ETV Bharat / bharat

ডাউকি চেক পোষ্টেৰে বাংলাদেশৰ পৰা স্থানান্তৰ ৪০৫ ভাৰতীয় শিক্ষাৰ্থী : মেঘালয়ৰ মুখ্যমন্ত্ৰী - Bangladesh Violence

author img

By ANI

Published : Jul 20, 2024, 8:31 AM IST

Indian Students Evacuated From Bangladesh : প্ৰতিবাদৰ হিংসাত জ্বলি থকা বাংলাদেশত অধ্যয়ন কৰি থকা অন্য দেশৰ শিক্ষাৰ্থী তথা আন আন ক্ষেত্ৰত কাম কৰি থকা লোকসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তাৰ মাজতে মেঘালয়-বাংলাদেশ সীমান্ত চকী ডাউকিৰে চাৰি শতাধিক শিক্ষাৰ্থীক দেশলৈ উদ্ধাৰ কৰি অনা হয় । মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই কথা জনাইছে ।

Indian Students Evacuated From Bangladesh
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (ANI Photo)

নিউজ ডেস্ক, ২০ জুলাই : অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে ৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থীক বাংলাদেশৰ পৰা সুৰক্ষিতভাৱে ওভতাই অনা হৈছে । মেঘালয়ৰ ডাউকি ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে তেওঁলোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে এই কথা কয় ।

"আমি বাংলাদেশৰ পৰিস্থিতিৰ বিষয়ে অৱগত । বিশ্বৰ বহু প্ৰান্তৰ বহু শিক্ষাৰ্থীয়ে তাত অধ্যয়ন কৰি আছে । বহু শিক্ষাৰ্থী প্ৰভাৱিত হৈছে । আমি তথ্য পোৱাৰ লগে লগে তৎক্ষণাৎ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু ৪০৫ গৰাকী ভাৰতীয় শিক্ষাৰ্থীক বাংলাদেশৰ পৰা ডাউকিৰে স্থানান্তৰ কৰা হৈছে । তেওঁলোকৰ ভিতৰত মেঘালয়ৰ প্ৰায় 80 গৰাকী । বাকীসকল দেশৰ আন প্ৰান্তৰ । আনহাতে, আমি নেপাল, ভূটানৰো কিছু শিক্ষাৰ্থী আৰু পৰ্যটকক স্থানান্তৰিত কৰিছোঁ । আন্দোলন চলি আছে ।" কনৰাড চাংমাই কয় ।

তেওঁ লগতে কয়, "মেঘালয়ত আমাৰ ইতিমধ্যে নোডেল বিষয়া আছে আৰু আমি ঢাকাত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি আছোঁ । জ্যেষ্ঠ আই পি এছ বিষয়াসকলে প্ৰয়োজনীয় যিকোনো ধৰণৰ চলাচলৰ সুবিধাৰ বাবে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি আছে । ইষ্টাৰ্ণ মেডিকেল কলেজ নামৰ এখন মহাবিদ্যালয়ত 36 গৰাকী শিক্ষাৰ্থী আবদ্ধ হৈ আছে (সংখ্যা ইফাল-সিফাল হ'ব পাৰে) । আমি তাত থকা বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছোঁ । তেওঁলোকে কৈছে যে যেতিয়ালৈকে পথ প্ৰশস্ত কৰাটো নিশ্চিত নহয়, তেতিয়ালৈকে পৰিস্থিতি লক্ষ্য কৰাৰ প্ৰয়োজন ।"

"বহুতো অভিভাৱক শেহতীয়া পৰিস্থিতিৰ বিষয়ে যথেষ্ট চিন্তিত । মই এই কথা ক'ব বিচাৰো যে আমি নিৰন্তৰ যোগাযোগত আছোঁ আৰু মহাবিদ্যালয়খনৰ আশেপাশে পৰিস্থিতি ঠিকে আছে । কিন্তু পথত কিছু পৰিস্থিতি হ'ব পাৰে আৰু সেয়েহে সুযোগ লোৱাটো সম্ভৱ নহয় । যেতিয়ালৈকে আমি নিশ্চিত নহয় যে তেওঁলোকক সুৰক্ষিতভাৱে সীমান্তলৈ আনিব পৰা যাব, তেতিয়ালৈকে আমি পৰিস্থিতি পৰ্যবেক্ষণ কৰিব লাগিব । আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আমি পৰিস্থিতিৰ মূল্যাংকন কৰিম ।" তেওঁ লগতে কয় ।

তেওঁ এই কথাও কয় যে সকলো নাগৰিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ বাবে যথাসম্ভৱ সকলো কৰা হৈছে । "আমি ত্ৰিপুৰাৰ ফালৰ পৰাও সাজু আৰু আমি ত্ৰিপুৰা কৰ্তৃপক্ষ আৰু বাংলাদেশৰ উচ্চ আয়োগৰ সৈতেও যোগাযোগ কৰি আছোঁ, যাতে আমি তাৰ পৰা তাৎক্ষণিকভাৱে আন শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি আনিব পাৰো । সকলো নাগৰিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰিবলৈ আমি আমাৰ সাধ্যানুসাৰে সকলো কৰি আছোঁ । চিকিৎসাৰ পৰা খাদ্য, পৰিবহণ, নিৰাপত্তালৈকে সকলো ক্ষেত্ৰতে আমি ডাউকিত ব্যৱস্থা কৰিছোঁ । আমাৰ ওচৰত হেল্পলাইন নম্বৰো আছে ।" চাংমাই কয় ।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে শুকুৰবাৰে বাংলাদেশৰ ভাৰতীয় নাগৰিকসকলক ঢাকাত ভাৰতীয় উচ্চ আয়োগে জাৰি কৰা পৰামৰ্শ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । তাত কোৱা হৈছে যে কোটা সন্দৰ্ভত হিংসাত্মক প্ৰতিবাদৰ মাজত তেওঁলোকে স্থানীয় ভ্ৰমণ পৰিহাৰ কৰিব লাগে ।

বিদেশ মন্ত্ৰণালয়ৰ পৰামৰ্শত কোৱা হৈছে যে ভাৰতীয় নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় যিকোনো সহায়ৰ বাবে উচ্চ আয়োগ আৰু সহকাৰী উচ্চ আয়োগ হেল্পলাইন নম্বৰত উপলব্ধ হ'ব । লগতে তেওঁলোকক ঘৰৰ পৰা ওলোৱাটো যিমান পাৰি কমাবলৈ পৰামৰ্শ দিয়া হয় । এক্স পোষ্টত বিদেশ মন্ত্ৰণালয়ে কয়, "বাংলাদেশত ভাৰতীয় নাগৰিকসকলক ঢাকাত ভাৰতৰ উচ্চ আয়োগে জাৰি কৰা পৰামৰ্শ অনুসৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে । ভাৰতীয় নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় যিকোনো সহায়ৰ বাবে উচ্চ আয়োগ আৰু সহকাৰী উচ্চ আয়োগ হেল্পলাইন নম্বৰত উপলব্ধ থাকিব ।"

লগতে পঢ়ক :শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ - Bangladesh violence
লগতে পঢ়ক :গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ - Israel Gaza conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.