্যালয়লৈ একেধৰণৰ ই-মেইল প্ৰেৰণ কৰিছিল ৷

বিমানবন্দৰসমূহে লাভ কৰা ই-মেইলসমূহত প্ৰায় একেধৰণৰ বাৰ্তা আছিল: "হেল্ল', বিমানবন্দৰত বিস্ফোৰক লুকুৱাই থোৱা আছে । বোমাবোৰ অতি সোনকালে বিস্ফোৰণ হ'ব । আপোনালোক সকলোৰে মৃত্যু হ'ব" ৷

লগতে পঢ়ক: দিল্লীৰ কেবাখনো বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি অজ্ঞাত চক্ৰৰ - Bomb threat in delhi

সূত্ৰসমূহে জনোৱা মতে, ভাবুকিৰ ই-মেইল লাভ কৰাৰ পাচতেই বিমানবন্দৰ কৰ্তৃপক্ষই লগে লগে তদন্ত আৰম্ভ কৰি ভাবুকিসমূহ ভুৱা বুলি আশ্বস্ত হয় ৷ ইফালে চেন্নাই বিমানবন্দৰৰ পৰা ২৮৬ জন যাত্ৰী লৈ ডুবাইলৈ উৰা মাৰিবলগীয়া বিমানখনৰ যাত্ৰা এই ভাবুকি ই-মেইলৰ ফলত বিলম্ব হয় ।

বিমানখনত বোমা বিস্ফোৰণৰ সতৰ্কবাণী ই-মেইলত পোৱাৰ কিছু সময়ৰ পাচতে নিৰাপত্তা সংস্থাই বিমানখনত পুংখানুপুংখভাৱে তালাচী অভিযান চলায় ৷ কিন্তু বিমানখনৰ ভিতৰত কোনো সন্দেহজনক বস্তু লাভ নকৰাত বিমানখন গন্তব্যস্থানলৈ যাবলৈ দিয়া হয় । জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষইও বোমা বিস্ফোৰণৰ ই-মেইল পোৱাৰ পিচত আৰক্ষী আৰু চি আই এছ এফৰ বিষয়াই তালাচী চলাই যদিও সন্দেহজনক একো নাপালে ।

লগতে পঢ়ক: এইবাৰ বোমা বিস্ফোৰণৰ ভাবুকি আহিল নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়লৈ - Bomb Threat To Home Ministry

মুম্বাই বিমানবন্দৰৰ সূত্ৰই জনোৱা মতে, এই ভাবুকি “অনিৰ্দিষ্ট” হোৱাৰ বাবে সেৱাৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই । নাগপুৰ আৰু পাটনা বিমানবন্দৰৰ কৰ্তৃপক্ষইও পুংখানুপুংখভাৱে তালাচী চলাই যদিও বোমাৰ ভাবুকি ভুৱা বুলিহে প্ৰমাণিত হয় ।

পাটনা বিমানবন্দৰৰ সঞ্চালক আঞ্চল প্ৰকাশে কয় যে, "জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লগতে আন ৪১টা বিমানবন্দৰত ই-মেইলৰ জৰিয়তে বোমাৰ ভাবুকি পোৱা গৈছিল । ইয়াৰ পাচতেই বোমা ভাবুকি মূল্যায়ন সমিতিৰ বৈঠক আহ্বান কৰা হৈছিল আৰু এই ভাবুকি অনিৰ্দিষ্ট বুলি বিবেচনা কৰা হৈছিল ।"

লগতে পঢ়ক: বিমানবন্দৰত বোমাৰ আতংক, এজন গ্ৰেপ্তাৰ - Bomb threat email

সূত্ৰসমূহে জনোৱা মতে, ইয়াৰ পূৰ্বে সোমবাৰে দিল্লী বিমানবন্দৰলৈ পুৱা প্ৰায় ৯.৩০ বজাত এটা ই-মেইল আহিছিল য’ত ডুবাই অভিমুখী বিমানত বোমাৰ ভাবুকিৰ সতৰ্কবাণী দিয়া হৈছিল ৷ কিন্তু তালাচী অভিযানত কোনো সন্দেহজনক বস্তু পোৱা নগ’ল ।

এপ্ৰিল মাহতো কেইবাটাও বিমানবন্দৰলৈ একেধৰণৰ ই-মেইল প্ৰেৰণ কৰা হৈছিল ৷ ভাৰতীয় চাইবাৰ সুৰক্ষা সংস্থাসমূহে সম্প্ৰতি বহিঃৰাষ্ট্ৰৰ পৰা প্ৰেৰণ কৰা এই ই-মেইলসমূহৰ উৎস বিচাৰি কাম কৰি আছে ।

লগতে পঢ়ক: চিকিৎসালয়ত ইমেইলযোগে বোমাৰ ভাবুকি অজ্ঞাত চক্ৰৰ - Bomb Threat Email

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.